ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ কলিতা আৰু স্বৰ্গীয় ফুটুকী কলিতাৰ দ্বিতীয় জীয়ৰী আছিল গংগা কলিতা। অসম আন্দোলনৰ সেয়া ভৰপক সময়, বকো কলেজত অধ্যয়ন কৰি থকা গংগা কলিতা সদৌ অসম ছাত্ৰ সন্থাৰ সস্পৰ্শলৈ আহে আৰু আন্দোলনবোৰত অংশগ্ৰহণ কৰিবলৈ ধৰে। মৰাকলহী নদীৰ পাৰত অৱস্থিত ছমৰীয়া সত্ৰ গাঁ‌ও পাৰ হ’লেই আৰম্ভ হয় পূৰ্ববংগীয় মূলৰ লোকৰ বসতি প্ৰধান অঞ্চল। স্থানীয়লোকে ‘বাঙাল’ বুলি কয় সেইসকল লোকক।

সিদিনা আছিল ১৯৮৩ চনৰ ১২ ফেব্ৰুৱাৰী। সিদিনাখন গাঁ‌ৱৰ সকলোৱে ঘৰ এৰি নিৰাপত্তাৰ খাটিৰত ছমৰীয়া সত্ৰৰ চৌহদতে অৱস্থান কৰিছিল। বিশেষকৈ বৃদ্ধ, মহিলা আৰু শিশুসকল সত্ৰ চৌহদতে আছিল। গংগা কলিতাৰ পৰিয়ালো ভায়েক-ভণীয়েকসহ সত্ৰ চৌহদৰ কাষতে থকা খুৰাকৰ ঘৰত আশ্ৰয় লৈছিল। পুৰুষ সকলে মূলত গাঁ‌ৱৰ সীমাত পহৰা দিছিল যদিও কিছু মহিলা সমিতিৰ মহিলায়ো পুৰুষসকলৰ লগত পহৰা দিছিল হেনো। ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া গংগা কলিতাই পৰিয়ালৰ লোকৰসৈতে আহাৰ গ্ৰহণ কৰি গাঁৱৰ সীমাত পহৰা দিয়াৰ উদ্দ্যেশ্যে ওলাই গ’ল।

পিছদিনা ৰাতিপৱা হঠাৎ খবৰ আহিল বাঙালে অসমীয়া মানুহৰ ঘৰবোৰ জ্বলাই আহিছে। গংগা তেতিয়ালৈকে ঘূৰি অহা নাই। গংগাৰ দেউতাকে গংগাৰ ভণীয়েক আৰু ভায়েকক বাকী গাৱঁৰ ৰাইজৰ লগত গাঁ‌ও এৰি নদী পাৰ হৈ পলাই যাবলৈ ক’লে আৰু সেইমতে গংগাৰ ভণীয়েক মীৰা আৰু ভায়েক নকুল নদী পাৰ হৈ গাঁ‌ৱৰ অন্যলোকসকলৰ লগত নিৰাপদ ঠাইৰ সন্ধানত যাত্ৰা কৰিলে। ভয় আৰু শংকাৰ পৰিৱেশ সকলোতে। কিছুদূৰ যোৱাৰ পিছতে মীৰাৰ কোনোবা এজন চিনাকীয়ে সেই খবৰটি দিলে যে বায়েক গংগাক ৰাতি পোহৰ হোৱাৰ আগেয়ে পহৰা দি থকা মূহুৰ্তত বাঙালে কাটিছে। খবৰ পাইয়ো উভতি আহিব নোৱাৰিলে মীৰা-নকুলহতে।

খবৰবোৰ ৰাষ্ট্ৰ হৈ গ’ল, সিদিনা দিনৰ ভাগতে বাঙালে আহি গংগা কলিতাৰ ঘৰতোও আক্ৰমণ কৰি জ্বলাই দিলে। গংগা কলিতাৰ মৃতদেহ গুৱাহাটীলৈ লৈ যোৱা হ’ল। তাতেই ছাত্ৰ-সন্থাই নৱগ্ৰহ শ্মশানত চিৰবিদায় দিলে কিন্তু, পৰিয়ালৰ লোক উপস্থিত থাকিব নোৱাৰিলে। মৃতদেহ নিয়াৰ সময়ত দেউতাক তাৰানাথে তৰোৱালেৰে কটা জীয়েকৰ মুখখন শেষবাৰৰ বাবে দেখা পালে।

মোৰ জন্ম অসম আন্দোলনৰ জুই নুমুৱাৰ পিছত আৰু এই কাহিনী মই মাৰ মুখৰ পৰা শুনিছো। মোৰ মাৰ নাম মীৰা কলিতা, ছহিদ গংগা কলিতাৰ ভণীয়েক। বহু সময় পাৰ হৈ গ’ল আৰু বহু সময় পাৰ হৈ যাব। ছহিদ গংগা কলিতাই পহৰা দিবলৈ নগৈ নিৰাপদ দূৰত্বত হয়তো অৱস্থান কৰিব পাৰিলেহেতেন কিন্তু, জাতিৰ প্ৰতি আৰু গাঁওবাসীৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে গংগা কলিতাই বাচি লৈছিল কণ্টকময় পথ। গংগা কলিতাৰ আত্মবলিদানৰ কথা যাতে পিছৰ প্ৰজন্মইয়ো গম পাই তাৰ বাবে এই লিখাটো লিখিলো। অসম আন্দোলনৰ সময়ত ছমৰীয়া গাঁ‌ৱৰ আৰু দুগৰাকী ছহিদ হৈছিল ছহিদ মঞ্জু মহন্ত আৰু ছহিদ ৰজনী বৈশ্য।

Related Posts

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…

প্ৰতিভা আৰু সামৰ্থ্য চিনি কেৰিয়াৰ আৰু জীৱনৰ পৰিকল্পনা কৰিব লাগে

ভাৰতবৰ্ষৰ প্ৰায় ১৫-২০% লোকে চাকৰি কৰে, ১০-১৫% লোকে ব্যৱসায়ী (businessman) বা উদ্যমী আৰু ৫০-৬০% লোকে স্বনিয়োজিত (self employeed)। ইণ্টাৰনেটৰ পৰা উপলব্ধ এই তথ্য সামান্য ইফাল সিফাল হ’ব…