ফেচবুকত আমিযে বিভিন্ন ধৰণৰ আপডেটবোৰ দিও, সি ফ’টোৱে হওক বা লিখনিয়ে হওক আমি সাধাৰণতে আমাৰ ভাল লগা ফ’টোবোৰ দিও । কিছুমান যদি সফলতাৰ, কিছুমান সুখৰ মুহুৰ্তৰ বা কিছুমান আমাৰ সৃষ্টিশীল কৰ্মৰাজীৰ । ফেচবুকৰ আপডেট বা ষ্টেটাছ চাই যদিও ব্যক্তি গৰাকীৰ বিষয়ে এটা সামান্য ধাৰণা কৰিব পাৰি কিন্তু সেইখিনিয়ে সম্পূৰ্ণৰূপে ব্যক্তিজনৰ পৰিছয় ডাঙি ধৰিব নোৱাৰে । আমি আমাৰ ভাল খবৰবোৰহে ফেচবুকত প্ৰকাশ কৰো- কিন্তু বিফলতাৰ খবৰবোৰ বা ভাল নলগা সময়বোৰৰ কথা সাধাৰণতে নিলিখো । কেতিয়াবা দুই এজন বন্ধুৱে লগ পালে কয়- তোৰ ফ’টোবোৰ বা তোৰ আপডেটবোৰ চাই থাকো, ভাল লাগে, হিংসাও হয় । মই সোধো – তহতে কিয় একো আপডেট নিদিয়া । সিহতে উত্তৰ দিয়ে, ‘আমাৰ আপডেট দিবলৈ একো নাই, সদায় একেই জীৱন’ । সিহতে যেন অলপ হতাশাবোধ অনুভৱ কৰে, কথাষাৰে কিন্তু মোক চিন্তিত কৰে । প্ৰত্যেক ব্যক্তিৰে দৈনন্দিন জীৱনত ভাল লগা-বেয়া লগা দিন থাকে, কিছুমান কথা আপোনাৰ বাবে সৰু যেন লাগিলেও আনৰ বাবে এয়া হয়তো ডাঙৰ কথা । মইযে অ’ফিছৰ কামত দিল্লিত যাওতে উঠা ফটোখন দিও, মিটিঙত বছৰ গালি খাই থকা ফটো খন নিদিও । চাকৰি পোৱা খবৰটো থিকে দিও কিন্তু চাকৰি যোৱা খবৰটো মই ফেচবুকত আপডেট নিদিও । যিদিনা ৰেষ্টুৰেণ্টত চিকেন-বিৰিয়ানী খাও তাৰ ফ’টো খন ভালকে দিও, কিন্তু বাকী কেইদিনযে ভাড়াঘৰত আলু-পিটিকা ভাত খাও তাৰ ফ’টো আমি নিদিও । এয়া হয়তো আমাৰ স্বভাৱগত অভ্যাস । আনৰ আপডেটবোৰ দেখি আমি হীনমান্যতা ভোগ কৰিব নালাগে, বা peer pressure ত পৰি নিজকে যদি আমি মূল্যায়ন কৰিব ধৰো আমি মানসিক ভাৱে ক্ষতিগ্ৰস্থ হ’ম । ফেচবুক এটা সামাজিক মাধ্যম আৰু ই সকলোৰে বাবে । আপুনি নিজৰ কথা লিখক- সাহিত্যিক হ’ব নালাগে, বজাৰত যোৱা ফ’টোখন বা পথাৰত যোৱা ফটোখন বা অথবা তিনিআলিৰ আদ্দাৰ ফ’টোখনো হ’ব পাৰে ফেচবুকৰ আপডেট । গাঁৱৰ খবৰটো বা নতুনকৈ পঢ়া কিতাপৰ কোনোবা এটা লাইনো হ’ব পাৰে আপোনাৰ ফেচবুকৰ আপডেট অথবা দুপৰীয়া ভাত খাই উঠি শীতৰ দুপৰীয়া নাক বজাই শুই থকা ফটোখনো ভাল আপডেট হ’ব পাৰে । ভাল ফটো ফেচবুকত দিবলৈ যদি কিবা নতুনকৈ ভাল কাম আৰম্ভ কৰে সেয়া হ’ব আটাইতকৈ যোগাত্মক খবৰ । লাইক-কমেণ্টৰ আশাত আপডেট নিদিব (Expectation always Hurts) । ফেচবুক এখন মুকলি সামাজিক মঞ্চ, বিনা দ্বিধাই আনৰ ক্ষতি নকৰাকৈ আপডেট দিয়ক, আপোনাক সজীৱ আৰু অশাবাদী কৰি তুলিব । সকলো খবৰেই নতুন খবৰ, প্ৰত্যেকখন ফ’টোৱেই নতুন ফ’টো ।
Related Posts
ছহিদ গংগা কলিতা
আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁৱৰ স্বৰ্গীয় তাৰানাথ…
Be the Master of Technology, Not the Slave of it
“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ
এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত
মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…