কাণ-বাগৰা খেল (Chinese Whispering)

চাইনীজ হুইচপাৰিং গেম বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি কোৱা হয়, তাৰ বাবে হয়তো অলপ অধ্যয়ন কৰিব লাগিব । অৱশ্যে এইখেলবিধক আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, তুৰ্কী, মালয়েছিয়া আদি দেশত অন্য নামেৰে পৰিছিত, অসমত বহুতে ইয়াক কাণ-বাগৰা খেলা বুলিওঁ কোৱা শুনিছো যদিওঁ লিখিত ভাৱে পোৱা নাই । প্ৰথমতে যেতিয়া এইখেলবিধ খেলিছিলো খেলবিধক ইমান গভীৰভাৱে ভৱা নাছিলো, কিন্তু এইবিধ খেলৰ পৰা লাভ কৰা নীতিশিক্ষা জীৱনতযে বহুত মুল্যৱান  সেয়া লাহে লাহে বুজি উঠিলো । এইখেলবিধ খেলা নিয়মটো চমুকৈ বাখ্যা কৰিছো । কেবাজনো লগহৈ গ্ৰূপ হিচাপে দল হিচাপে এইবিধ খেল খেলা হয় । ধৰি লওঁক দলটোত ১০ গৰাকী অংশগ্ৰহনকাৰী আছে, প্ৰত্যেকগৰাকীয়ে এজনে আনজনৰ কাষত থিয়হৈ বা বহি থাকিব । প্ৰথম গৰাকীক কোনোবা এজন দৰ্শক বা প্ৰতিযোগিতাত ভাগ নোলোৱা আন কোনোবাই কাণত ফুচফুচাই এটা বাক্য বা একাষাৰ কথা ক’ব । এতিয়া প্ৰথম প্ৰতিযোগী গৰাকীয়ে দ্বিতীয় গৰাকীক সেই একেটা কথাকে কাণত ফুচফুচাই কব, আৰু তেনেকে দ্বিতীয়গৰাকীয়ে তৃতীয় গৰাকীক আৰু শেষত নৱম গৰাকীয়ে দশম গৰাকীক সেই একেটা কথাকে কাণত ফুচফুচাই ক’ব । দশম গৰাকীয়ে এতিয়া সকলোৱে শুনাকৈ বাক্যষাৰ বা কথাষাৰ ক’ব । সকলোৱে আশা কৰিব প্ৰথম গৰাকী প্ৰতিযোগীয়ে যিষাৰ কথা শুনিছিলে, দশম গৰাকীয়ে সেই একেষাৰ কথাকে ক’ব, কিন্তু বাস্তৱত কিবা অন্য বাক্য শুনা পোৱা যায় দশম গৰাকীৰ পৰা ।

নীতিশিক্ষা: আমি বিভিন্ন সময়ত যিকোনো খবৰ বা কথা মূল উৎসৰ পৰা নাপাওঁ বা নলওঁ তাৰ পৰিৱৰ্তে বাগৰি অহা খবৰটোহে পাওঁ, কিন্তু বাগৰি অহা খবৰ বহু সময়ত বিকৃত হোৱাৰ সম্ভাৱনা থাকে । সঠিক খবৰৰ বাবে মূল উৎসত বিশ্বাস কৰক বাগৰি অহা খবৰট নহয় । আন এক নীতিশিক্ষা হ’ল- আমি যদি কথাটো কোৱাৰ পৰিৱৰ্তে কাগজ এখনত লিখি প্ৰথম প্ৰতিযোগীৰ পৰা দশম প্ৰতিযোগীলৈ পাৰ কৰি দিলোহেতেন তেতিয়াওঁ কথাষাৰ সলনি নহলে হেতেন, সেয়ে কোৱা কথাত কৈ লিখি থোৱা কথাৰ স্থায়ীত্ব আৰু বিশ্বাসযোগ্যতা বেছি । আমি বিভিন্ন সময়ত কাণ-বাগৰা কথা শুনি দুখীত হওঁ বা চিন্তিত হওঁ, কিন্তু যেতিয়া প্ৰকৃত কথাটো গম পাব তেতিয়া অনুভৱ কৰিব পাৰিব যে প্ৰকৃত কথাটোত ৰহন সনা হৈছে বা মাজৰ মানুহবোৰৰ দৃষ্টিভংগীওঁ মূল কথাটোত যোগ দিয়া হৈছে ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…