ইনফ’চিচ কোম্পেনীত চাকৰিৰ অভিজ্ঞতা

পঢ়ি থকা দিনত সকলোৰে নিশ্চয় এটা সপোন থাকে, পঢ়ি শুনি এটা ভাল চাকৰি কৰিম, নিজকে প্ৰতিস্থা কৰিম আৰু বহুত উপাৰ্জন কৰিম। অমি নিজে বহুত সপোন দেখো- ডাক্তৰ হ’ম, ইঞ্জিনিয়াৰ হ’ম, প্ৰফেছৰ হ’ম, পাইলত হ’ম ইত্যাদি। বাহিৰৰ পৰা আমি বহু চাকৰিয়াল দেখিছো কিন্তু কৰ্মস্থলীৰ ভিতৰত সোমাই কেতিয়াও দেখা নাই। সকলোৰে চাকৰি কৰাৰ উদ্দেশ্য বা চাকৰিৰ পৰা বিচৰা বিনিময় কিছু পৰিমাণে বেলেগ বেলেগ। কিন্তু সকলোৱে চাকৰি কৰি সুখ বিচাৰে বা নিজৰ মন পছন্দৰ কাম কৰিব বিচাৰে। সকলো ধৰণৰ চাকৰিৰে এটা নিজা চৰিত্ৰ বা কৰ্মপদ্ধতি থাকে আৰু প্ৰতিটো পদবীৰে সুকীয়া সুকীয়া দায়িত্ব আৰু গুৰুত্ব থাকে।

মোৰ প্ৰথম চাকৰি ইনফ’চিচ কম্পেনীত। ২০০৭ চনত মই ইনফ’চিচ বিপিঅ’ (Infosys BPO) ত টেকনিকেল এডভাইজাৰ (Technical Advisor) হিচাপে যোগদান কৰিছিলো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত স্নাতকোত্তৰ শিক্ষা গ্ৰহন কৰি থকা সময়তে তৃতীয় ষান্মাষিকতে আমাৰ কেম্পাছ প্লেছমেণ্ট (Campus Placement) হৈছিল অৰ্থাৎ পঢ়া শেষ নহওঁতেই মোৰ হাতত এটা চাকৰি আছিল। আমি কম্পিউটাৰ বিজ্ঞান পঢ়া ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰী চাকৰিত কৈ ডাঙৰ বহুজাতিক কোম্পেনীত চাকৰি কৰাটোতহে বেছি উৎসাহী আছিলো। ইনফ’চিচ কোম্পেনী তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত এক প্ৰতিষ্ঠিত কোম্পেনী আৰু বহুতৰে বাবে ইয়াত ট্ৰেইনিং আৰু চাকৰি কৰাৰ সপোন থাকে। জীৱনৰ প্ৰথম চাকৰি পঢ়া শেষ নহওঁতে, সেয়ে মই নিজে বহুত সুখী আৰু গৌৰৱান্বিত হৈছিলো। অৱশ্যে বিপিঅ’ ত কি কাম কৰিব লাগিব সেয়া মোৰ জ্ঞাত নাছিল। যিয়ে নহওঁক M.Sc. ৰ চুড়ান্ত ষান্মাষিকৰ পৰীক্ষা দি উঠি ৰিজাল্ট দিয়াৰ আগতে ইনফ’চিচত যোগদান কৰিলো। কৰ্ণাটকৰ মহীশূৰত (Mysore) থকা ট্ৰেইনিং চেণ্টাৰত জইন কৰি হোৱা অনুভৱ কেতিয়াবা অন্য ঠাইত লিখিম। ইনফ’চিচৰ মহীশূৰত থকা ট্ৰেইনিং চেণ্টাৰৰ কথা যিয়ে জানে বা আপোনালোকেওঁ অলপ গুগলত বিচাৰিলে গম পাব- পৃথিৱীত এনে বহু কম ট্ৰেইনিং চেণ্টাৰ আছে, য’ত বিধে বিধে খেলপথাৰ, পুথিভড়াল, চুইমিং পুল, মাল্টিপ্লেক্স, হোষ্টেল, হাজাৰ হাজাৰ চাইকেল, দেশ-বিদেশৰ প্ৰশিক্ষাৰ্থী ইত্যাদি ইত্যাদি আছে। আমাৰ বেটছত আমি ৩২ গৰাকী নৱাগত আছিলো, অসমৰ পৰা কেৱল মই আছিলো সেইটো বেটছত। আগষ্ট মাহৰ কোনোবা এটা দিনত আমাৰ ট্ৰেইনিং আৰম্ভ হৈছিল।

প্ৰথমতে ইংৰাজী ভাষাকলৈ কিছু সমস্যা হৈছিল, মই ইংৰাজী লিখিব পাৰো কিন্তু কব নোৱাৰো ভালকৈ। লাহে লাহে কব পৰা হলো- কিন্তু বুজিবলৈ অলপ সমস্যা। আমি ইংৰাজীত যেতিয়া পঢ়িছিলো তেতিয়া বিষয়বস্তুক লৈহে ইংৰাজী শব্দবোৰ শিকিছিলো কিন্তু সাধাৰণ কথোপকথনৰ বাবে ইংৰাজীত প্ৰয়োজন হোৱা শব্দবোৰ ইমান নাজানিছিলো আৰু তাৰ মানুহবোৰৰ উচ্চাৰণৰ ধৰণো অলপ বেলেগ হয়। যিয়ে নহওঁক এক সপ্তাহ- দহ দিন মানৰ ভিতৰত ইংৰাজী ভালদৰে আয়ত্ত কৰি ললো। ট্ৰেইনিঙ বোৰত ইংৰাজী কোৱা ধৰণ বা শৈলীৰ ওপৰত গুৰুত্ব দিছিলে, তাতেই বিভিন্ন ধৰণৰ ব্যৱহাৰিক কলা যাক ইংৰাজীত Soft Skill বুলি কোৱা যায় সেয়া শিকিব পাৰিছিলো আৰু নিজকে স্মাৰ্ট অনুভৱ হৈছিল। শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা এক অভিন্ন অংগ আছিল, পিন্ধন-উৰণত নিয়ম ধৰি দিয়া আছিল, সপ্তাহত সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ ফৰ্মেল ড্ৰেছ তাৰে প্ৰথম দুদিনত নেক-টাই বাধ্যতামূলক আছিল আৰু শুক্ৰবাৰে শালিনতা ৰক্ষা কৰি কেজুৱেল ড্ৰেছো পিন্ধিব পাৰিছিল। নিজকে অলপ চাহাবী চাহাবী ঢং এটা আহি গৈছিল। তেতিয়ালৈকে কেৱল ট্ৰেইনিং, খেলা-ধূলা, খোৱা আৰু শুৱা চলি থাকিল।

একমাহৰ ট্ৰেইনিঙৰ শেষত মোৰ প্ৰথম পোষ্টিং মহাৰাষ্ট্ৰৰ পুনেত থকা ইনফ’চিচৰ কেম্পাছত হ’ল। যিসকলে বিপিঅ’ত কাম কৰা নাই তেওঁলোকৰ বাবে লিখিব খুজিছো- বিপিঅ’ত কোনো বেলেগ সংস্থা বা কোম্পেনীৰ হৈ কাম কৰিব লাগে। মই ইনফ’চিচৰ কৰ্মচাৰী যদিও মই বৃটিছ টেলিকম নামৰ কোম্পেনীটোৰ হৈ কাম কৰিছিলো। বৃটিছ টেলিকমৰ কাম সমূহ ইনফ’চিচ কোম্পেনীয়ে লৈ লৈছে আৰু আমি বৃটিছ টেলিকম কোম্পনীৰ হৈ কাম কৰিব লাগে, এনেদৰে আমি একেলগে ট্ৰেইনিং লোৱা সকলোৱে বেলেগ বেলেগ ক্লায়েণ্টৰ হৈ কাম কৰিব লাগে। কিছুমানৰ ভইচ প্ৰচেছ বুলি কয়, মানে টেলিফোনত কল-চেণ্টাৰৰ দৰে কাম কৰিব লাগে আৰু কিছুমানৰ টেকনিকেল বা ডাটা প্ৰচেছ বুলি কয়। মই টেকনিকেল বিভাগত আছিলো। যিহেতু মই Virtually বৃটিছ টেলিকমৰ কৰ্মচাৰী, মোৰ অফিছ টাইমিং ভাৰতীয় সময় মতে দুপৰীয়া দুটা বজাৰ পৰা আৰম্ভ হৈছিলে, সেইটো সময়ত বৃটেইনত ৰাতিপুৱা প্ৰায় চাৰে -ন বাজিছিলে। আকৌ এইবাৰ ট্ৰেইনিং আৰম্ভ হ’ল  নিৰ্দিষ্ট বিষয়ৰ ওপৰত, অনলাইন যোগে লণ্ডনৰ পৰা ট্ৰেইনিং দিলে, বৃটিছ ইংৰাজী শিকিবলগীয়া হ’ল আকৌ। কিন্তু ইমান কঠিন নহল। মোৰ বিশ্বাস আমি যদিও অসমীয়া মাধ্যমত পঢ়িছো – মাধ্যম মোৰ বাবে একোতে বাধা হোৱা নাই  আৰু মাধ্যমটো কেৱল ভাৱ বিনিময়হে। পৃথিৱীৰ সকলো দেশৰে নাগৰিকৰ ইংৰাজী উচ্চাৰণৰ ধৰণ বেলেগ বেলেগ, গতিকে কোনটো শুদ্ধ বুলি একে আষাৰতে কোৱা দিকদাৰ। স্পষ্ট আৰু শুদ্ধকৈ শব্দ আৰু বাক্য কব পাৰিলে বাকী খিনি সময়ত নিজে নিজে গঢ় লব। বৃটিছৰ উচ্চাৰণ শৈলী ভাৰতীয়তকৈ অলপ বেলেগ, কিন্তু বাকী ইংৰাজী মাধ্যমত পঢ়াবোৰে যেনেকে কৈছে মইও এটা সময়ত তেনেকৈ কব পৰা হ’লো- বিষয়বস্তুৰ ওপৰত জ্ঞান অধিক গুৰুত্বপূৰ্ণ। লাগে কেৱল ইচ্ছা আৰু দৃঢ়তা।

পুনেৰ হিঞ্জেবাড়ি অঞ্চলত কেবাটাওঁ আই,টি কোম্পেনী। ইনফ’চিচ, উইপ্ৰো, টিচিএচ, কগনিজেণ্ট ইত্যাদি। হাজাৰ হাজাৰ যুৱক-যুৱতী, হাজাৰ হাজাৰ কম্পিউটাৰ ইঞ্জিনীয়াৰ বাছৰ পৰা নামি আহে একেলগে, ২৪ ঘণ্টাই চলি থাকে এই কোম্পেনীবোৰ। শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি, হাই স্পীড ইণ্টাৰনেটত কাম কৰাৰ এক সুকীয়া পৰিৱেশ। কামৰ সময়ত কেৱল কাম। ২০০৭ চনত মোৰ দৰমহা আছিল দহ হেজাৰ টকা, তেতিয়া অসমৰ পৰা চাকৰি কৰিব যাওঁতে দহ হেজাৰ টকা ভাল দৰমহা আছিল। গুৱাহাটীত কোম্পেনীত তেতিয়া ইমান দৰমহা নিদিয়ে বা অন্য স্কুল-কলেজত কৰিলেওঁ ইমান দৰমহা দিয়া নাছিল ( চৰকাৰী চাকৰিৰ কথা বেলেগ)। পুনেত নিজাকে ভাৰাঘৰ লব লগা হ’ল। ব্ৰোকাৰ লগাই ঘৰ বিচাৰিলো, কম ভাড়াৰ ঘৰ পাবলৈ দিকদাৰ। আমি একেলগে কাম কৰা ৬ জন মিলি এটা দুটা ৰুমৰ ঘৰ ভাড়াত ললো- মাহত দহ হাজাৰ টকা, তেতিয়া বুজিলো গুৱাহাটী আৰু পুনেত টকাৰ মূল্য যে একে নহয়। কাঠৰ পালেং বা বিচনা কিনা সহজসাধ্য নহয়, মাটিতে তুলি পাৰি বিচনা কৰিলো। এনেদৰে আৰম্ভ হ’ল চাকৰি জীৱন। মোৰ দৰেই বেছিভাগৰেই একেই অৱস্থা। কেতিয়াবা নিজে ৰান্ধো, কেতিয়াবা ডাব্বাআলাই টিফিন দিয়ে নহলে বাহিৰত খাওঁ, এক ব্যস্ততাপূৰ্ণ জীৱন। প্ৰায় সকলোৰে একে অৱস্থা। দৰমহা অসমত থাকি দেখিবলৈ বেছি যেন লাগে যদিওঁ খৰছ হিচাপ কৰিলে জমাৰ ঘৰত একেই থাকে।

কাম কৰি কিন্তু ভালেই লাগি থাকিল,  ভাল কাম কৰিলে বোনাছ, পাৰ্টী প্ৰায়ে হৈ থাকে- যিয়ে অধিক কাম কৰিবলৈ প্ৰেৰণা দিয়ে। ভাল কাম কৰা জনৰ কদৰ আছে, বোনাছ বা প্ৰমোছনৰ বাবে বা ছুটিৰ বাবে কাকো খাটনি ধৰিব নালাগে। সময়ত আহিব লাগে আৰু সময়ত যাবওঁ লাগে, সময়ত কৈ বেছি সময় কাম কৰাটো ইনফ’চিচত বিচৰা নাছিল। ৰাতি ডিউটি কৰিলে অলপ অতিৰিক্ত পইচা দিয়ে। কামৰ শেষত শুব পৰাকৈ, সাতুৰিব পৰাকৈ, পঢ়িব পৰাকৈ, খেলিব পৰাকৈ বা ব্যায়াম কৰিব পৰাকৈ সুবিধা আছিল। মোৰ বিপিঅ’ৰ পৰা টেকন’লজিলৈ যোৱাৰ কথা আছিল কিন্তু হঠাৎ দেশলৈ অহা আৰ্থিক মন্দা (Recession) পৰিস্থিতিৰ বাবে সেয়া হৈ নুঠিল। বৃটিছ ক্লায়েণ্টক ২৪ ঘণ্টাই সেৱা আগবঢ়াব লাগে; সেয়ে কেতিয়াবা ৰাতিপুৱা ৬ টাৰ পৰা, কেতিয়াবা দুপৰীয়া ২ টাৰ পৰা আৰু কেতিয়াবা নিশা ১০ টাৰ পৰা ডিউটি আৰম্ভ হয়, ঘৰৰ পৰা নিবলৈ কোম্পেনীৰ গাড়ী পঠিয়াই দিয়ে। ৰাতিপুৱা বা ৰাতি ডিউটিত ফৰ্মেল ড্ৰেছ পিন্ধি-টাই মাৰি যাবলৈ প্ৰথমতে অলপ আখেজা লাগিছিল যদিওঁ পিছলৈ সহজ হৈ পৰিল। ইনফ’চিচ টেকন’লজি আৰু ইনফ’চিচ বিপিঅ’ৰ মানুহ বোৰৰ মাজত এটা ব্যৱধান লক্ষ্য কৰিছিলো- টেকন’লজিৰ মানুহখিনিয়ে অকণমান আধিপত্য বজাই ৰাখে যেন অনুভৱ হৈছিল। আমাৰ এটা ২০-৩০ জনীয়া টীমত একোজনকৈ টীম-লিডাৰ থাকে, টীম-লিডাৰ জন অভিজ্ঞ আৰু জ্যোষ্ঠ হয়। প্ৰথম টীম-লিডাৰ গৰাকীয়ে বহুত মৰমেৰে আমাক কাম শিকাইছিল, ভাল লাগিছিল। এদিন টীম-লিডাৰ সলনি হ’ল, এজন নতুন টীম লিডাৰ আহিল- তেওঁৰ মুখৰ কথাৰ লেকাম নাই। অলপ ভুল বা দেৰি হলেই বেয়া ভাষাৰে গালি পাৰে বা অন্য কথাটো আমাৰ বাবে অভিধানে বৰ্খাস্ত কৰা শব্দবোৰ ব্যৱহাৰ কৰে- যিবোৰ গালি শুনাত আমিবোৰ সিদ্ধহস্ত বা পৰিচিত নহয়, কাট মাৰি কথা কোৱা স্বভাৱ এটা আছিল তেওঁৰ। লাহে লাহে সংঘাট আৰু মনোমালিন্য বাঢ়ি আহিল। নতুন চাকৰিৰ খবৰ লবলৈ আৰম্ভ কৰিলো।

ইনফ’চিচত কাম কৰি কেইটামান অভিজ্ঞতা হ’ল আৰু কিছু কথা শিকিলো। তাৰে কেইটামান তলত উল্লেখ কৰিলো।

ক) কৰ্ম সংস্কৃতি- মানুহবোৰ সময়মতে কামলৈ আহে আৰু সময়মতে কামৰ পৰা গুচি যায়। সম্পূৰ্ণ শৃংখলাবদ্ধ ভাৱে কামবোৰ চলি থকা দেখিলে ভাল লাগে। হেজাৰ-হেজাৰ বিষয়া-কৰ্মচাৰী, কিন্তু কতো আউল নলগাকৈ সকলোৱে নিজৰ কাম নিজে কৰি গৈছে। নজনা কামটো- জ্যোষ্ঠ জনে শিকাই দিছে, টীম-ৱৰ্ক এটা ডাঙৰ শিকনি। কেতিয়াবা যদি অতিৰিক্ত কাম কৰিবলগীয়া হয় তেতিয়া তাৰ বাবে অতিৰিক্ত মাননিৰ ব্যৱস্থা আছে।

খ) ফীচ-ফিলোচ’ফী (Fish Philosophy)- ট্ৰেইনিঙৰ সময়ত আমেৰিকাৰ এখন মাছৰ বজাৰ এখনৰ পৰা জন্ম লোৱা দৰ্শন এটা আমাক খেল এটাৰ মাজেৰে শিকাইছিল।  কৰ্মক্ষেত্ৰত কেনেকৈ সতেজ আৰু সপ্ৰতিভ হৈ থাকিব পাৰি, কাম কৰা সময়ত কেনেকৈ নিজকে ফূৰ্ত্তিত ৰাখিব পাৰি বা ভাগৰি নপৰাকৈ কাম কৰি কেনেকে আনন্দ লভিব পাৰি সেয়া আছিল এই ফিলোচ’ফী বা দৰ্শনৰ মূল বিষয়। এই দৰ্শন আমি কাম কৰা সময়ত বহুত প্ৰযোজ্য হৈছিল। আমনি নলগাকৈ কাম কৰিব পৰা আৰু কামৰ মাজতে সুখ লাভ কৰিব পৰা এই দৰ্শনটোৱে এতিয়াওঁ অনুপ্ৰানিত কৰি ৰাখে।

গ) প্ৰতিযোগিতাসুলভ মনোভাৱ: ইয়াৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে মন লগাই কাম কৰে আৰু যিমান পাৰে পাৰদৰ্শী হবলৈ চেষ্টা কৰে যাতে নিজৰ পদোন্নতি বা বোনাছ আদি সোনকালে পাই। ব্যতিক্ৰম সকলোতে থাকে কিন্তু ভাল কাম কৰাজনে পদোন্নতিৰ বাবে কাকো তৈলমৰ্দন কৰিব নালাগে বা বক্ৰ পথ লব নালাগে। কোনোবাই যদি কিবা এটা নাজানে- তেন্তে শিকিবলৈ যৎপৰোনস্তি চেষ্টা কৰে, নোৱাৰাটো নোৱাৰো বুলি বহি নাথাকে। আপুনি যদি কৰিব পাৰিছে – মইওঁ পাৰিম বা আপুনিওঁ যদি নোৱাৰে একেলগে চেষ্টা কৰিম  মনোভাৱ এটা ৰাখে।

ঘ) অসমতকৈ তাত দৰমহা যদিওঁ বেছি বেছি যেন লাগে, কিন্তু সেয়া তাৰ জীৱন-নিৰ্বাহৰ বাবে প্ৰয়োজনীয় খৰছৰ (Cost of Living) তুলনাত বহুত বেছি নহয়। ঘৰ ভাড়া, আচ-বাব, খোৱা লোৱা ইত্যাদিৰ খৰছ তুলনামূলক ভাৱে সেইবোৰ ঠাইত বেছি। ঙ) যোগ্যজনৰ কদৰ সকলোতে আছে, ভাষা আৰু সংস্কৃতি শিকি লব পাৰি। জাকে জাকে যেতিয়া বাছৰ পৰা ইঞ্জিনীয়াৰ নামি আহে তেতিয়া ভাৱ হয় ইঞ্জিনীয়াৰ পঢ়া মানুহ কম নাই। এটা সময়ত ইঞ্জিনীয়াৰিং পঢ়াৰ সপোন আছিল কিন্তু ছীট নাপালো। যেতিয়া সেই ইঞ্জিনীয়াৰবোৰৰ লগত একেলগে বহি একে কামে কৰিলো তেতিয়া ইঞ্জিনীয়াৰ হব নোৱাৰাৰ দুখ কিছু কমি গৈছিল।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…