মই মনোবিজ্ঞানৰ ছাত্ৰ নাছিলো, কিন্তু যোৱা এটা দশক ধৰি কেৰিয়াৰ কাউন্সেলিঙৰ লগত জৰিত হৈ থকা বাবেই চাগে বহুজনে সাধাৰণ কাউন্সেলিঙৰ বাবেও কথা পাতে আৰু লাহে লাহে ময়ো মনোবিজ্ঞানৰ বিষয়ে আগ্ৰহী হৈ পৰো । কাইন্সেলিঙ মই যিমান দূৰ বুজি পাইছো- কাউন্সেলিঙৰ এটা গুৰুত্বপূৰ্ণ অংগ হ’ল মানুহ জনৰ বা ক্লায়েণ্ট জনৰ কথা মনোযোগেৰে শুনা । আজিৰ তাৰিখত উপদেশ দিয়া মানুহৰ অভাৱ নাই- কিন্তু আপোনাৰ কথা মনোযোগ দি শুনিবলৈ কাৰো সময় আৰু ধৈৰ্য্য নাই । এইখিনিতে কাউন্সেলিঙৰ এক ডাঙৰ ভূমিকা আছে । আপুনি যদি মনোযোগেৰে কাৰোবাৰ সমস্যাৰ কথা শুনে মানুহজনৰ সমস্যা প্ৰায়খিনি সমাধান তাতেই হৈ যায় বুলি কাউন্সেলিঙৰ তত্বই কয়। কাউন্সেলিঙৰ বিষয়ে অধ্যয়ন কৰি থাকোতে মনোবিজ্ঞানৰ এবিধ আহিলা (tool) জোহাৰি উইণ্ডোৰ বিষয়ে জানিব পাৰো যি তত্ব হয়তো নজনাকৈয়ে আমি কেতিয়াবা প্ৰয়োগ কৰিছো আমাৰ জীৱনত ।
মানুহ এজন আত্মবিশ্বাসী হৈ থাকিবলৈ, যিকোনো বাধা বা প্ৰত্যাহ্বান সহজে মুখামুখী হ’বলৈ আৰু নিজকে মানসিক ভাৱে সৱল কৰি ৰাখিবলৈ অথবা নিজৰ সামৰ্থ্য (Strength) আৰু দুৰ্বলতা (Weakness) সমূহ চিনি পাবলৈ নিজৰ বিষয়ে জনাটো (Self Awareness) বহুত প্ৰয়োজনীয় । যিমানে আমি নিজৰ বিষয়ে জানিম সিমানে আমি ডিপ্ৰেছন (Depression), হীনমান্যতা (inferiority complex) পৰা আতৰি থাকিম আৰু আত্মবিশ্বাসেৰে নিজক আগুৱাই নিব পাৰিম ।
জোহাৰি উইণ্ডো (Johari Window) তত্বই আমাৰ সচেতন (Conscious) আৰু অৱচেতন (Sub-Conscious) মনক চাৰিটা ভাগত ভগাইছে-
১) মুক্ত (Open): নিজৰ যিবোৰ কথা আপুনি নিজেও জানে আৰু আনেও সেই কথাবোৰ জানে । উদাহৰণ- আপুনি মানুহক সহায় কৰি ভাল পায়, সেইটো আপুনিও জানে আৰু আনেও সেই কথাটো জানে ; অথবা কোনোবাই সময় মতে কাম নকৰিলে আপোনাৰ খং উঠে বুলি আপুনিও জানে আনেও জানে ইত্যাদি ।
২) অন্ধ (Blind) আপোনাৰ কিছুমান কথা- যি হয়তো আপুনি নিজেই নাজানে কিন্তু আনে জানে । উদাহৰণ- ধৰি লওক আপুনি কথা কওতে ইমান কথা কৈ থাকে আপুনি গম নাপায় সন্মুখৰ মানুহজনে আমনি পোৱা বুলি- কিন্তু আন মানুহে জানে আপুনি কথা আৰম্ভ কৰিলে শেষ নকৰে বুলি ; অথবা আপোনাৰ উপস্থিতিয়ে যিকোনো আলোচনা এটাত গাম্ভীৰ্য্যতা আনি দিয়ে যিটো হয়তো আন মানুহে উপলব্ধি কৰিব পাৰে কিন্তু আপুনি নোৱাৰে ইত্যাদি ।
৩) গোপন (Hidden) আপোনাৰ কিছুমান কথা- যি কেৱল আপুনিহে জানে, আন কোনোৱে নাজানে । উদাহৰণ- আপুনি হয়তো মেট্ৰিক পৰীক্ষাত নকল কৰি লেটাৰ নম্বৰ লাভ কৰিলে অথবা আপোনাৰ কোনোবা পুৰুষ বা নাৰীৰ লগত অবৈধ সম্পৰ্ক আছিলে ইত্যাদি ।
৪) অজ্ঞাত (Unknown) আপোনাৰ কিছুমান কথা বা ব্যক্তিত্ব যিটো আপুনিও নাজানে আৰু আনেও নাজানে । উদাহৰণ- আপুনি কোনোবা এটা অনুষ্ঠানত মঞ্চত আদৰণি ভাষন দিব পাৰিবনে নাই- কাৰণ আপুনিও হয়তো কেতিয়াও মঞ্চত উঠি পোৱা নাই আনেও আপোনাক কেতিয়াও মঞ্চত দেখা নাই , ইত্যাদি বহুকথা যি আমি কেতিয়াওঁ ভৱাই নাই ।
এজন ব্যক্তিৰ প্ৰথম ভাগটো বা মুক্ত ভাগটো যিমান বেছি হ’ব বাকী কেইটা ভাগ সিমানে সৰু হ’ব আৰু মুক্ত ভাগটো ডাঙৰ হোৱাটোৱে কাম্য । আপোনাৰ সচেতন বা অৱচেতন মনত মুক্তভাগটো যিমান ডাঙৰ হ’ব আৰু আন ভাগ কেইটা যিমান সৰু হ’ব আপুনি সিমানে আত্ম-সচেতন (Self Aware) হ’ব । ‘অন্ধ’ ভাগটো যিমান পাৰি শূন্য কৰিব পাৰিলে ভাল কিন্তু ‘গোপন’ ভাগটো সৰু হ’ব লাগে কিন্তু শূন্য নহয় । তেনেদৰে অজ্ঞাত ভাগটো যিমান দূৰ সম্ভৱ জানি লব পাৰিলে নিজৰ শক্তি আৰু দুৰ্বলতা সমূহৰ সম্পূৰ্ণ জ্ঞান থাকে – কিন্তু ইয়াক অজ্ঞাতৰ পৰা কেনেদৰে মুক্ত কৰিব তাৰ কোনো নিৰ্দিষ্ট ৰাস্তা নাই, নিজকে যিমান পৰীক্ষা-নিৰীক্ষা কৰিব সিমানে এই ভাগটো সৰু হৈ যাব ।
অন্ধ ভাগটো সৰু বা কম কৰিবলৈ আপুনি আপোনাৰ কথা আৰু কামৰ ওপৰত আনৰ মন্তব্য (Feedback) লব লাগিব বা আনক সুধিব (Ask) লাগিব আনহাতে গোপন ভাগটো সৰু কৰিবলৈ নিজৰ কথা আনক কব লাগে (Tell), গোপন কথাবোৰ যিমান কম হ’ব সিমানে আপোনাৰ হয়তো মনতো পাতল পাতল লাগিব, কিন্তু সকলো ধৰণৰ গোপন কথা চাগে আপুনি কব নোৱাৰে আৰু সেই কথাবোৰ আপোনাৰ মৃত্যুৰ লগে লগে শেষ হ’ব ।
কাউন্সেলৰ হিচাপে আমাৰ দায়িত্ব -মানুহজনৰ মনৰ কথাবোৰ মনোযোগ দি শুনা আৰু কথা পতা আৰু ক্লায়েণ্ট বা ব্যক্তিজনক নিজৰ বিষয়ে যিমান সম্ভৱ জনাই দিয়া আৰু আত্মবিশ্বাসী কৰি তোলা । সমস্যাৰ সমাধান ব্যক্তি বা ক্লায়েণ্ট জনেই নিজেই উলিয়াই ল’ব ।