শিল্প বিপ্লৱ, সেউজ বিপ্লৱ, শ্বেত বিপ্লৱৰ কথা শুনিছো আৰু পঢ়িছো । ঠিক তেনেদৰে যদি প্ৰেমৰ এটা বিপ্লৱ হ’লহেতেন মোৰ বিশ্বাস পৃথিৱীৰ বহু সমস্যাৰ সমাধান হৈ গ’লহেতেন । প্ৰেমে মানুহক আশাবাদী কৰি তোলে আৰু সৃষ্টিশীল । কবি প্ৰনৱ কুমাৰ বৰ্মনে লিখিছিলে- তেওঁ হেনো প্ৰেমক বিপ্লৱ বুলি বিশ্বাস কৰে আৰু ময়ো তেওঁৰ এই কথাষাৰক সম্পূৰ্ণ সমৰ্থন কৰো । প্ৰেমত নাথাকে কোনো জাতি-ভেদ, নাথাকে বয়সৰ প্ৰভেদ, প্ৰেমে চুমি যায় দেশ বিদেশ । বিয়া নাপাতিলে সচা কথা কিন্তু ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী যুগে যুগে বন্দিত, ৰাধা বিৰহত থাকিলেই যেনিবা, আমিটো নকও সত্যভমাৰ কথা । সম্ৰাট চাহজাহানে পত্নী মমতাজৰ প্ৰতি থকা প্ৰেমৰ বাবেই সৃষ্টি কৰিলে অমৰ প্ৰেমৰ নিদৰ্শন তাজমহল । হীৰুদাই কোৱাৰ দৰে ‘প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰাই’ । প্ৰেমে দিয়ে অফুৰন্ত শক্তি আৰু জীৱন জীয়াৰ অৰ্থ ।
যিয়ে এবাৰলৈ প্ৰেমত পৰা নাই সি হয়তো মিছা কৈছে নহলে পলাই ফুৰিছে । প্ৰেমযে নিৰন্তৰ গতিশীল চিৰ প্ৰৱাহমান বোৱতী নদীৰ সূতি আৰু জুন মাহত সজীৱকৈ ফুলা এপাহ ৰাঙা গোলাপৰ কলি । প্ৰেম বাৰে বাৰে হয়, প্ৰেম যুগে যুগে হয়, যাৰ শেষ পৰিণতি কিন্তু বিয়া কদাপি নহয় । প্ৰেমিকে যেতিয়া প্ৰেমিকাক নিজৰ কৰি লব খোজে বা প্ৰেমিকাই প্ৰেমিকৰ সতে প্ৰেমৰ সম্বন্ধ ‘বহুত হ’ল’ বুলি বিয়াৰ সম্বন্ধ গঢ়িব খোজে ট্ৰয় নগৰেও তেতিয়া চকুপানী টুকে আৰু ঊষা-অনিৰুদ্ধৰ বাবে হৰিহৰৰ যুদ্ধ লাগে । আজিৰ পৃথিৱীত যিমানে সমস্যা আপুনি দেখিছে- সকলোতে হয়তো কাৰোবাৰ ব্যক্তিগত কিছু আখেজ বিচাৰি পোৱা যায় । আমাৰ মানুহবোৰ অলপ স্বাধীন আৰু নিৰহ্ংকাৰী হলেই সকলো সমস্যা যেন এদিনতে শেষ হৈ যাব তেনে অনুভৱ হয় আৰু প্ৰেম-ভালপোৱা ইয়াৰ মহাষৌধ । সকলোৱে একো একোজন প্ৰেমিক হওক, প্ৰেমিকা হওক কিন্তু সম্পূৰ্ণ নিজৰ কৰি লবলৈ চেষ্টা নকৰিব, যদি আপোনাৰ আছিল আপোনাৰ লগতেই থাকিব চিৰকাল, যদি নাছিল তেতিয়াও দুখ নকৰিব আকৌ আপোনাৰ জীৱনলৈ প্ৰেম আহিব ।
প্ৰেম ইমান ভাল লগা শব্দ আৰু ইমান কহুৱা কোমল অৰ্থ । হিয়া উজাৰি প্ৰেম কৰক আৰু বিচাৰি লওক জীৱন জীয়াৰ অৰ্থ, পৃথিৱীখন সূন্দৰ হ’ব আৰু গোলা-বাৰুদ হ’ব বন্ধ । দেশৰ উন্নয়নৰ মাপকাঠি হওক প্ৰেম আৰু ভালপোৱাৰ লগত সম্বন্ধিত । সুখ আৰু অৰ্থনীতিৰ বাবে প্ৰেমৰ ভাষাৰেই হব নীতি আৰু পৰিকল্পনা, চেইণ্ট ভেলেণ্টাইনৰ নামত দেশত চলিব যোজনা । কিয় লাগে আমাক যুদ্ধ, আমি শান্তিহে বিচাৰো আৰু উন্নয়ন । উদ্যোগ হ’ল, কৃষি হ’ল, ধনো হ’ল- কিন্তু মনবোৰ আমাৰ দেখোন বহল নহ’ল । মনত যদি ৰাখো আমি অলপ প্ৰেমভাৱ, মন্ত্ৰী-বিষয়াবোৰো যদি হৈ নিস্বাৰ্থ প্ৰেমিক- উন্নয়ন আৰু প্ৰগতি অৱশ্যাম্ভী । কল্পনা কৰকছোন সেইখন পৃথিৱী য’ত খং নাথাকে থাকিব অভিমান, দুখ নাথাকে থাকিব বিৰহ, ধংস নাথাকিব থাকিব মাথো সৃষ্টি । দেশত হিংসাৰ সলনি পাম হাঁহি আৰু বৰ্তমান হ’ব নীলা খামৰ চিঠি ।
বি:দ্ৰ: সচা প্ৰেম বা মিছা প্ৰেম বুলি কোনো বস্তু নাই, প্ৰেম মানেই প্ৰেম ।