গুৱাহাটীৰ চিটিবাছ

গুৱাহাটীৰ চিটিবাছত আহি আছো জালুকবাৰীৰ পৰা গণেশগুৰিলৈ। গাড়ীখন ইমান ৰখাই ৰখাই আহিছে যে বহি থকা যাত্ৰীবোৰে বিৰক্তি পাইছে।

এনেতে এজন যাত্ৰীয়ে মাত দিলে- ‘হেৰা ড্ৰাইভাৰ ব’লাহে, আমাৰ দেৰি হৈছে।’

‘কাৰোবাৰ কিবা অসুবিধা হ’লে নিজা গাড়ীলৈ আহিব লাগে, এইখন চিটিবাছ, এনেকৈয়ে চলে’- ড্ৰাইভাৰ জনৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া।

যাত্ৰীজনে এইবাৰ উভতি ধৰিলে- ‘হেৰা, তোমালোকে যদি নিয়মমতে পাবলিক গাড়ী চলাব নোৱাৰা, তেতিয়া নিজৰ ‘তিৰি-চলি’ আনা-নিয়া কৰিবা তোমালোকৰ গাড়ীত। এইখন পাবলিক চিটিবাছ, নিয়মমতে চলিব লাগিব।’ এইবাৰ বাকী যাত্ৰীবোৰেও ‘হয় হয়’ বুলি সমৰ্থন কৰিলে।

কিন্তু কিবা জানো লাভ হ’ল- ড্ৰাইভাৰ-কণ্ডাক্টৰে আকৌ চিঞৰি মাতিব ধৰিলে- আহক দাদা, আহক বাইদেউ- খালীগাড়ী, গণেশগুৰি।

মই মনে মনে ভাৱি আছো, গাড়ীবোৰ যদি মাত্ৰ মানুহ উঠা আৰু নমা সময়খিনিয়ে স্তপেজ এটাত ৰখাই, বাছ মালিকৰ বা ড্ৰাইভাৰ-কণ্ডাক্টৰৰ কিবা ক্ষতি হ’ব নেকি। গুৱাহাটীত যিমান যাত্ৰীয়ে চিটিবাছত অহা-যোৱা কৰে, গাড়ী যদি সময়মতে চলে, সিমানখিনি যাত্ৰীয়েই চলাচল কৰিব, বৰং দুই-এজন বেছি হ’ব পাৰে । যিজন যাত্ৰীক উঠাবৰ বাবে আমি উঠা চিটিবাছখন ৰখি আছে, আমি উঠা গাড়ীখন যদি সময়ত গুচি যায় তেতিয়া পিছৰখন চিটিবাছে সেইজন যাত্ৰীক উঠাব আৰু আমাৰ বাছখনে পৰৱৰ্তী স্তপেজত ৰৈ থকা যাত্ৰীজনক উঠাব। মুঠতে যাত্ৰীৰ অংক মিলি থাকিব। কম সময় ৰখালে তেল আৰু সময় দুইটাত ৰাহি হ’ব আৰু বাছ মালিক-ড্ৰাইভাৰ-কণ্ডাক্টৰৰে লাভ হ’ব। মানুহবোৰে যেতিয়া গম পাব চিটিবাছবোৰ সময়মতে চলে তেতিয়া ব্যক্তিগত গাড়ী বা বাইক লৈ অহা-যোৱা কৰা বহুতেই চিটিবাছত অহা-যোৱা কৰিব। একদম সহজ অংক- বাছ আৰু যাত্ৰীৰ সংখ্যা একেই থাকিব আৰু সেয়ে গড় হিচাপত প্ৰত্যেকখন বাছত যাত্ৰীৰ কোনো হৰণ ভগন নহয়।

ভাৰতবৰ্ষৰ অন্যান্য চহৰ সমূহত ৰজহুৱা পৰিবহন ব্যৱস্থাৰ ওপৰত বহু মানুহেই নিৰ্ভৰ কৰি নিজৰ কামবোৰ কৰি যায়, লণ্ডন, চিংগাপুৰ, কুৱালালামপুৰ আদিৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ কথা নকলোৱেইবা। আমিওঁ যদি চিটিবাছত (সময়মতে চলা) ঘৰ-অফিছ অহা-যোৱা কৰিব পাৰিলোহেতেন সদায়!!! কষ্ট আৰু খৰচ দুইটাই কম হ’লহেতেন।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…