বন্ধু আৰু সতীৰ্থসকলৰ লগত কথা পাতিলে প্ৰায়ে আলোচনাত ঠাই পোৱা কেইটামান বিষয় হ’ল – ‘তোৰ পেটতো ওলাইছে’, চাহত মোক চেনি কম দিবা, চুগাৰে পাইছে’, ‘মই ছাগলীৰ মাংস খাবলৈ এৰি দিছো, প্ৰেচাৰ বাঢ়িছে’, ‘মোৰ টোপনি ভাল নহয় আজিকালি’, ‘ককাল আৰু পিঠিৰ বিষ হ’ব ধৰিছে’ ইত্যাদি ইত্যাদি। যিসকল বন্ধু বা সতীৰ্থৰ কথা কৈছো তেওঁলোকৰ বয়স ৪০ বছৰৰ আশে-পাশে। এনেকুৱা ধৰণৰ কথা হয়তো আপোনালোকৰ মাজতো হয়। কথাটো হয়তো আমি ইমান গভীৰভাৱে বা গুৰুত্বসহকাৰে ভৱা নাই, ভাৱি লৈছো ই এক গতানুগতিক প্ৰক্ৰিয়া। আত্মহত্যাৰ খবৰবোৰো আজিকালি ঘনাই পোৱা হৈছো, চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱা মানুহ আৰু পৰিয়ালো আমি দেখিছো। আপোনাৰ যদি ককালৰ বিষ হোৱা নাই, ককালৰ বিষত ভোগা চিনাকী মানুহজনক সোধক- এই বিষৰ যন্ত্ৰনা কিমান। আপোনাক যদি এতিয়াও ‘ডাইবিটিছে’ লগ দিয়া নাই, ডাইবিটিছত আক্ৰান্ত সেই ভুক্তভোগীজনক সোধক- কিমান সমস্যা চুগাৰ থাকিলে। আপুনি হয়তো আজি ভালে আছে, কিন্তু যিটো শৰীৰৰ অংগ-প্ৰত্যংগবোৰে আপোনাক নিস্বাৰ্থভাৱে সহায় কৰি আছে অথবা যিটো দেহাৰ যোৰত আপুনি আপোনাৰ কামবোৰ কৰি গৈছে, সেই শৰীৰটোৰ আপুনি কি যত্ন লৈছে? আপুনি অনুভৱ কৰিব পাৰিছেনে, চুগাৰ-প্ৰেছাৰ-পিঠিৰ বিষ আদিয়ে যেতিয়া আমনি কৰিব ধৰিব আপোনাৰ কি কি অসুবিধা হ’ব। আপোনাৰ বাৰু শাৰিৰীক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব মন নাযায়নে!
মই কোনো চিকিৎসক নহয়, এগৰাকী সাধাৰণ মানুহ। মই ঔষধ দিব নোৱাৰো কিন্তু ওচৰৰ পৰা দেখা ভুক্তভোগী বহুতৰ কথা লিখিব পাৰো। আমি যি কৰিছো- চাকৰিয়েই হওক অথবা ব্যৱসায়ীয়েই হওক আমি যদি নিজৰ মন আৰু শৰীৰৰ যত্ন ল’ব পৰা নাই তেন্তে আমি হয়তো কৰবাত বিফল হৈছো। চকৰিৰ শীৰ্ষতম পদবীত থাকিও যদি আপুনি নিজৰ শৰীৰৰ বাবে সময় দিব পৰা নাই অথবা ব্যৱসায়ীক ব্যস্ততাৰ দোহাই দি যদি আপুনি নিজৰ শৰীৰৰ প্ৰতি আওকাণ কৰিছে, তেন্তে বিশ্বাস কৰক আপুনি ভুল কৰিছে, যি ভুলৰ প্ৰায়চিত্ত কৰিবলৈ হয়তো আপুনি আৰু পিছত সুবিধা নাপাব। স্বাস্থই পৰম ধন বুলি আমি সৰুৰ পৰাই শুনিছো, কিন্তু আমি কিমানে এই কথাবোৰ গুৰুত্বসহকাৰে লৈছো সেয়া নাজানো। কামৰ হেঁচাত বা জীৱনৰ দৌৰা-দৌৰিত আমি কেতিয়াবা পাহৰি যাওঁ আমাৰ নিজৰ কথা আৰু পিছত কান্দি থাকিলেও আৰু ওভোটাই পাব নোৱাৰে। বেমাৰৰ চিকিৎসা কৰাতকৈ বেমাৰ হ’ব নিদিয়াকৈ ৰাখিব পৰাটোৱে বুধিয়ক আৰু বিজ্ঞজনৰ কাম।
সুস্বাস্থ্যবান হৈ কেনেকৈ থাকিব লাগে সেয়া হয়তো আমি সকলোৱে জানো বা জানিবলৈ তথ্যৰ কোনো অভাৱ নাই আজিৰ পৃথিৱীত, কিন্তু আমি হয়টো নিয়ম মানি চলিব টান পাওঁ বা কেতিয়াবা এলাহ ভাৱে আমাক শৰীৰৰ যত্ন লোৱাৰ পৰা বিৰত কৰি ৰাখে। বিজ্ঞানে কয়- শৰীৰচৰ্চা, খেলা-ধূলা আদি কৰিলে মন আৰু শৰীৰ দুইটাই ভালে থাকে। শৰীৰ চৰ্চা কৰিবলৈ জিমত যাব নালাগে অথবা খেলা-ধূলা কৰিবলৈ কোনো কোচিং ল’ব নালাগে। মুকলি ঠাইত খেলা-ধূলা- শৰীৰ চৰ্চা বা যোগভ্যাস আদি কৰিলে আমাৰ শৰীৰত কিছুমান হৰ্মণ নিৰ্গত হয় যিয়ে আমাক হয়তো সুখী হৈ থকাত সহায় কৰে। আপোনালোকে জানেই যোগভ্যাস আদিৰ জৰিয়তে বহুতো বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু আজি সমগ্ৰ বিশ্বই ইয়াক স্বীকৃতি দিছে। ৰ’দ-বৰষুণ সহ্য কৰিব পৰা হৈ থাকিলেহে পৰিৱৰ্তিত পৰিৱেশৰ লগত মিলি থাকিব পাৰিব। আজিকালি আমি অধিকসংখ্যক লোকেই কম্পিউটাৰৰ ওপৰত নিৰ্ভৰশীল বা কম্পিউটাৰত কাম কৰিব লাগে। কিন্তু কিমান সময় একেৰাহে কম্পিউটাৰৰ সন্মুখত বহি থাকিব বা কম্পিউটাৰ টেবল খন কেনেকুৱা হ’ব লাগে আমি সেইবোৰ জনা প্ৰয়োজন। কিছুমান চিকিৎসকে কয়- পাৰিলে প্ৰতি এক ঘণ্টাৰ মূৰে মূৰে কম্পিউটাৰ টেবলৰ পৰা উঠি অলপ শৰীৰ সঞ্চালন কৰিব লাগে বা খোজ কাঢ়িব লাগে। ঠিক তেনেদৰে ম’বাইল ফোন আমি কিমান সময় একেৰাহে চাই থাকিব পাৰো বা চকুৰ ক্ষতি নোহোৱাকৈ কিমান সময় মোবাইল ফোন চাব পাৰি ইত্যাদি কথা আমি জানি লোৱা উচিত। কি খাদ্য খালে আপোনাৰ পেটৰ অসুখ হয় আপুনি নিশ্চয় জানে, মাংস খালেও কিমান বেছি খাব সেয়া নিয়ন্ত্ৰন কৰিব পাৰিব লাগিব। আমি বহুতেই খাদ্য ভোকতকৈ খকত খাও। টেঙা-তিতা কিয় একেলগে খাব নালাগে, ফ্ৰীজৰ পৰা পানী খোৱা কিমান উচিত বা অনূচিত সেয়া আমি জানি ললে আমাৰ জীৱন সহজ হ’ব। ধপাত-সুৰা আদিৰ কথা নকলোৱেই বা, এদিন সুৰাৰ ৰাগীত মাতাল হৈ ফূৰ্তি কৰি দুদিন যদি বিচনাত পৰি থাকিব লাগে সেই ফূৰ্তিৰ প্ৰয়োজনেই বা কি! মদৰ ৰাগীৰ মাতাল নোহোৱাকৈয়ো ফূৰ্তি কৰিব পাৰি, ধপাত বা গুটখা নাখালেও নিজকে আধুনিক যুৱক-যুৱতী বুলি পৰিছয় দিব পাৰি। সুৰা-গুটখাই যেতিয়া আপোনাৰ শৰীৰক তিল-তিলকৈ শেষ কৰিব তেতিয়া আপুনি কাক দোষ দিব। পৰিসংখ্যাবোৰ চালে আজিকালি কেতিয়াবা ভয় লাগে- মানুহৰযে কিমান বেমাৰ আৰু ইয়াৰ বহুত বেমাৰেই আমাৰ লাইফষ্টাইলৰ বাবে হোৱা।
সুখী মানুহ কোন বুলি যেতিয়া প্ৰশ্ন কৰে- মোৰ চকুত এটা সহজ উত্তৰ ভাহি আহে। যিজন ব্যক্তি নীৰোগী হৈ দুবেলা-দুমুঠি নিজৰ পৰিয়াল-আত্মীয়ৰ মাজত পাৰ কৰিব পৰিছে তেওৱেই সুখী। দেহা যদি ভালে থাকে, মনবোৰো ভালে থাকে আৰু সকলো কামেই বা সকলো লক্ষ্যই সহজ হৈ পৰে। বাকী সকলো কাম হৈ থাকিব, কিন্তু শৰীৰত এবাৰ বেমাৰে লগ দিলে হাজাৰ চেষ্টা কৰিও আপুনি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে। আপুনি অনুভৱ কৰিব চেষ্টা কৰক- এইযে ঈশ্বৰে আপোনাক এটা সুষ্ঠ শৰীৰ দিছে, য’ত দুখন ভৰি, দুখন হাত, দুটা চকু, দুখন কাণ ইত্যাদি অংগ প্ৰত্যংগ আছে আৰু আমাক সকলো সময়তে সহায় কৰি আছে, আমি আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। এবাৰ চকু মুদি ভাৱকছোন আপোনাৰ শৰীৰৰ অংগ-প্ৰত্যংগ সমূহৰ কথা, এবাৰ চকু মুদি অনুভৱ কৰিবলৈ চেষ্টা কৰকছোন- কি কৰিছে আপুনি আপোনাৰ শৰীৰৰ যত্ন লবলৈ! উত্তৰ আপুনি নিজেই পাব। কামৰ ব্যস্ততাৰ দোহাই নিদিব- কামৰ ব্যস্ততা কেতিয়াও শেষ নহ’ব, বেয়া নিচা এৰিব নোৱাৰো বুলি মনত নাভাৱিব- চেষ্টা কৰিলে পাৰিব। জীৱনটোৱে যদি আমি সুষ্ঠভাৱে জীয়াব নোৱাৰো, উপাৰ্জন কৰিয়েই বা হ’ব কি। বুঢ়া বয়সত যদি প্ৰেছাৰৰ ভয়ত ইচ্ছা অনুসাৰে মাংসই খাব নোৱাৰো অথবা চুগাৰৰ ভয়ত পছন্দৰ মিঠাইটো খাব নোৱাৰো ইয়াতকৈ আৰু কি দুখৰ কথা হ’ব। বিশ্বাস কৰক- দেৰি হোৱাৰ আগতেই স্বাস্থ্যৰ যত্ন লওক। মন আৰু শৰীৰ দুইটাকে সতেজ আৰু সুষ্ঠ কৰি ৰাখক, পৃথিৱীখন আপোনাৰ হ’ব।