প্ৰথম প্ৰেম বুলি কথা আছে, কিন্তু শেষ প্ৰেম বুলি কিবা কথা আছেনে!

প্ৰিয়ংকাৰ বয়স প্ৰায় ২১ বছৰ, কম বয়সীয়া চঞ্চলা ছোৱালী। এয়া তাইৰ পখিলা খেদি ফুৰাৰ বয়স। হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোতেই ভাল পাই পেলালে দিগন্ত গোস্বামীক। দিগন্ত তাইতকৈ দুইবছৰ ছিনিয়’ৰ, ভদ্ৰ লৰা। কলেজ ব্ৰেক টাইমত লগ ধৰে সিহতে- কথা পাতে, কেণ্টিনত চাহ খাই আদ্দ মাৰে আৰু এনেদৰে সিহতৰ প্ৰেমৰ সম্পৰ্ক আগবাঢ়ে। প্ৰিয়ংকা এতিয়া বিএ ফাইনেল চেমিষ্টাৰৰ ছাত্ৰী, দিগন্তক লৈ বহুত সপোন দেখে, অন্য ল’ৰাৰ লগত যেন কথা পাতিবলৈও মন নকৰে। দিগন্তৰ কলেজীয়া শিক্ষা ইতিমধ্যে শেষ হৈছে- সি মাজে মাজে আহি কলেজৰে বাহিৰত লগ কৰে প্ৰিয়ংকাক। দুয়োখন ঘৰৰ মানুহে গম পালে সিহতৰ সম্পৰ্ক বোৰৰ কথা। প্ৰিয়ংকাৰ ঘৰত  বিশেষ আপত্তি নকৰিলে কিন্তু দিগন্তৰ পৰিয়ালে এই সম্পৰ্কটো ভাল নাপালে। এদিন দিগন্তৰ বায়েকে ফোন কৰি প্ৰিয়ংকাক দিগন্তৰ পৰা আতৰি আহিবলৈ কলে আৰু ফোনত হেনো গালিও দিলে।  দিগন্ত বামুণৰ লৰা আৰু প্ৰিয়ংকা নাথৰ ছোৱালী, সিহতে কিন্তু তেতিয়ালৈকে বিয়াৰ কথা তেনেকে একো ভৱাই নাছিল, কেৰিয়াৰ গঢ়া আৰু চাকৰি এটা লোৱা আছিল প্ৰথম উদ্দেশ্য। দিগন্তই ঘৰৰ কথা মানি লৈ সম্পৰ্কটোৰ পৰা আতৰি আহিলে, প্ৰিয়ংকা বাকৰুদ্ধ হৈ পৰিল, দিগন্তই নিজৰ অসহায়তাৰ কথা প্ৰকাশ কৰিলে। সময় গুচি গৈ থাকিল, প্ৰিয়ংকাৰ হৃদয়ত এটা শূন্যতাৰ সৃষ্টি হ’ল- পঢ়া-শুনাৰ প্ৰতিও ধাউতি কমি আহিল।

            তেনে এক দোদুল্যমান অৱস্থাতে আৱিৰ্ভাৱ হ’ল এটা নতুন চৰিত্ৰ ভাৰ্গৱ দত্ত। উজনিৰ লৰা সি, টেট শিক্ষক- প্ৰিয়ংকা হতৰ কাষৰ ঘৰতে ভাড়া থাকে। ওচৰ-চুবুৰীয়া হিচাপে চিনাকী হ’ল। বহু কথাই পাতিলে। পানীত পৰা মানুহে মেটেকাকে সাৰথি কৰি লোৱাৰ দৰে ভাৰ্গৱক তাই সকলোবোৰ কথা কলে আৰু ভাৰ্গৱেও সহমৰ্মিতা প্ৰকাশ কৰিলে। ভাৰ্গৱে ভাড়াঘৰত অকলেই থাকে, তাৰো কথা পাতিব পৰাকে লগ এজনী হ’ল। আজৰি সময়ত কথা পাতোতে পাতোতে কেতিয়াবা দুপৰ নিশালৈকে হোৱাটছএপত সিহতে কথা পাতে। প্ৰিয়ংকাৰ কলেজ আৰু ভাৰ্গৱৰ স্কুল একে দিশত হোৱা বাবে অহা-যোৱা সময় দুয়ো মিলাই ললে। প্ৰিয়ংকাৰ মনত কিন্তু তেতিয়াওঁ দিগন্তৰ কথাই দোলা দি আছে। এদিন ভাৰ্গৱে প্ৰিয়ংকাক বিয়াৰ প্ৰস্তাৱ দিলে, প্ৰিয়ংকাই একো নকলে। ইপিনে দিগন্তই এইবোৰ কথা গম পাই প্ৰিয়ংকাক আকৌ যোগাযোগ কৰিলে- দিগন্ত উভতি আহিব বিচাৰে প্ৰিয়ংকাৰ ওচৰলৈ। প্ৰিয়ংকা বিবুদ্ধিত পৰিল, কাক এৰিব কাক ধৰিব। দিগন্তৰ প্ৰতি প্ৰেম আছে যদিওঁ ক্ষোভ বহুত আছে, ভাৰ্গৱে তাইক ভাল পাই যদিওঁ তাই ভাৰ্গৱৰ প্ৰতি নিজকে উৎসৰ্গিত কৰিব পৰা নাই। ভাৰ্গৱ অভিমানী হৈ উঠে, ভাৰ্গৱে নিজকে প্ৰিয়ংকাৰ বাবে কেৱল টাইম পাছ (Time Pass) কৰা মানুহ হিচাপে অনুভৱ কৰিলে। এদিন ভাৰ্গৱ গুছি গ’ল ট্ৰান্সফাৰ লৈ দূৰণিৰ কোনোবা গাঁৱলৈ। সিদিনা কিন্তু প্ৰিয়ংকাৰ দুখ লাগে, দিগন্তক মাজে মাজে এতিয়া তাই লগ ধৰে। প্ৰিয়ংকাই অনুভৱ কৰিলে ভাঙি যোৱা সম্বন্ধ যোৰা লগোৱা সহজ নহয় বা যোৰা লাগিলেওঁ পূৰ্বৰ দৰে শক্তিশালী নহয়। এই গোটেই কথাখিনি প্ৰিয়ংকাই মোক কোৱা কথা, দিগন্ত আৰু ভাৰ্গৱৰ মুখেৰে শুনা নাই কথাখিনি। কিন্তু দুটা কথা ইয়াত স্পষ্ট দিগন্ত আৰু প্ৰিয়ংকাৰ প্ৰেম আছিলে কিন্তু দিগন্তই নিজকে হয়তো সিমান উৎসৰ্গিত কৰিব পৰা নাছিল, প্ৰেয়সী এগৰাকী লাগে জীৱনৰ বাবে- কিন্তু সম্পৰ্ক এটা আগবঢ়াই নিবলৈ যেন দৃঢ়তাৰ অভাৱ- সেয়া হয়তো বয়সৰ বাবেওঁ হ’ব পাৰে। আনহাতে প্ৰিয়ংকাই প্ৰেমৰ শূন্যতা দূৰ কৰিবলৈ ভাৰ্গৱৰ কাষ চাপিছিল আৰু ভাৰ্গৱৰ মাজত হয়তো প্ৰিয়ংকাই দিগন্তক বিচাৰিছিলে। দিগন্ত যদি সেইখিনি সময়ত উভতি নাহিলহেতেন – প্ৰিয়ংকা আৰু ভাৰ্গৱৰ বিয়া চাগে হৈ গ’লহেতেন। দিগন্তৰো চাগে প্ৰিয়ংকাক এৰি থৈ অকলশৰীয়া অনুভৱ হৈছিল- সেয়ে পুনৰ উভতি আহিব চেষ্টা কৰিছিলে, যদি সেই সময়ছোৱাত দিগন্তৰ কাষলৈ আন কোনো ছোৱালী আহিলহেতেন তেন্তে দিগন্তই পুনৰ প্ৰিয়ংকাৰ ওচৰলৈ উভতি আহিলেহেতেন নে সেয়া অৱশ্যে বহুমূলীয়া এটা প্ৰশ্ন ! এদিন প্ৰিয়ংকাৰ বিয়াৰ খবৰ পালো, দৰা কিন্তু দিগন্ত বা ভাৰ্গৱ এজনো নহয়। বিয়াৰ পিছত এদিন খবৰ লৈছিলো- সিহঁতে এতিয়া নিজক লৈ ব্যস্ত আৰু সিহতৰ সুখৰ সংসাৰ। স্বামী-স্ত্ৰীৰ মাজত এতিয়া আন সকলোবোৰ অতীত।

নিবেদিতা আৰু ৰাহুল দুয়ো একেলগে একেখন স্কুলতে পঢ়া-শুনা কৰা। ক্লাছ চিক্স মানৰ পৰাই সিহতৰ এজনে আনজনৰ প্ৰতি দুৰ্বল। ক্লাছ চিক্সত থাকোতে চাগে ভালপোৱা কি বা প্ৰেম কি কোনেওঁ বুজি পোৱা নাছিল কিন্তু এজনে আনজনৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিলে। বুজা-নুবুজাকৈ সিহঁতে একেলগে সপোন দেখিব আৰম্ভ কৰিলে। নিবেদিতাই মেট্ৰিক পাছ কৰি গুৱাহাটীৰ কটন কলেজত এডমিশ্যন ললে কিন্তু অইন লৰাৰ প্ৰতি কোনো আসক্তি বা প্ৰেমানুভৱ নকৰিলে, চাগে লাহে লাহে তাই ৰাহুলৰ প্ৰতি উৎসৰ্গিত হৈ পৰিছিল। ৰাহুলৰো একেই উৎসাহ আৰু অনুভৱ তাইৰ প্ৰতি। এদিন এনেকৈয়ে সিহতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিল। দুয়োখন ঘৰৰ মানুহেও কথাবোৰ লাহে লাহে গম পালে, কিন্তু এই সম্পৰ্কত ঘৰৰ মানুহৰ যেন বিশেষ কোনো আপত্তি নাছিল। দুয়োজনৰে ঘৰ গুৱাহাটীত, মাজে-সময়ে ঘৰলৈও অহা-যোৱা হয় সিহতৰ, বন্ধুমহলত সকলোৱে গম পালে সিহতৰ প্ৰেমৰ সম্পৰ্কৰ কথা। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি নিবেদিতা দিল্লীলৈ পঢ়িবলৈ গ’ল আৰু ৰাহুল গুৱাহাটীত থাকিল, ফোনত কথা বতৰা চলি থাকিল। দুবাৰমান ৰাহুল দিল্লীলৈওঁ গ’ল লগ কৰিবলৈ, নিবেদিতা গুৱাহাটী আহিলে সিহতে লং ড্ৰাইভত যায়। কিন্তু হঠাৎ জানো কি হ’ল- চকুৰ আতৰ হলে মনৰো আতৰ হোৱাৰ দৰে সিহতৰ সম্বন্ধটোত অলপ গোলমাল লাগিল। কাৰ ভুল সেয়া নাজানো, কিন্তু যেন আগৰ দৰে আকৰ্ষণ নোহোৱা হৈ গৈছে আৰু এদিন সম্বন্ধটো ভাঙি থাকিল। নিবেদিতাই হেনো চেষ্টা কৰিছিলে ধৰি ৰাখিবলৈ কিন্তু ৰাহুলে দায়িত্ববোধ লবলৈ অলপ অস্বীকাৰ কৰিলে। চাগে প্ৰেমলৈকে ঠিক আছিল, যেতিয়া বিয়াৰ কথা ওলাব ধৰিলে ৰাহুলে নিজকে প্ৰস্তুত কৰি তুলিব নোৱাৰিলে, সিহঁত সমবয়সীয়া আছিল।

            নিবেদিতা-ৰাহুলৰ সম্পৰ্ক ভাঙি যোৱাৰ প্ৰায় ৪-৫ বছৰ মান পিছত নিবেদিতাৰ জীৱনলৈ আহিল ইৰফান। ইৰফান মুছলমান সম্প্ৰদায়ৰ যদিওঁ সি অসমীয়া। নিবেদিতাই বিশ্বাস কৰা নাছিল প্ৰেম দুবাৰ হ’ব পাৰে। ৰাহুলৰ প্ৰেমকে সমগ্ৰ জীৱনৰ সত্বা কৰি লোৱা নিবেদিতাই ইৰফানৰ প্ৰেমত পৰিল। প্ৰথমতে সেয়া ৰাহুলে সৃষ্টি কৰা শূন্যতাৰ বাবে হোৱা প্ৰেম বুলি ভৱা হৈছিল যদিওঁ তেনে নহয়। যি নিবেদিতাই ৪-৫ বছৰ কোনো লৰাক তাইৰ জীৱনলৈ আহিব নিদিলে সেই নিবেদিতাই আজি ইৰফানৰ প্ৰেমত হাবু-ডুবু খাইছে। ইৰফান শিক্ষিত লৰা আৰু সি তাইৰ সম্পূৰ্ণ ইতিহাস জানে আৰু ইৰফানে এই প্ৰেমৰ সম্পৰ্কক বিয়ালৈ ৰূপান্তৰ কৰিব খোজে। কিন্তু আমাৰ সমাজত এতিয়াও হিন্দু-মুছলমানৰ মাজত বিয়া সহজ হৈ উঠা নাই, কিন্তু সিহতটো দুৰ্বাৰ প্ৰেমিক। ঘৰত মনাবলৈ চেষ্টা চলি আছে যোৱা ৩-৪ বছৰ ধৰি। সিহতে আশা এৰা নাই আৰু ভুল ৰাস্তাও লোৱা নাই। ৰসায়নো মিলাইছে আৰু অংকও কৰিছে সিহঁতে, এজনে আনজনক ভালকৈ বুজি পাই সিহঁতে। প্ৰেম সমাজ ব্যৱস্থাৰ উৰ্দ্ধত, কিন্তু বিয়া সমাজ ব্যৱস্থাৰ উৰ্দ্ধত হয়নে নহয় সেয়া  সময়েহে ক’ব।

নিবেদিতা আৰু ৰাহুলৰ কাহিনীটো লিখাৰ প্ৰধান উদ্দেশ্য এইটো যে প্ৰেমৰ এটা সম্পৰ্ক ভাঙি গ’লে বা প্ৰেমত প্ৰতাৰিত হলে হতাশা হয়তো দুদিনমানলৈ আহিব কিন্তু জীৱনৰ যতি নপৰে। নিবেদিতা প্ৰথম প্ৰেমত যেতিয়া প্ৰতাৰিত হ’ল- তাই ভাৱিলে জীৱনৰ সকলো শেষ কিন্তু সেয়া নহয়। তাই ৰাহুলক দেখুৱাবলৈ এটা ভাল চাকৰি ললে- প্ৰেম আকৌ আহিল তাইৰ জীৱনলৈ আৰু যি প্ৰেম হয়তো নিবেদিতাই আশা কৰাতকৈ বহুত বেছি। বিয়াখন হলে সিহতে চাগে সুখী হ’ব কিন্তু সিহতবোৰ আজিকালি প্ৰাপ্তবয়স্ক আৰু বুজি পোৱা লৰা-ছোৱালী, ঘৰৰ অমততো সিহতে একো সিদ্ধান্ত লোৱা নাই।

আমি ইতিহাসত ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী অথবা ঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনী পঢ়ো বা শুনো বা বিভিন্ন প্ৰসংগত টানি আনো। ৰাধা-কৃষ্ণৰ কিন্তু বিয়া হোৱা নাছিল আৰু অনিৰুদ্ধই ঊষাক পলুৱাই নিয়াৰ বাবেই হৰিহৰৰ যুদ্ধ হৈছিলে। বহুতেই আজিকালি ফেচবুক বা হোৱাটছএপ ষ্টেটাছত কিছুমান প্ৰেম সম্পৰ্কীয় উক্তি (Quote) বা ফটো আপডেট দিয়ে। এই উক্তিবোৰে মানুহজনৰ মনৰ ভাৱ বা মনৰ কথাটো প্ৰকাশ কৰে। ইয়াৰ কোনোটাই সাৰ্বজনীন সত্য নহয় বা গ্ৰহণযোগ্য নহয়। কেৱল নিজক সান্তনা দিবৰ বাবে কোনো এক বিশেষ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত এনেকুৱা আপডেট বোৰ নিজৰ বুলি মানি লৈ প্ৰকাশ কৰে। সকলো প্ৰেমেই ভাল আৰু সচা। সচা প্ৰেম বুলিটো বেলেগ বস্তু থাকিব নোৱাৰে, প্ৰেম মানেই সত্য- প্ৰেম মানেই বিশ্বাস। কোনোবাই প্ৰেমত পৰিলে কবিতা লিখে, কোনোবাই ছবি আকে আৰু বহুতেই বিয়াৰ অংক কৰে। প্ৰেমত প্ৰতাৰিত হলেওঁ কিছুমানে কবিতা লিখে, কিছুমানে ছবি আকে আৰু কিছুমানে মদ খাব আৰম্ভ কৰে, দুই-এজনে নিজৰ জীৱনকে শেষ কৰি দি আত্মহত্যা কৰে। কিন্তু ক্ষতি কাৰ, প্ৰেমত প্ৰতাৰিত হলেই বা বিচ্ছেদ হলেই জীৱন শেষ হ’ব নোৱাৰে – জীৱন আৰম্ভহে হ’ব। আগতেও লিখিছো- প্ৰথম প্ৰেম বুলিহে কথা আছে কিন্তু শেষ প্ৰেম বুলি নাই ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…