আপুনিযে জীৱন্ত শৰীৰসহ এটা সুষ্ঠ মন পাইছে, কিমান মূল্যৱান আপুনি বাৰু কেতিয়াবা অনুভৱ কৰি চাইচেনে ? পূৰ্বজন্ম বা পৰজনম আছে নে নাই মই নাজানো, কিন্তু আপুনি যে আজি জীয়াই আছে, সেয়াটো ১০০ শতাংশই বাস্তৱ। আমি আনৰ মৃত্যুৰ খবৰ পাও, নিজৰ মৃত্যুৰ খবৰটো পাব নোৱাৰো, কিন্তু আপুনি যদি এবাৰ মৃত্যুৰ শেতেলীৰ পৰা উভতি আহিছে তেন্তে নিশ্চয়কৈ ভালদৰে বুজি উঠিছে জীৱনতো কিমান সূন্দৰ। জীৱনতো কিমান ধুনীয়া আপুনি কেতিয়াবা অনুভৱ কৰি পাইছেনে বা অনুভৱ কৰিবলৈ চেষ্টা কৰিছেনে ? আপুনি যে ধুনীয়াকৈ এই লিখাটো পঢ়িবলৈ আপোনাক দৃষ্টিশক্তি দিছে, কিতাপৰ পৃষ্ঠা নিজৰ মতে লুটিয়াবলৈ হাত আৰু আঙুলি কেইটা সক্ষম কৰি দিছে, কল্পনা কৰিব পৰাকৈ এটা মন দিছে এয়া জানো জীৱনৰ বাবে বহুত মুল্যৱান সম্পদ নহয়। বহুতৰে হয়তো কেতিয়াবা জীৱনক নতুনকৈ আৱিস্কাৰ কৰাৰ অভিজ্ঞতা হৈছে আৰু তেতিয়া হয়তো বগা পোহৰৰ মাজতো আমি সাতোৰঙী ৰামধেনু দেখিছো। ব্যতিক্ৰম সকলোতে থাকে, দিব্যাংগজনো বিশেষ ভাৱে সক্ষম। আমাৰ মানুহৰ সৰহসংখ্যকৰেইটো সুষ্ঠ হাত-ভৰি-চকু-কাণ-মন এটা আছে। আমাৰ আছে বাবেই চাগে তাকলৈ গৌৰৱ কৰা নাই বা সুখী হোৱাৰ অৰ্থ তাত বিচৰা নাই, কিন্তু যেতিয়া নাথাকিব বা কিবা দুৰ্ঘটনাত আমি হেৰুৱাম তেতিয়া আমি তাত দুখ কৰিবলৈ হেজাৰটা কাৰণ বিচাৰি ল’ম।
আপুনি বাৰু কেতিয়াবা হস্পিটালৰ আই,চি,ইউ ত কোনোবা আত্মীয় বা পৰিয়ালৰ লোকক ৰখি পাইছেনে ? যদি পাইছে এনেকুৱা ভাৱ এটা মনলৈ নিশ্চয়কৈ আহিছে – ‘ হে ভগৱান, দুই টকা কমকৈ উপাৰ্জন কৰিম, কিন্তু হস্পিটালত যাতে কাৰো আহিবলগীয়া নহয়, আই,চি,ইউত যাতে কাৰো থাকিবলগীয়া নহয়’। এপিনে সমস্ত উপাৰ্জন খৰছ হৈ গৈ আছে আনহাতে আপুনি নিশ্চিতও নহয় বেমাৰী সুষ্ঠ হৈ উঠিব নে নাই। বেমাৰ-আজাৰ-দূৰ্ঘটনাই মানুহৰ জীৱনটোৰ লগতে পৰিয়ালটোকো বহুত পিছলৈ লৈ যায়। হস্পিটালত ভৰ্তি নোহোৱালৈকে বা কোনোবা আত্মীয় হস্পিটালৰ বেডত পৰি নথকালৈকে চাগে আমি বহুতেই এই বেদনা অনুভৱ কৰিব নোৱাৰো। ঈশ্বৰে কাকো হস্পিটালত যাবলৈ নিদিয়ক, তাৰেই প্ৰাৰ্থনা কৰিছোঁ। আপুনি হয়তো হস্পিটালত থাকি সৰ্বশ্ৰান্ত হোৱা নাই অথবা দূৰ্ঘটনাই আপোনাক পংগু কৰা নাই অথবা হস্পিটালাৰ বিচনাত জীৱন আৰু মৃত্যুৰ স’তে যুজি থকা অভিজ্ঞতা নাই আৰু সেই বাবে জীৱনটোক আপুনি সূন্দৰকৈ চাব পৰা নাই। আপুনি চকু দুটা বন্ধ কৰি অলপ সময়ৰ বাবে ভাৱকচোন আপোনাৰ নিজৰ কথা, আপোনাৰ প্ৰত্যেকটো শৰীৰৰৰ অংগ-প্ৰত্যংগই আপোনাক নি:স্বাৰ্থ ভাৱে সহযোগিতা আগবঢ়াই আছে, থাকিবলৈ আপোনাৰ এটা ঘৰ আছে আৰু খাবলৈ দুবেলা ভাত। জীৱনটো কেৱল যাপন নহয় – উদযাপন কৰক। প্ৰটিতো মূহুৰ্ত-প্ৰটিতো পল নিজৰ বাবে উদযাপন কৰক। পৰিয়ালৰ মানুহবোৰ আছে আপোনাৰ ওচৰত, বন্ধু-আত্মীয়বোৰ আছে আৰু নিজৰ মনটো সৱল হৈ আছে। জীৱন উদযাপন কৰা মানে মদ-মাংস খাই, চিঞৰ-বাখৰ কৰি গান-নাচ কৰাৰ কথা ক’ব বিচৰা নাই। হাঁহি-ফূৰ্তিৰ মাজেৰে বৰ্তমান সময়খিনি সুখেৰে পাৰ কৰা। নিজৰ নাই নাই বুলি কিমান আৰু দুখ কৰিব, আপোনাৰ যি আছে বহুতৰে নাই বুলি আপুনি সুখ অনুভৱ কৰক। সুখ বহুসময়ত আপেক্ষিক হয়। আমি আমাৰ জীৱনৰ তুলনা সাধাৰণতে অলপ আৰ্থিক ভাৱে সৱল আৰু সফল ব্যক্তিৰ লগত কৰোঁ। তেওঁলোকৰ গাড়ী আছে-আমাৰ নাই, তেওঁলোকৰ গুৱাহাটীত ঘৰ আছে- আমাৰ নাই, সিহঁতৰ ভাল চাকৰি আছে- আমাৰ নাই ইত্যাদি। অলপ ওলোটাকৈ চাব শিককছোন, অথবা আপোনালোকতকৈ আৰ্থিক ভাৱে দুৰ্বলজনলৈ চাওঁকছোন। আপোনাৰ বাইক এখন আছে- সিহঁতৰ নাই, আপোনাৰ নিজৰ বুলিবলৈ ঘৰ এটা আছে- সিহতৰ নাই, আপুনি দুবেলা-দুমুঠি খাবলৈ পাইছে- সিহঁতে পোৱা নাই ইত্যাদি। আপুনি তেতিয়া আৰু হীনমান্যতাত নুভুগিব, জীৱনৰ নতুন ৰঙ দেখা পাব আৰু জীৱনটো উদযাপন কৰিব পাৰিব। আমি টাটা-আম্বানীৰ দৰে সুখ বিচাৰোঁ। টাটা-আম্বানীৰ দৰে প্ৰতিষ্ঠিত ব্যক্তি হ’ব পৰাটো নিশ্চয়কৈ ভাল কথা। কিন্তু এটা কথা মনত ৰাখিব- টাটা-আম্বানিৰ যি সুখ আপোনাৰো সেই একেই সুখ বা টাটা-আম্বানীৰ যি দুখ আপোনাৰো সেই একেই দুখ। আপোনাৰ যদি ৫০০০ টকাৰ ঋণ আছে, তেওঁলোকৰ হয়তো ৫০০০ কৌটি টকাৰ ঋণ আছে।
আপুনি আফ্ৰিকাৰ সেই গাঁৱবোৰৰ কথা পঢ়িছেনে য’ত এইডছ, ইবোলাত আক্ৰান্ত হৈ পৰিয়ালসহ গাঁৱবোৰ ধ্বংস হৈ যায়, কৰ’ণাৰ কালৰূপটো দেখিলেই নিশ্চয়, আফগানিস্থানৰ তালিবানী আক্ৰমনৰ ভয়ত পাৰ কৰা মানুহবোৰৰ কাহিনী শুনিছেনে অথবা চোমালিয়া বা কংগোৰ গৃহযুদ্ধত সৰ্বশ্ৰান্ত হোৱা মানুহবোৰৰ বেথা দেখিছেনে ? আপুনিটো এই সকলোবোৰ হোৱাৰ পিছতো জীয়াই আছে, সেউজীয়া উশাহ লৈছে অথবা পানীটুপিৰ বাবে আতুৰ হোৱা নাই। আপুনি যদি জীৱন উদযাপন নকৰে কোনে কৰিব।