বঙাইগাঁও জিলাৰ গাওঁ এখনত গৈছিলো এদিন কৰ্মসূত্ৰে । গাড়ীৰে গৈ থাকোতে ৰাস্তাত অলপ সময় ৰব লগা হ’ল । মূৰৰ ওপৰত তেতিয়া দুপৰীয়াৰ বেলি । কিছু দূৰত লক্ষ্য কৰিলো বুঢ়া মানুহ এজনে স্কুলঘৰ এটাৰ সন্মুখত কিবা গছপুলি ৰুই আছে । ৰৈ থাকি আমনি লগাত আগুৱাই গ’লো মানুহজনৰ ওচৰলৈ । সুধিলো- ‘আতা ( ককা ) কি কৰিছে’, তেওঁ কলে- আম গছৰ পুলি এটা ৰুইছো ৰবা । মই ধেমালি কৰি কলো- গছত আম লগালৈকে আপুনি আম খাবলৈ জীয়াই থাকিবনে । তেওঁ যিটো উত্তৰ দিলে আজিও মনত সাঁচ বহি আছে । তেওঁ কলে- ‘ বোপা, যিবোৰ ডাঙৰ আমগছ দেখিছা, যাৰ ফল আমি খাই আছো, সেইবোৰ মই এডালো ৰুৱা নহয়, মোৰ দেউতা-আতাহতে ৰুইছিলে । দেউতা-আতাহতে যদি নোৰোলেহেতেন আমি আজি কি খালোহেতেন ! আমাৰ পিছতো নতুন প্ৰজন্ম আহি থাকিব, সিহতৰ বাবে আমি ৰুব নালাগিব জানো ।‘
আমি আজি যি ভোগ কৰিছো, সেয়া নামঘৰেই হওক বা বিদ্যালয়েই হওক অথবা ক্লাৱঘৰেই হওক, সেয়া পূৰ্বজে কৰি থৈ যোৱা বাবেহে পাৰিছো । সেয়েহে আমাৰো দায়িত্ব আছে আমাৰ পৰৱৰ্ত্তী প্ৰজন্মৰ বাবে কিবা এটা কৰি থৈ যোৱাৰ । নিজে ফল ভোগ কৰিব নোৱাৰিম বুলি ভাৱি যদি আমি সামাজিক বা ৰাজহুৱা কাম নকৰো তেন্তে মানুহ আৰু শিল এটুকুৰাৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব ।