কোনটো চাকৰি আপোনাৰ বাবে ভাল

ক) চাকৰি আমি কিয় কৰিছো আৰু চাকৰিৰ পৰা আমি কি সুখ বিচাৰো সেয়া জানি ললে ভাল। সকলোৰে বাবে চাকৰিৰ পছন্দ-অপছন্দ বেলেগ। কাৰোবাৰ বাবে টকা, কাৰোবাৰ বাবে আৰাম, প্ৰতিষ্ঠা, ক্ষমতা, কাম কৰাৰ স্বাধীনতা। সময়ে সময়ে হয়তো এই কাৰকবোৰ কিছু সলনি হয়। কিন্তু হাতত যদি বেলেগ বিকল্প নাথাকে তেতিয়া উপাৰ্জনৰ বাবে হয়তো যিকোনো ধৰণৰ চাকৰি কৰিব লাগিব।  

খ) দূৰৰ পৰ্বত দেখিবলৈ শুৱনি বুলি অসমীয়াত এষাৰ প্ৰবাদ আছে। গতিকে দূৰৰ পৰা এটা চাকৰি বা এজন চাকৰিয়ালক মূল্যায়ন কৰাৰ সলনি ভিতৰৰ অন্তৰ্নিহিত কথাবোৰ জানিবলৈ চেষ্টা কৰক। আনৰ বাবে যিটো ভাল বা সুবিধাজনক সেইটো আপোনাৰ বাবে ভাল নহবওঁ পাৰে।

গ) প্ৰতিষ্ঠা আৰু সন্মান ভাল লাগে কিন্তু টকা উপাৰ্জন নকৰিলে জানো ঘৰ চলিব।  উপাৰ্জনৰ দিশটোও ভালদৰে চাব লাগে। আমি আশাবাদী হব লাগে, কিন্তু ভেন্সাৰ স্কুল বা কলেজত খাটি থাকি পিছত স্কুল বা কলেজ খন চৰকাৰী বা আপোনাৰ পদটো চৰকাৰী হৈ নুঠিলে আপুনি আৰু কৌটি টকা খৰছ কৰিওঁ সময়খিনি ঘূৰাই নাপায়। অভিজ্ঞতা অৰ্জনৰ বাবে কিছুদিনৰ বাবে হয়তো কৰিব পাৰে কিন্তু যিমানে দীঘলীয়া হ’ব সিমানে আপোনাৰ বাবে হতাশা বাঢ়ি আহিব।

ঘ) ক্ষমতা যিমানে পাব, দায়িত্বওঁ সিমানে বাঢ়িব।

ঙ) আজিকালি বেছিভাগ চাকৰিয়েই ঠিকাভিত্তিক বা চুক্তিভিত্তিক। গতিকে পূৰণিকলীয়া মানসিকতা সলনি কৰিব নোৱাৰিলে সদায় দুখত থাকিব লাগিব যদিহে আপুনি ৰেগুলাৰ বা স্থায়ী চাকৰি নাপায়। ব্যক্তিগত খণ্ডৰ চাকৰিবোৰতো বহুত সুবিধা থাকে আজিকালি। ভাল চাকৰি বা চাকৰিত পদোন্নতি সকলোৱে বিচাৰে আৰু ই স্থৱিৰ হব নালাগে।

চ) নিজে ঠিকে থাকিলে আনে কি কয় সেয়া সিমান গুৰুত্বপূৰ্ণ নহয়। সন্মান কৰিব লাগে সকলোকে কিন্তু নিজৰ সত্বাক বিক্ৰি কৰিব নালাগে। অফিছত বছ জন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু জীৱনত মা-দেউতা বা বন্ধু আৰু আত্মীয় অধিক গুৰুত্বপূৰ্ণ। সহপাঠী আৰু সহকৰ্মী সম্পূৰ্ণ বেলেগ।

ছ) টীম হিচাপে কাম কৰিবলৈ চেষ্টা কৰক- সফলতা নিশ্চিত।

জ) প্ৰত্যেকটো চাকৰি বা প্ৰত্যেকটো নিয়োগকৰ্তা (Employer) বা প্ৰত্যেকটো পদবীত কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আছে। অসুবিধা খিনিৰ লগত মোকাবিলা কৰিব পাৰিলে চাকৰিটো সুখৰ হয়।

ঝ) ভাল কামৰ সকলোতে কদৰ আছে। আপুনি যদি সততা আৰু নিষ্ঠাৰে কাম বোৰ কৰি যায় আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। তৈলমৰ্দন কৰাতকৈ যদি নিজৰ কাম নিজে সময়মতে কৰি যায়, আপোনাক ব্যক্তিগত ভাৱে ভাল পাওঁক-বেয়া পাওঁক কথা নাই, আপোনাক কেতিয়াওঁ এৰাই চলিব (Ignore) কৰিব নোৱাৰিব।

ঞ) আপোনাৰ চাকৰি কিমান সফল সেয়া কেইটামান মাপক (indicator) ৰে জুখি চাব পাৰে। এয়া সম্পূৰ্ণ পৰীক্ষামূলক আৰু আত্ম-মূল্যায়নৰ বাবে ব্যৱহাৰ কৰিব।

ক্ৰমিক নম্বৰমাপক (Indicator)নম্বৰ ( ১০ ৰ ভিতৰত)
দৰমহা (Salary) আৰু অন্যান্য সা-সুবিধা 
পদবী (Position) 
কৰ্মস্থলী (Place of Posting) 
ঘৰ বা পৰিয়ালক দিব পৰা সময় 
কামৰ চাপ (Work Pressure) (চাপ বেছি হ’লে নম্বৰ কম হ’ব ) 
চাকৰিৰ নিৰাপত্তা (Job Security) 
কৰ্মক্ষেত্ৰত স্বাধীনতা 
সহকৰ্মী আৰু কৰ্মক্ষেত্ৰত কামৰ পৰিৱেশ 
শিকিব পৰা আৰু ভৱিষ্যতত আগুৱাই যোৱাৰ সুবিধা (Scope of Learning and Future Prospect) 
১০ক্ষমতা (Power) 

নম্বৰবোৰ নিজে নিজকে দি চাব, কাৰণ সকলোৰে বাবে মূল্যায়ন বেলেগ হ’ব পাৰে। ১০০ ৰ ভিতৰত কিমান নম্বৰ পালে, তেতিয়া নিজকে জুখি চাব পাৰিব কিমান সুখত আছে আপুনি চাকৰিটো কৰি। শেষত কৈছো, সময় গতিশীল আৰু সময়ৰ লগত আমি খোজ মিলাই আগবাঢ়িব লাগিব। নিজে ভালপোৱা কামবোৰ কৰি যাবলৈ চেষ্টা কৰক। পাৰ্মানেণ্ট চাকৰি হলেওঁ ৬০ বছৰ বয়সত অৱসৰ লবই লাগিব  কিন্তু জীৱন ৰৈ নাযায়। উপাৰ্জনো কৰি থাকিব লাগিব আৰু মৃত্যু পৰ্য্যন্ত জীৱনো উদযাপন কৰিব লাগিব।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…