জন ডেভিচন ৰকফেলাৰ (জ্যেষ্ঠ)ৰ বিষয়ে পঢ়ি আছিলো। আমেৰিকাৰ এইগৰাকী ব্যক্তি আছিল এগৰাকী বিখ্যাত ব্যৱসায়ী যাক আধুনিক ইতিহাসৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে মান্যতা দিয়ে। জীৱনৰ শেষৰ সময়খিনি প্ৰায় অৱসৰী জীৱন যাপন কৰিছিল এইগৰাকী সমাজহিতৈষী ব্যৱসায়ীয়ে।
এবাৰ তেখেতেক কোনোবাই সুধিছিল- ‘আপুনি কিহৰ বাবে আটাইতকৈ বেছি অনুশোচনা কৰে?’
তেওঁৰ উত্তৰ আছিল- ‘মই মোৰ ল’ৰা-ছোৱালীক ডাঙৰ হোৱা ভালদৰে দেখা নাপালো আৰু তাৰ বাবে মই বহুত অনুশোচনা কৰোঁ। মই বহুত কাম কৰিছিলো ব্যৱসায়ী বৃদ্ধিৰ বাবে আৰু সেয়ে পৰিয়ালৰ বাবে সময় দিব নোৱাৰিলো, মই মোৰ ল’ৰা-ছোৱালীক ডাঙৰ হোৱা গমেই নাপালোঁ। এই কথাটোৱে এতিয়াও মোক বহুত অনুতপ্ত কৰি তোলে।‘
কথাটো আমাৰ বাবেও চাগে কেতিয়াবা প্ৰযোজ্য হ’ব।