যোৱা দুটা দেওবাৰত দেখিলো লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিবলৈ আহিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইমান প্ৰতিযোগীতা। পৰীক্ষাত অৱতীৰ্ন হোৱা এই ২২ লাখ যুৱক-যুৱতী নিৱনুৱা নে ! পৰীক্ষাত অৱতীৰ্ণ হোৱা বহুতেই বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে, হয়তো দৰমহাও বেছি পায়, কিন্তু পাৰ্মানেণ্ট চৰকাৰী চাকৰিৰ প্ৰতি আজিৰ তাৰিখতো যুৱক-যুৱতীৰ এৰাব নোৱাৰা দুৰ্বলতা। আমি বহুতেই কও- চাকৰিৰ পিছে পিছে দৌৰি থাকিব নালাগে, নিজাকৈ কিবা কৰাৰ কথা চিন্তা কৰিব লাগে অথবা চৰকাৰী চাকৰিনো কিয় লাগে, ব্যক্তিগত খণ্ডৰ চাকৰিও ভাল, ইত্যাদি ইত্যাদি। অৱশ্যে বেলেগক এইবোৰ উপদেশ দিবলৈ ভাল, কিন্তু নিজৰ বেলিকা যিকোনো প্ৰকাৰে চৰকাৰী পাৰ্মানেণ্ট চাকৰি এটা লাগেই। এইটো গতিত যদি মানুহে চৰকাৰী পাৰ্মানেণ্ট চাকৰি বিচাৰি থাকে, তেতিয়াহ’লে নিৱনুৱা সমস্যাৰ যে কেতিয়াও সমাধান নহয়। মানুহে কিয় পাৰ্মানেণ্ট চৰকাৰী চাকৰি বিচাৰে, মোৰ দৃষ্টিত-
১) নিৰাপত্তা- মানুহৰ বিশ্বাস চৰকাৰী পাৰ্মানেণ্ট চাকৰিত ৬০ বছৰ বয়সলৈ চাকৰি নিশ্চিত, কিবা ভুল কৰিলেও সহজে উলিয়াই দিব নোৱাৰে, বছৰৰ শেষত দৰমহা বৃদ্ধি আৰু আন আন সুবিধা। যদি ঠিকাভিত্তিক কৰ্মচাৰীয়ে কিবা ভুল কৰে তেওঁৰ চাকৰি যাব লগালগ কিন্তু পাৰ্মানেণ্ট কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰথমে নিলম্বন তাৰ পিছত বহুত বেছি হ’লে কোৰ্টত কেচ চলিব।
২) ‘দিগনীতি অৱ লেবাৰ’ বা শ্ৰমৰ সমমৰ্যাদা: এতিয়াও বিভিন্ন কাৰ্যক্ষেত্ৰত বা সমাজত, কোম্পেনীত চাকৰি কৰা বুলি ক’লে বা ঠিকাভিত্তিক চাকৰি কৰা বুলি কলে যেন অলপ সন্মানটো কম হৈ যায়, যদিও আপুনি দৰমহা আৰু শিক্ষাৰে কোনোগুণে কম নহয়। বিয়াৰ ক্ষেত্ৰত নিজৰ পুতেকে কোম্পেনীত চাকৰি কৰিলেও জীয়েকৰ বাবে পাৰ্মানেণ্ট চৰকাৰী চাকৰি কৰা ল’ৰা বিচাৰে। অ’ফিছ-কাছাৰীতো দেখিব ঠিকাভিত্তিক মানুহকেইজন আৰু পাৰ্মানেণ্ট চাকৰি কৰা মানুহকেইজনৰ মাজত সুবিধা আৰু কামৰ চাপৰ পাৰ্থক্য।
মোৰ কথৰ্খিনি নিশ্চয়কৈ সাৰ্বজনীন সত্য নহয় কিন্তু চাগে বহুত ক্ষেত্ৰত সত্য। এতিয়া চৰকাৰ আৰু আমাৰ এইক্ষেত্ৰত কৰিবলগীয়া কি? আমি সকলো শ্ৰমৰ প্ৰতি সমমৰ্যদা দিবই লাগিব, নহ’লে যিমান কলেও কোনেও আগবাঢ়ি নাহিব যদিহে বাধ্যত নপৰে। যিমান যি স্কীল ট্ৰেইনিং নিদিওক কিয় যদি আমাৰ মানসিকতা সলনি নহয় তেতিয়া আমি চৰকাৰী পাৰ্মানেণ্ট চাকৰিয়ে বিচাৰি থাকিম। ব্যৱসায় কৰিম বুলি চৰকাৰৰ পৰা হয়তো ধনো লৈছে, ব্যৱসায় আৰম্ভও কৰিছে, তাৰ মাজতো কিন্তু আকৌ চৰকাৰী চাকৰিও বিচাৰি আছে। চৰকাৰৰ দায়িত্ব হ’ব যিসকলে কোম্পেনী বা ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা (নিৰাপত্তা মানে পাৰ্মানেণ্ট নহয়) আৰু শ্ৰমৰ সমমৰ্যদা নিশ্চিত কৰিব লাগিব। এনে কৰিলে নিৱনুৱা সমস্যাৰ কিছু সমাধান হ’ব বুলি মোৰ বিশ্বাস।