চাকৰিৰ ভিতৰৰ কথাবোৰ- সম্পূৰ্ণ ব্যক্তিগত অনুভৱ

এন,আৰ,চি প্ৰজেক্টত ডিষ্ট্ৰিক্ট প্ৰজেক্ট চুপাৰভাইজাৰ হিচাপে যোগদান কৰিলো। অসম আন্দোলন মই দেখা নাছিলো, কিন্তু অসম আন্দোলনৰ কাহিনী ইমান শুনিছো আৰু মোৰ জেঠাই এই আন্দোলনত শ্বহীদ হৈছিল, খুৰা মোৰ আছুৰ সক্ৰিয় কৰ্মী আছিল। সেয়ে এন, আৰ, চি ৰ চাকৰিটো মোৰ বাবে চাকৰিটোতকৈ আৱেগ বেছি আছিল। আগৰ ৰেগুলাৰ চাকৰি বাদ দি কম দৰমহা পোৱা এটা অস্থায়ী চাকৰিত যোগদান কৰা বাবে বহুতেই মোক সমলোচনাওঁ কৰিছিল। কিন্তু মোৰ দুজনমান বন্ধুই ইয়াত সাহস দি আছিল। এন, আৰ, চি চাকৰিয়ে মোক অসমৰ প্ৰশাসন যন্ত্ৰটোৰ লগত চিনাকি কৰি দিছিল আৰু জিলা প্ৰশাসনৰ লগত একেলগে কাম কৰাৰ সুবিধা পাইছিলো। সম্পূৰ্ণ নতুন ধৰণৰ কাম, সদায় নতুন নতুন যেন লগা কাম, যুদ্ধগতিত সকলো কৰিব লাগে কিন্তু ভাগৰ লগা নাছিল। জাতীয়তাবাদী ভাৱধাৰাৰে ডাঙৰ হোৱা আৰু নিজৰ মানুহ খিনিৰ বাবে কিবা এটা কৰিব পাৰিম বুলি ইচ্ছা এটা থকা বাবেই চাগে কামটো কৰি আমনিও লগা নাছিল আৰু সম্পূৰ্ণৰূপে কামটোত সোমাই গৈছিলো। চাকৰিটো মোৰ অস্থায়ী বা ঠিকাভিত্তিক আছিল, কিন্তু তেনে অনুভৱ কৰা নাছিলো। মোৰ ৰিপোৰ্টিং অফিছাৰ,  বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়া, অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি, চক্ৰ বিষয়া আদিয়ে ইমান সহযোগ কৰিছিল আৰু একেলগে কাম কৰিছিল যে বহুত কথা আৰু বহুত কাম শিকিব পাৰিছিলো। স্থায়ী-অস্থায়ী চাকৰিৰ অনুভৱ একেবাৰে হ’ব দিয়া নাছিল তাত। সম্পূৰ্ণ কামাণ্ড লৈ আৰু স্বাধীনমনে কাম কৰিব পাৰিছিলো। ৰাতি ৯ টাৰ আগতে অফিছ এৰিব পৰা নাছিলো, কিন্তু অকলশৰীয়া অনুভৱ হোৱা নাছিল, অতিৰিক্ত উপায়ুক্ত বা আন আন বিষয়া সকলেওঁ লগতে থাকি কামৰ নেতৃত্ব দি গৈছিল। নিজৰ মানুহৰ বাবে কাম কৰাৰ মজাই বেলেগ। ঘৰৰ পৰাও মোৰ নিচেই ওচৰত কৰ্মক্ষেত্ৰ, সম্পূৰ্ণ হিয়া উজাৰি দিছিলো কামত। মাজে মাজে ক্ষেত্ৰ পৰিদৰ্শন কৰিব যাওঁ, ফিল্ডৰ মানুহবোৰৰ লগত মত বিনিময় কৰো, চৰ-চাপৰি সম্পূৰ্ণ ভ্ৰমণ কৰাৰ সুজোগ পালো, বহুতো ভুল ভাঙিল, অসম চুক্তি আৰু নাগৰিকত্ব আইন ভালদৰে পঢ়িলো, এটা টীম হিচাপে সকলোৱে একেলগে কাম কৰি গলো। এনেতে উপায়ুক্ত সলনি হ’ল। নতুন উপায়ুক্ত আহিল। কাম কৰাৰ ধৰণ আৰু কামৰ অগ্ৰাধিকাৰ সলনি হব ধৰিলে।

            এন, আৰ, চি চাকৰিত দেৰ বছৰ মানত যিমান শিকিলো সেয়া হয়তো মই ইমান বছৰে শিকিব পৰা নাছিলো। টাইম মেনেজমেণ্ট বা সময়ৰ ব্যৱহাৰ, মানুহ পৰিচালনা, টীম-ৱৰ্ক, নেতৃত্ব দিবৰ বাবে প্ৰয়োজনীয় গুণ, ডিপ্লোমেছি, অফিছিয়েল ফাইল মেনেজেমেণ্ট ইত্যাদি। অসম অসামৰিক সেৱা (ACS) আৰু ভাৰতীয় প্ৰশাষনিক সেৱাৰ ( IAS) ৰ বিষয়া সকলৰ লগত একদম ওচৰৰ পৰা কাম কৰাৰ সুযোগ পালো। সকলোৱে নিৰ্ধাৰিত সময়তকৈ অধিক কাম কৰিছে। ACS বা IAS অফিছাৰ হৈযে সকলো সুখী এনেকুৱা নহয়। ACS বা IAS অফিছাৰবোৰ কাৰ্য্যবাহী দণ্ডাধীশ, ক্ষমতা বা পাৱাৰ আছে কিন্তু আমি সাধাৰণ মানুহবোৰে ভৱাৰ দৰে ই অপৰিসীম নহয়, বহুত সীমাবদ্ধতা থাকে বা নিয়মৰ আওঁতাত থাকি কাম কৰিব লাগে। বিহু-পুজাত তেওঁলোকৰ দায়িত্ব বাঢ়ে, ঘৰলৈ যাওঁ বুলি যাব নোৱাৰে। অসামৰিক সেৱাৰ চাকৰিত দায়িত্ব বহুত বেছি- মন্ত্ৰী আহিলেওঁ দায়িত্ব, বানপানী আহিলেওঁ টোপনি নাই, কৰবাত গাড়ী দুৰ্ঘটনা হলেওঁ দৌৰিৱ লাগে প্ৰতিবাদ-ধৰ্ণাস্থলীতো তেওঁলোক থাকিব লাগে।

এদিন এন, আৰ, চি চাকৰিটো এৰিলো, কিয় এৰিলো তাৰ হয়তো পোনপটীয়া কাৰণ মই দিব নোৱাৰিম। কিন্তু পিছৰ পিনে মন কৰিলো যিটো লক্ষ্য লৈ এন, আৰ, চি ৰ কাম আৰম্ভ হৈছিল সেয়া লাহে লাহে গতানুগতিক কামৰ দৰে হৈ পৰিছে, নতুন উপায়ুক্তৰ কামৰ অগ্ৰাধিকাৰ বেলেগ, কেৱল কাগজ নাথাকিলেই যে থলুৱা বাসিন্দা এজনক বাদ দিব নোৱাৰি, বা কলিতা জনগোষ্ঠীৰ মানুহ যে অসমৰ থলুৱা বাসিন্দা সেয়া সকলোৱে হৃদয়ংগম কৰিব নোৱাৰিলে। লাহে লাহে কেৰাণী টাইপ কাম কৰিব ধৰিলো, বেলেগ চাকৰি এটাওঁ পালো, এৰিব মন নাছিল এইটো চাকৰি, কিন্তু এৰি দিলো।

এইবাৰ মই বিশ্ববেংকৰ সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্প এটাত যোগদান কৰিলো জিলা পৰ্য্যায়ৰ নীৰিক্ষণ আৰু মূল্যায়ণ বিশেষজ্ঞ হিচাপে। বঙাইগাও জিলা মোৰ কৰ্মস্থল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়তে আমাৰ অফিছ। সম্পূৰ্ণ শূন্যৰ পৰা কাম আৰম্ভ কৰিলো। গাওঁবোৰ ঘূৰি-ফুৰি প্ৰকল্পৰ কামবোৰ আগুৱাই নিলো। নিজকে সম্পূৰ্ণ উজাৰি দি কাম কৰিলো, পানী হেনো জীৱৰ প্ৰাণ আৰু এনেকুৱা অপ্তবাক্যকে সৰোগত কৰি জাতীয়বাদৰ পৰা মানৱতাবাদ বুলি নিজকে বুজাই কাম আৰম্ভ কৰি দিলো। এন, আৰ, চি ৰ কামত কৈ ইয়াত কামৰ গতি বহুত কম, সেয়ে যিমানে ইয়াত কাম কৰো তথাপিওঁ যেন কাম কম কম যেন অনুভৱ হয়। ইয়াতে মোৰ সতীৰ্থ গৰাকীওঁ এন, আৰ, চি ৰ পৰা অহা, সেয়ে আমাৰ  কামৰ যুটি ভাল মিলি গ’ল। আমাক বঙাইগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগত বিশ্ববেংকৰ মানুহ বুলিয়ে জানে, চাকৰিটো অস্থায়ী বুলি জানে, দৰমহা তুলনামূলক ভাৱে অলপ বেছি, কিন্তু আমাৰ কামৰ সম্পৰ্কে বহুতৰে স্পষ্ট ধাৰণা নাই। এটা নতুন পৰিৱেশ, আমি সময়ৰ কাম সময়ত কৰি ভাল পোৱা মানুহ, আমি অফিছত কাৰ্য্যবাহী অভিযন্তাক ৰিপোৰ্ট কৰিব লাগে। এইটো অফিছত কেৰাণী-পিয়ন কেইজনক বাদ দি বাকী চব ইঞ্জিনীয়াৰ। কেৰাণী-পিয়ন বোৰে ইঞ্জিনীয়াৰ বোৰক ছাৰ-বাইদেউ বুলি মাতে আৰু আমাক নাম কাঢ়ি মাতে। মই বেয়া নাপাওঁ নাম কাঢ়ি মাতিলেওঁ, কিন্তু লাহে লাহে গম পালো আমাৰ চাকৰি বোৰ অস্থায়ী বা ঠিকা ভিত্তিক যে সেই বাবে নাম কাঢ়ি মাতে, স্থায়ী চাকৰি আৰু অস্থায়ী চাকৰিৰ মাজত এখন প্ৰাচীৰ আছে। এয়া আক্ষেপ নহয় অভিজ্ঞতা।  কিন্তু আমি কনচালটেণ্ট বোৰৰ চাকৰিটো প্ৰায়ে এনেকুৱা হয়, এটা নিৰ্দিষ্ট সময়ৰ বাবে। যিয়ে নহওঁক কিছু নতুন শিকনি। কিন্তু মোৰ এন,আৰ,চি ৰ চাকৰিটোত এইটো অনুভৱ হোৱা নাছিল, বোধহয় তাৰ ৰিপোৰ্টিং অফিছাৰ গৰাকীয়ে সেই প্ৰাচীৰখন ভাঙি দিছিল আৰু এজন সহকৰ্মী হিচাপেই পৰিছয় কৰাই দিছিল আন আন বিষয়া-কৰ্মাচাৰীবোৰক। এইটো অফিছত ইঞ্জিনীয়াৰ বোৰৰ লগত একেলগে কাম কৰাৰ সুবিধা পালো। প্ৰায়বোৰ ইঞ্জিনীয়াৰে এ,ই,চি বা জে,ই,চি ৰ পৰা পঢ়া শুনা কৰা বা আন আন জিলাৰো ইঞ্জিনীয়াৰবোৰকো লগ পোৱাত গম পালো বেছিসংখ্যকে এ,ই,চি বা জে,ই,চি ৰ প্ৰাক্তন ছাত্ৰ। আই আই টি ৰ পৰা পঢ়া-শুনা কৰা ইঞ্জিনীয়াৰ লগ নাপালো, এন আই টি ৰ পৰা পাছ কৰা দুজনমান পালো। এই কথাটো লিখাৰ অৰ্থ হ’ল আই আই টিৰ পৰা পঢ়া-শুনা কৰা খিনিয়ে চাগে এতিয়াওঁ চৰকাৰী চাকৰিত বেছি নাই অথবা চৰকাৰী চাকৰিৰ প্ৰতি তেওঁলোকৰ মোহ নাই।

            ইঞ্জিনীয়াৰবোৰ বহুত বেলেগ বেলেগ কামত ব্যস্ত। নিৰ্বাচন বিষয়ক কাম, দুৰ্য্যোগ প্ৰশমন বিভাগৰ কাম, গুণোৎসৱৰ কাম, এন আৰ চি সকলোতে ব্যস্ত তেওঁলোক। তিনিবছৰ কাল তাত চকৰি কৰি অনুভৱ হ’ল ইঞ্জিনীয়াৰ বোৰক সঠিক ভাৱে চৰকাৰে বা বিভাগে কামত লগাব পৰা নাই, কেৱল ফাইলৰ কাম আৰু কম্পিউটাৰত ৰিপোৰ্ট বনাওঁতেই অধিক সময় পাৰ কৰিছে। এ,ই,চি বা জে,ই,চিত ছীট পাবলৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বিশাল প্ৰতিযোগিতা, সেয়েহে চাগে তাৰ পৰা পাছ কৰি ওলোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আমি আৰু বেছি অভিযান্ত্ৰিক কাম আশা কৰিছিলো। পানীযোগান আচনিটো সফল নহল, বিশ্ববেংকৰ পৰা সাহায্য হিচাপে পোৱা কৌটি কৌটি টকা পানীত পৰিল বুলি কলেওঁ ভুল নহব। মোৰ দৃষ্টিত নিখুত পৰিকল্পনা আৰু ৰূপায়ন কৰিবলৈ সদিচ্ছাৰ অভাৱতে ইমান ডাঙৰ প্ৰকল্প এটা বন্ধ হৈ গ’ল। যিয়ে নহওঁক বন্ধ হোৱাৰ উমান পাই মই চাকৰিটো এৰিলো। সমিধানৰ কাম কিন্তু কৰি গৈ থকিলো।

           এইযে দুটা চাকৰিৰ কাহিনী লিখিছো, ইয়াৰ অনুভৱবোৰ সকলোৰে বাবে একে নহ’ব পাৰে অথবা সকলোৰে বাবে অভিজ্ঞতা কিছু সুকীয়া হ’ব পাৰে। মোৰ লিখাৰ উদ্দেশ্য হৈছে, আমিযে চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি থাকো, বা বাহিৰৰ পৰাই চাকৰি এটাৰ ধাৰণা কৰি লওঁ সেয়া হয়তো সত্য নহবও পাৰে। সেয়ে কেৰিয়াৰ হিচাপে যদি আমি কিবা চাকৰিৰ কথা ভাৱো, চাকৰিৰ ভিতৰৰ কথাবোৰ অলপ জানি ল’ব পাৰিলে পিছলৈ সুবিধা হয় বা কেতিয়াও অনুতাপ কৰিবলগীয়া নহয়।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…