ইচ্ছা থাকিলেই নহ’ব, দৃঢ়তাও থাকিব লাগিব

APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল সমূহ ঘোষনা কৰাৰ দিনা, মনলৈ ভাৱ আহে ময়ো অহাবাৰ APSC পৰীক্ষা দিম, ভালকৈ পঢ়ি দিম। এনেকুৱা চিন্তা চাগে মোৰ দৰে বহুতৰে মনত আহে কিন্তু তিনি-চাৰি দিন বা বৰ বেছি একসপ্তাহ মান হৈ যোৱাৰ পিছত লাহে লাহে পাহৰিব আৰম্ভ কৰো। যেতিয়া পিছৰ বছৰত আকৌ পৰীক্ষাৰ বাবে জাননী প্ৰকাশ পাই আকৌ ভাৱো অহাবাৰ ভালকৈ দিম। ব্যতিক্ৰম সকলোতে থাকে কিন্তু যিসকলে এই পৰীক্ষা পাছ কৰে তেওঁলোকৰ মেধা আৰু দৃঢ়তা সচাকৈ শলাগ লবলগীয়া। সপোন আমি সকলোৱে দেখো ডাঙৰ চাকৰি কৰাৰ বা ভাল চাকৰি কৰাৰ কিন্তু সেই সপোন বাস্তৱায়ন কৰিবলৈ আমি দৃঢ়তা নাৰাখো। মই কেন্দ্ৰীয় আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা বহু কেইজনক ব্যক্তিগত ভাৱে চিনি পাওঁ, তেওঁলোকে এই পৰীক্ষাত সফলতা পাবৰ বাবে বহু ত্যাগ স্বীকাৰ কৰে আৰু ধৈৰ্য্য আৰু একাগ্ৰতাৰে লাগি থাকে । যেতিয়াই পৰিকল্পিত ভাৱে আগবাঢ়িব আৰু ধৈৰ্য্য ৰাখিব তেতিয়া সফলতা আহিবই। ৰাতিপুৱা শুই উঠিবলৈ সকলোৰে এলাহ লাগে, ফেচবুক-হোৱাটছআপ কৰি সকলোৱে হয়তো ভাল পাওঁ অথবা বিয়া-সবাহ-পাৰ্টী বাদ দি কেৱল কিতাপ পঢ়ি থাকিবলৈ কাৰো ভাল নালাগে, কিন্তু যিকেইজনে সফল হৈছে তেওঁলোকে ৰাতিপুৱা উঠিব এলাহ লাগিলেও সময়ত নিয়মিত ভাৱে উঠিছে, ফেচবুকত সময় সীমিত কৰি দিছে, মন গলেও বিয়া-পাৰ্টী ইত্যাদিত অনুপস্থিত থাকি পঢ়া-শুনা নিয়মিত ভাৱে কৰিছে। আমি অসফলবোৰৰ কিমান যে বাহানা- পইচা নহলে চাকৰি নাপায়, কৰ্মব্যস্ততাৰ মাজত প্ৰস্তুতিৰ সময় নাপাওঁ, কোচিং কৰিবলৈ ভাল সুবিধা নাই ইত্যাদি ইত্যাদি।


শেতুৱৈ ধৰা শীতৰ ৰাতি টোপনি ক্ষতি কৰি যেতিয়া সিহঁতে কিতাপ পঢ়ে আমি লেপৰ তলত হোৱাটছএপত প্ৰেমাস্পদৰ লগত টোপনি ক্ষতি কৰো, গৰমৰ দিনত মহৰ কামোৰ খাই  সিহতে যেতিয়া বুৰঞ্জী পঢ়ে আমি তেতিয়া বিগ-বছ চাওঁ। সফল জনে মন নগলেও কৰে, ভাল নাপালেও পঢ়ে কাৰণ তেওঁলোকে অসামৰিক সেৱাত যোগদান কৰাৰ  কেৱল  এটা ইচ্ছা নাৰাখে, ইচ্ছাক বাস্তৱ ৰূপ দিয়াৰ দৃঢ়তাও ৰাখে। দৰিদ্ৰতা বা মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কম নম্বৰ যে কোনো কাৰণতে বাধা নহয় সেয়াটো বাৰে বাৰে প্ৰমাণিত হৈ আহিছে। APSC বা অসম লোকসেৱা আয়োগৰ ফলাফল এটা উদাহৰণ মাত্ৰ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…