ৰক্তিম ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ ছাত্ৰ, হোষ্টেলত আমি একেলগে থাকো। মেঘালী বৰুৱা লখিমপুৰৰ ছোৱালী, তাই দৰ্শন বিভাগৰ। ছোৱালী হোষ্টেলতে থাকে। ইমান ধুনীয়া আৰু মৰমলগা, ইউনিভাৰ্ছিটিৰ সকলোৱে চিনি পাই তাইক। তাই সংগীতৰ চৰ্চা কৰে আৰু তাইৰ চকুযুৰি কোনোবা কবিয়ে বৰ্ণনা কৰাৰ দৰে পদুমফুলৰ পাহি। তাই সকলোৰে লগত ভালকৈ মাতবোল কৰে। বহুত লৰাই তাইক লৈ সপোন দেখে, বহুতৰ ভিতৰত আমিও আছিলো। ইউনিভাৰ্ছিটিৰ কিবা এটা প্ৰগ্ৰামৰ পৰা ৰক্তিম আৰু মেঘালীৰ চিনাকী আৰু সিহতৰ ভাল বন্ধুত্ব গঢ়ি উঠিছে। ৰক্তিমৰ লগত তাই আমাৰ হোষ্টেললৈ দুবাৰ মান আহিছেও। ধুনীয়া আৰু স্মাৰ্ট ছোৱালীবোৰযে সদায় অহংকাৰী নহয় তাই তাৰ বাস্তৱ প্ৰমান। ৰক্তিমক আমি প্ৰায়ে জোকাও তাইৰ লগত। কিন্তু ৰক্তিমে কয়- মেঘালী বহুত ধুনীয়া আৰু স্মাৰ্ট ছোৱালী, পাছ কৰি উঠি কোনোবা ভাল চাকৰি কৰা ধনী ঘৰৰ ল’ৰাৰ লগত বিয়া হৈ যাব। ইমান ধুনীয়া ছোৱালীৰ নিশ্চয়কৈ বয়ফ্ৰেণ্ড থাকিব আৰু নাথাকিলেও আমি বোৰ বন্ধু হৈ থকাই ভাল। ৰক্তিমৰ কথা- তাইৰ লগত তাৰ বন্ধুত্ব আছে সেয়া তাৰ বাবে গৌৰৱ, তাই দুপৰ নিশাও তাক ফোন কৰে কাৰণ তাই তাক বিশ্বাস কৰে। তাইৰ প্ৰতি দুৰ্বলতা নথকা নহয়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দি বন্ধুত্ব হেৰাবলৈ মন নাই। মেঘালীৰ প্ৰতি ইউনিভাৰ্ছিটিৰ বহুতৰে দুৰ্বলতা আছে কিন্তু সাহস আৰু আত্মবিশ্বাসৰ অভাৱত কোনোজনে প্ৰেমৰ চাগে প্ৰস্তাৱ আগবঢ়োৱা নাই বা কোনোবাই আগবঢ়াইছিলে যদিওঁ তাৰ খবৰ নাই আমাৰ হাতত। ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা গৈ ফোৰ্থ ছেমিষ্টাৰ পালে, কোনেও কাকো একো নকলে। মেঘালীৰ মনৰ কথা আমি নাজানো, কিন্তু ফাইনেল পৰীক্ষা যিমান ওচৰ চাপি আহিছে ৰক্তিম যেন অলপ দুখী হৈ পৰিছে। আমি তাক কওঁ- মেঘালীক কৈ চোৱা এবাৰ, কিন্তু সি বন্ধুত্ব ভাঙিব বুলি কবলৈ অলপ ইতস্ততবোধ কৰে। আমি কৈছিলো- পৰীক্ষাৰ পিছত সকলো ঘৰাঘৰি গুচি যাব তাৰ পিছত আৰু কান্দিলেও এনেকুৱা সুবিধা নাপাবি। আমি অৱশ্যে বুজি পাওঁ আনক উপদেশ দিয়া যিমান সহজ, নিজৰ ক্ষেত্ৰত হোৱা হলে চাগে আমাৰো একেই অৱস্থা হ’লহেতেন। এদিন ফাইনেল পৰীক্ষা দি সকলোৱে হোষ্টেল এৰি গুচি গ’ল। ফোনত সিহঁতৰ যোগাযোগ চলি আছিল বোধহয় প্ৰথম কিছুদিন।
তিনি-চাৰি বছৰ মান পিছত ফেচবুকত বিচাৰি পালো মেঘালীক, তাই এতিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল এখনত বিষয় শিক্ষয়ত্ৰী। ফটোত দেখিলো তাইৰ ধুনীয়া তেতিয়াওঁ সেই একেই আছে। ৰক্তিম তেতিয়া আই আই টি মুম্বাইত পি,এইচ,ডি কৰি আছে- শেষ হ’বলৈ চাগে আৰু কেইমাহ মান লাগিব। ফেচবুকত এদিন কথা পাতোতে সুধিয়ে দিলো বিয়াৰ কথা, তাই কলে- বিয়া হোৱা নাই কিন্তু এংগেজমেণ্ট হৈ গৈছে। ল’ৰা ক’ৰ বুলি সুধিলো এইবাৰ, যিজন ল’ৰাৰ কথা কলে তেওঁক আমি চিনি পাওঁ, আমাতকৈ একবছৰ ছিনিয়’ৰ আছিল তেওঁ। চাপৰকৈ ল’ৰাজন মোটা চশমা পিন্ধা এতিয়া হাইস্কুলৰ টেট শিক্ষক। মনতে ভাৱিলো ৰাজু দাৰে ভাগ্য ভাল, ইমান ধুনীয়া ৰাজকন্যাৰ দৰে উজ্বল আৰু সুগঢ়ি কইনা এজনী পাব। ৰাজু বৰ্মন দা, হোষ্টেলত আছিল যদিও সিমান সক্ৰিয় নাছিল বা খেলা-ধুলাই হওঁক বা গান-নাচতো অংশগ্ৰহন কৰা নাছিল। আমি খেলিলে তেওঁ থ্ৰী-কোৱাৰ্টাৰ পেণ্ট এটা পিন্ধি পানীৰ বটল লৈ যায়, আমি নাটক কৰিলে তেওঁ কাপোৰৰ বেগৰ ৰখীয়া হয়। পঢ়া-শুনাত বেয়া নাছিল কিন্তু সিমান সামাজিক নাছিল, আনকি মেঘালীৰ লগত আগতে কথা পতাওঁ মনত নপৰে। দেখাই শুনাই ৰক্তিমৰ লগত ৰাজু দাৰ তুলনা নহয়, ৰক্তিম আছিল ওখ-পাখ স্মাৰ্ট, এতিয়া বহুদিন লগ পোৱা নাই, ফেচবুকত দেখি থাকো তাক। ৰক্তিমে পি,এইচ,ডি শেষ কৰিয়ে কোনোবা এটা গৱেষণাগাৰত কামত সোমাব বুলি এদিন এটা আপডেট দিয়া দেখিছো। মনতে ভাৱিলো, মেঘালীয়ে ৰক্তিমক এৰি ৰাজু বৰ্মন দাকহে পালেনে। এইবাৰ চিধাচিধি সুধিয়ে দিলো মেঘালীক ৰাজু দাক ক’ত লগ পালে আৰু কেনেকৈ হ’ল বুলি সম্বন্ধটো। তাই কলে এম,এ পাছ কৰি উঠি গুৱাহাটীৰ কোনোবা এখন বি,এড কলেজত বি,এডত এডমিশ্যন ললে হেনো একেলগে। ৰাজু বৰ্মন দাই এদিন নিজে আহি মেঘালীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে হেনো। মেঘালীৰ জীৱনলৈ হেনো তেতিয়ালৈ কোনো প্ৰেমিক অহা নাই, গুৱাহাটীত অকলে থাকে- কিছুদিন একেলগে ঘুৰা-ফুৰা কৰিলে আৰু এদিন ৰাজু দাৰ প্ৰেমৰ প্ৰস্তাৱ মানি ললে। মই কলো- ইউনিভাৰ্ছিটিত থাকোতে বহুতেই তোমাক ভাল পাইছিল, আনকি ৰক্তিমেও বিচাৰিছিল তোমাক। তাই কলে – ৰক্তিমক মোৰো ভাল লাগিছিল, কিন্তু সিটো একোৱে নকলে। মই আৰু একো নকলো।
সেয়াই আত্মবিশ্বাস, ৰাজু বৰ্মন দাৰ আত্মবিশ্বাস আছিল আৰু সেয়ে ফলাফল কি হ’ব নাভাৱি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে কিন্তু ৰক্তিমৰ যেন আত্মবিশ্বাস অলপ কম আছিল। ফলাফলৰ কথা আগতেই বেছি ভৱা বাবে চাগে ৰক্তিমে আগবাঢ়িব নোৱাৰিলে, ৰক্তিমে ইচ্ছা কৰা হেতেন তাৰ সপোনৰ মেঘালীক নিজৰ কৰি লব পাৰিলেহেতেন, আনকি মেঘালীয়েও একো আগনাবাঢ়িল। এতিয়া সিহতৰ যোগাযোগো নাই- নিজ নিজ কামক লৈ ব্যস্ত সকলো।
প্ৰশান্ত আৰু ৰীমা একেটা ডিপাৰ্টমেণ্টতে কাম কৰে, দুইজনৰে অফিছ বেলেগ বেলেগ যদিওঁ কামৰ বাবে প্ৰায়ে লগ পাই থাকে, ৰীমা হতৰ ডিপাৰ্টমেণ্টত প্ৰশান্ত বছ বা প্ৰধান বিষয়া। প্ৰশান্তৰ বয়স প্ৰায় ৩১ বছৰ আৰু ৰীমাৰ প্ৰায় ২৫ বছৰ। ৰীমা হাঁহি- ফূৰ্তি কৰি থকা ধুনীয়া ছোৱালী। মুখায়ৱত অলপ মংগোলীয় চাপ আছে তাইৰ। ছিনিয়ৰ-জুনিয়ৰ বুলি এটা ব্যৱধান থাকে বাবে প্ৰশান্ত আৰু ৰীমাই দুইজনে দুইজনক চিনি পাই যদিও তেনেকে কেতিয়াও কথা পতা নাই। এদিন ডিপাৰ্টমেণ্টৰ পিকনিকত ওচৰৰ পৰা লগ পালে তাইক, প্ৰাণ-ঢালি নাচিছে তাই, খানা বিলাইছে। হাঁহিমুখীয়া ৰীমাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰশান্তৰ তাইক ভাল লাগি গ’ল কিন্তু কয় কেনেকে। নিজৰ অফিছৰ সহকৰ্মী বা জুনিয়ৰক কিবা কলে আৰু বেয়াকৈ কথাবোৰ ওলাবলৈও ভয়। মাজৰ মানুহ এজনক কথাটো ক’লে, অজিত বৰুৱা। অজিত একেটা ডিপাৰ্টমেণ্টৰে প্ৰশান্তৰ জুনিয়ৰ যদিওঁ ৰীমাৰ অফিছত বহে আৰু ৰীমাক হেনো স্কুলীয়া দিনৰে পৰা চিনি পাই। প্ৰশান্তৰ তেতিয়া ঘৰৰ পৰা বিয়াৰ কথাও চলি আছে, কইনা বিচাৰি থকা গৈছে। অজিতে দুদিন পিছতে খবৰ দিলে যে ৰীমাৰ ইতিমধ্যে বয়ফ্ৰেণ্ড আছে, গতিকে প্ৰশান্তই আৰু একো নাবাঢ়িল। প্ৰশান্তৰ চাকৰি ট্ৰান্সফাৰ হৈ গ’ল বেলেগ জিলালৈ। ছয়মাহ মান পিছত এদিন ৰীমাই ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে, মেছেজতে দুই-এটা কথা হ’ল। ফোন নম্বৰ বিনিময় হ’ল- পিকনিকৰ কথা উলিয়ালে। কথাৰ মাজতে ৰীমাৰ অলপ ইণ্টাৰেষ্ট দেখি প্ৰশান্তই কলে- ৰীমাক তাৰ ভাল লাগিছিল বুলি। তাই সুধিলে এতিয়া ভাল নালাগে নেকি বুলি- প্ৰশান্তই কলে যোৱামাহত বেলেগ ছোৱালী এজনীৰ লগত বিয়া ঠিক হৈছে তাৰ। তেতিয়া গম পালে ৰীমাৰ কোনো বয়ফ্ৰেইণ্ড নাই, অজিতে বৰুৱাই হেনো তাইক খবৰটো নিদিলেই। অজিত বৰুৱাই হেনো ৰীমাক স্কুলৰ দিনৰে পৰা প্ৰেমৰ সম্পৰ্ক গঢ়িব বিচাৰে তাইৰ লগত, তাই এৰাই চলিছিল। প্ৰশান্তই এই কথা নাজানিছিল- অজিত বৰুৱাক বিশ্বাস কৰি ভুল কৰিলে সি। এতিয়া তিনিওঁজনৰ তিনিখন বেলেগ সংসাৰ। প্ৰশান্তই সাহস কৰি ৰীমাক সোধা হ’লে চাগে ৰিজাল্ট বেলেগ হলেহেতেন।