মোৰ জীৱনৰ দ্বীতিয়টো চাকৰি কৰিছিলো অসমৰ খ্যাতনামা শিক্ষানুষ্ঠান কটন কলেজৰ কম্পিউটাৰ চাইন্স ডিপাৰ্টমেণ্টত শিক্ষকতাৰ চাকৰি। কটন কলেজত পঢ়াৰ সোভাগ্য হোৱা নাছিল কিন্তু শিক্ষকতা কৰিবলৈ পাই নিজেই গৌৰৱান্বিত, ঘৰৰ মানুহবোৰো গৌৰৱান্বিত। কটন কলেজত চাকৰি কৰা বা শিক্ষকতা কৰা বুলি কোৱাত বহুতে সমীহ কৰিছিল কিন্তু পিছ মূহূৰ্ত্তত যেতিয়া গম পাই মোৰ চাকৰিটো ৰেগুলাৰ বা পাৰ্মানেণ্ট নহয় তেতিয়াই যেন অলপ আগতে প্ৰদৰ্শন কৰা সন্মানবোৰ কমি যায় তেনেকুৱা অনুভৱ হৈছিল। সেয়া সহকৰ্মীয়ে হওঁক বা সমাজৰ বিভিন্নজনৰ লগতে হওঁক। শিক্ষকতাৰ চাকৰিটো মোৰ ভাল লাগিছিল, আৰু কটন কলেজত পঢ়াই এক সুকীয়া আনন্দ লাভ কৰিছিলো। আমি যেতিয়া ডিপাৰ্টমেণ্টত যোগদান কৰিছিলো, ডিপাৰ্টমেণ্টটো একদম চালুকীয়া বা নতুন আছিল। আমি সকলোৱে মিলি নতুন ৰূপ এটা দিবলৈ চেষ্টা কৰিছিলো। কটন কলেজত পঢ়িব পোৱা নাছিলো যদিওঁ বিশেষ আক্ষেপ নাছিল। বহুতে কৈছিলে গাঁৱৰ কলেজখন আৰু কটন কলেজৰ পাঠ্যক্ৰম একে গতিকে গাঁৱতে হায়াৰ-ছেকেণ্ডাৰী পঢ়ি অলপ ভাল নম্বৰ লৈ মেডিকেল বা ইঞ্জিনীয়াৰিংত নামভৰ্তি কৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু কটন কলেজত চাকৰি কৰা সময়ত অনুভৱ কৰিলো আমাৰ গাঁৱৰ কলেজ আৰু কটন কলেজৰ পাৰ্থক্য ক’ত। গাঁৱৰ কলেজত পঢ়ি থাকোতে আমি ডাক্তৰ-ইঞ্জিনীয়াৰ, কেৰানী আৰু প্ৰফেছৰ হোৱাৰ সপোন দেখিছিলো তাত বাহিৰে আন আন কেৰিয়াৰ আমাৰ অগোচৰ আছিল কিন্তু কটন কলেজৰ ছাত্ৰ-ছাত্ৰী বোৰৰ মানসিকতা বেলেগ আছিল বা বাহিৰৰ পৃথিৱী খনৰ লগত যোগাযোগ বহুত শক্তিশালী আছিল। তেতিয়া অৱশ্যে ইণ্টাৰনেট ইমান সূচল নাছিল। গাঁৱত আমাৰ ছাত্ৰ-ছাত্ৰী বোৰে যেতিয়া পুলিচ বা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ চাকৰিৰ সপোন দেখে কটনৰ লৰা-ছোৱালীয়ে আই, এ, এচ হবলৈ বা মহাকাশ বিজ্ঞানী হবলৈ অথবা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ সপোন ৰছে। আজিকালি হয়তো ইণ্টাৰনেটৰ বাবে বহুখিনি সুবিধা সকলোতে উপলব্ধ হৈছে কিন্তু সেই প্ৰতিযোগিতা মুলক মনোভাৱ বা পৰিৱেশ আন আন গাওঁৰ কলেজ কেইখনত কিমান হৈছে সেয়া মন কৰিবলগীয়া।
প্ৰথম ক্লাছ লওঁতে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত থকা সৰকা হৈ গৈছিলো। নতুন আৰু কম বয়সীয়া শিক্ষক বাবে চাগে বহু ছাত্ৰ-ছাত্ৰীয়ে মোক সহজ বুলি ধৰি লৈছিল আৰু কেতিয়াবা কিছুমান ছাত্ৰ-ছাত্ৰীক চম্ভালিবলৈ দিকদাৰ হৈছিল। কিতাপত থকা উদাহৰণ দিলে ছাত্ৰ-ছাত্ৰী বোৰে ভাল নাপায়, কিতাপত নথকা উদাহৰণ বিচাৰে সিহতে মোৰ পৰা। প্ৰতিটো ক্লাছৰ বাবে এক দীঘলীয়া সময় প্ৰস্তুতি চলাবলগীয়া হৈছিল। পিছলৈ ছাত্ৰ-ছাত্ৰী বোৰৰ লগত এক বন্ধুত্বসুলভ পৰিৱেশ গঢ়ি উঠিল আৰু ক্লাছবোৰ কৰি থাকিলো।
কিন্তু এটা সময়ত উপলব্ধি কৰিলো যে এই ঠিকা ভিত্তিক বা তেতিয়া ‘এড-হক’ বুলি কৈছিল, চাকৰিবোৰ স্থায়ী হোৱাৰ সম্ভাৱনা ক্ষীণ, যিটো আগতে সহজে হৈছিল। কিছু বছৰ বিনাবেতনে খাটি থাকি এটা সময়ত চাকৰিটো ৰেগুলাৰ হৈ যায়। মই কিন্তু ৰিক্স লব নিবিচাৰিলো। সময় বোৰ গুছি গ’লে যে আৰু ঘূৰাই নাপাওঁ, ইপিনে ৰেগুলাৰ আৰু ঠিকাভিত্তিক শিক্ষকৰ মাজত দেখা পাৰ্থক্য বোৰেওঁ আমনি কৰিব ধৰিলে। এবছৰ মান থাকি কটন কলেজৰ চাকৰিটো এৰিলো।
কটন কলেজৰ অভিজ্ঞতাই মোক শিকালে- সপোন ডাঙৰ হব লাগে আৰু বয়স থাকোতে বা সময় থাকোতে ৰিক্স নললে পিছলৈ ৰিক্স লবলৈ দিকদাৰ হ’ব।