ইণ্টাৰভিউ দিওঁতে কিছু মন কৰিবলগীয়া কথা

            চাকৰিৰ ইণ্টাৰভিউ বা সাক্ষ্যাতকাৰ হয়তো বহুতেই ইতিমধ্যে দিছে বা বহুতেই এতিয়ালৈকে দি পোৱা নাই । ইণ্টাৰভিউ দিয়া বহুতেই হয়তো সফল ভাৱে উত্তীৰ্ণ হৈছে আৰু বহুতেই সফলতা পোৱা নাই । মই এতিয়ালৈকে ১২ টা ইণ্টাৰভিউ দিছো (টেলিফ’নিক ইণ্টাৰভিউ বাদ দি) আৰু তাৰ ৮ টা ইণ্টাৰভিউ সফলতাৰে উত্তীৰ্ণ হৈছো । ইয়াৰ উপৰিওঁ দুবাৰ ইণ্টাৰভিউ বোৰ্ডৰ সদস্য হোৱাৰ অভিজ্ঞতা লভিছো । ইণ্টাৰভিউত সফলতা লাভ কৰা কোনো নিৰ্দিষ্ট ফৰ্মূলা নাই, কিন্তু অভিজ্ঞতাৰ পৰা লিখিব খুজিছো কিছু কথা ।

১) যদি লিখিত পৰীক্ষাৰ পিছত ইণ্টাৰভিউ থাকে তেন্তে ইণ্টাৰভিউত জ্ঞানৰ পৰীক্ষা বিশেষ কৰা নহয়, নিয়োগকৰ্তাৰ (Employer) ৰ প্ৰয়োজন কোন গৰাকী প্ৰাৰ্থীয়ে পূৰাব পাৰিব সেয়া লক্ষ্য কৰা হয় ।

২) প্ৰশ্নৰ উত্তৰ কি দিছে তাতকৈ কেনেকে দিছে সেয়া অধিক গুৰুত্বপূৰ্ণ ।

৩) প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে ভাৱি-চিন্তি এইবাবেই দিব লাগে, নহলে পৰৱৰ্ত্তী প্ৰশ্নত হয়তো নিজৰ উত্তৰত নিজেই বান্ধ খাই যাব ।

৪) সকলো প্ৰশ্নৰ উত্তৰ জনা সম্ভৱ নহব পাৰে, ভুল উত্তৰ দিয়াতকৈ নাজানো বুলি কোৱাটো অধিক ফলপ্ৰসূ । কিবা প্ৰশ্ন ভালকৈ বুজি নাপালে, আকৌ এবাৰ সুধিব পাৰে ।

৫) কিধৰণে আপুনি নিজকে উপস্থাপন কৰিছে সেয়া বহুত গুৰুত্বপূৰ্ণ । সাজ-পোচাক মাৰ্জিত, ভদ্ৰ ব্যৱহাৰ আৰু মাৰ্জিত শব্দৰ প্ৰয়োগ আদি উল্লেখযোগ্য । নিজৰ লগত নিয়া ডকুমেণ্টৰ ফাইলটো নিজৰ কোলাতে ৰাখিব আৰু ডকুমেণ্টবোৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি এটা ক্ৰমত সজাই নিব যাতে চাব বিচাৰিলে সহজে দেখাব পাৰে ।

৬) উত্তৰ দিওঁতে স্পষ্ট আৰু আত্মবিশ্বাস ফুটি উঠিব লাগে, অলাগতিয়াল কথা বা যদি বাখ্যা বিচৰা নাই তেন্তে দীঘলীয়া উত্তৰ নিদিয়াটোৱে মংগল ।

৭) যিটো পদৰ বাবে ইণ্টাৰভিউ দিছে তাৰ বিষয়ে আৰু নিয়োগকাৰী সংস্থাটোৰ ওঁপৰত জ্ঞান থকাটো বাঞ্চনীয় ।

৮) যদি নিয়োগ প্ৰক্ৰিয়াটোত কেৱল ইণ্টাৰভিউ থাকে তেন্তে পদবীৰ লগত খাপ খাব পৰা সাময়িক ঘটনা-প্ৰৱাহ আৰু বিষয়বস্তু বা যি বিষয়ত কলেজ বা ইউনিভাৰ্ছিটিত পঢ়া-শুনা কৰিছে তাৰ ওপৰত দখল থকাটো আশা কৰে ।

৯) যদি ইতিমধ্যে কোনো পদবীত চাকৰি কৰি আছে তেন্তে অভিজ্ঞতাৰ কথা আৰু বৰ্তমানৰ চাকৰিৰ কথাটো প্ৰায়ে সোধা দেখা যায় ।

১০) ইণ্টাৰভিউ বোৰ্ডৰ ব্যক্তি গৰাকীয়ে কি দৃষ্টিভংগীৰ পৰা প্ৰশ্নটো সুধিছে সেয়া জানিব পাৰিলে উত্তৰটো দিব বহুত সুবিধা হয় ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…