আপুনি বাৰু কেতিয়াবা নিজৰ মৃত্যুৰ খবৰ নিজে পাইছেনে ! ভাৱিছে চাগে- ই জানো সম্ভৱ ! ২২ মাৰ্চ ২০২১ তাৰিখৰ কথা, ৰাতিপুৱা ১০ টা মান বজাত পেহীৰ লৰাটোৱে ফোন কৰিলে, প্ৰথম বাৰ ৰিচিভ কৰিব নোৱাৰিলো, দ্বিতীয় বাৰ ৰিচিভ কৰিলো । সিপিনে অলপ কপি উঠা কণ্ঠ । সি অলপ স্বস্তিৰ নিস্বাস পেলালে । তাক হেনো তাৰ কোনোবা আত্মীয়ই ফোন কৰি কৈছে- ‘তহতৰ প্ৰাঞ্জলক কোনোবাই হত্যা কৰিছে’ । টিভিত দি আছে নগৰবেৰাৰ প্ৰাঞ্জল কলিতা, যি কৰ্মসূত্ৰে গুৱাহাটীত থাকে- তাক হত্যা কৰা হৈছে । তাৰ হেনো কি কৰো কি নকৰো অৱস্থা, ঘৰত ফোন কৰিবলৈ তাৰ সাহস নহ’ল, মোকেই ফোন কৰিলে । যদি ফোন ৰিচিভ কৰে তেতিয়া জীৱিত নহলে হয়তো কিবা এটা অঘটন হৈছে । অলপ পিছত আৰু এজন বন্ধুৱে ফোন কৰিলে- বন্ধুৱে ফোন কৰিবই পাৰে । মই ফোন ৰিচিভ কৰিলো-সি বেলেগ কিবা কথা অপ্ৰস্তুত ভাৱে আৰম্ভ কৰি – কি কম কি নকম বুলি কৈয়ে দিলে, টিভিত এটা বাতৰি ওলাইছে আৰু যি বৰ্ণনা দিছে সম্পূৰ্ণ মোৰ লগত মিলি আছে । গুৱাহাটীৰ বেলতলাত মোৰ কৰ্মসূত্ৰে যোৱা হয়, থকা ভাড়াঘৰো বেছি দূৰ নহয় । আৰু নগৰবেৰাৰ দৰে এখন ঠাইত প্ৰায় সকলোৱে সকলোকে চিনি পায় । মোৰ বন্ধুজনেওঁ টিভিত নিজে দেখা নাই- তাৰ শহুৰৰ পৰিয়ালৰ কোনোবাই টিভিত দেখি তাক ফোন কৰিছে । এইবাৰ মই টিভিৰ বাতৰিতো চালো- হয়, খবৰ আহি আছে – ‘গুৱাহাটীত কৰ্মৰত নগৰবেৰাৰ প্ৰাঞ্জল কলিতাক হত্যা’ । দিনটোত সিদিনা প্ৰায় ১০ টা মান এনেকুৱা ফোন আহিল, যিয়ে হয়তো মোক সদায় ফোনো নকৰে, কিন্তু মোৰ প্ৰতি হয়তো অন্তৰত এক মৰম ৰাখে । মোৰ মৃত্যৰ খবৰ নিশ্চয় মই নিজেই দিব নোৱাৰিম, কিন্তু কিবা এটা ভাৱি চাগে মোৰ ফোনত ফোনটো ডায়েল কৰি চালে । কেইগৰাকীমান বন্ধুৱে হোৱাটছএপত মেছেজ দিছে- কি খবৰ বুলি । মই যেতিয়া পলমকৈ হলেওঁ মেছেজৰ ৰিপ্লাই দিছো- তেতিয়া খোলাখুলিকৈ কৈয়ে দিলে সেই খবৰটোৰ কথা । সিদিনাখন পিছলৈ কিছুমান ফোন আৰু মেছেজ আহিলে মই বুজি পোৱা হলো যে মোৰ মৃত্যুৰ খবৰ নিশ্চয়কৈ পাই খবৰ লৈছে । অফিছত পিছদিনা মোক ছাৰে কলে- যোৱাকালি টিভিত বাতৰিটো দেখি চিন্তিত হৈছিলো- কিন্তু ভাৱি আছিলো আমাৰ প্ৰাঞ্জল হোৱা হলে কিবা খবৰ নিশ্চয় পালোহেতেন ।
পিছত খবৰটো পালো- আমাৰ ওচৰৰে গাওৰ প্ৰাঞ্জল কলিতা, যি কৰ্মসূত্ৰে গুৱাহাটীৰ বেলতলাত ব্ৰয়লাৰ মাংস দোকান এখনত কাম কৰে- তাক কোনোবাই হত্যা কৰিলে । সকলো মৃত্যুই দুখ দিয়ে আৰু এনে হত্যাকাণ্ড সদায় গৰিহনাৰ যোগ্য । মৃতকৰ আত্মাই সদগতি পাওক আৰু দোষীয়ে উচিত শাষ্টি পাওঁক ।
মোৰ মৃত্যৰ খবৰ মই যেতিয়া নিজেই দেখিছিলো বা শুনিছিলো- বন্ধু-আত্মীয়বোৰে যেতিয়া খবৰ লৈছিল- মোৰ কেনেকুৱা ভাৱ হৈছিল মই বুজাব নোৱাৰিম কিন্তু ভাল লাগিছিল । ক্ৰিকেট খেলত বেটিং কৰি থাকোতে ফিল্ডাৰ জনে যদি বেটছমন জনৰ ‘কেটচ’ মিছ কৰে বেটছমনে যে জীৱনদান পাই সেই তেনেকুৱা অনুভৱৰ দৰে আছিল কিছু । এটা আত্মবিশ্বাস আহিছিল- মই ইমান সোনকালে মৰিব নোৱাৰো- বহুত কাম কৰিবলৈ এতিয়াওঁ বাকী আছে । ইংৰাজীত এষাৰ কথা আছে- ‘You have never lived until you have almost died’. এবাৰ মিজোৰামত থাকোতে পাহাৰৰ তলৰ সুৰংগত পিছলি পৰি মৃত্যুক ওচৰৰ পৰা দেখি আহিছো- লিখিম কেতিয়াবা সেই কাহিনী । যিয়েই নহওঁক জীৱন উদযাপন কৰিবই লাগিব সচা মৃত্যৰ খবৰ অহাৰ আগতে ।