যোৱা কেইমাহ মানত আপুনি যদি মন কৰে গম পাবযে বিভিন্নজনে বিভিন্নধৰণে ফেচবুক ব্যৱহাৰ কৰি হাৰশাষ্টি বা অপ্ৰত্যাশিত সমস্যাৰ সন্মুখীন হৈছে। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দুটামান কথা লিখিবলৈ লৈছো, বাকী ৰাইজেও সাৱধান হওক বুলি।
১) দুদিনমান আগতে হঠাৎ ভাইটিয়ে ফোন কৰি কলে, মোৰ পৰা হেনো তাক ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট গৈছে আৰু ইংৰাজীতে মেছেজ কৰিছে – ‘what are you doing’ বুলি। তাৰ সন্দেহ ওপজাত সি মোক ফোন কৰি কলে, সেই সময়তে আৰু ৭-৮ গৰাকী মোৰ বন্ধু-বান্ধৱীৰ পৰা ফোন আহিল মোৰ পৰা ফ্ৰেইণ্ড ৰিকুৱেষ্ট যোৱা বুলি। হুবহু মোৰ প্ৰ’ফাইল নকল কৰি বনাইছে, মোৰ ফ’টো আদি লগাইছে। বন্ধু দুগৰাকীমানে ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহন কৰাৰ লগে লগে মেছেজ আহিল ইংৰাজীতে- কি খবৰ বুলি, অলপ সহায় লাগিছিলে বুলি, গুগল-পে আছে নেকি বুলি, ১০-১২ হাজাৰ টকা বিচাৰিলে। ইংৰাজীত কথা পতা বাবে মোৰ চিনাকী বন্ধু-বান্ধৱী কেইগৰাকীৰ অলপ সন্দেহ হ’ল কিন্তু অনা-অসমীয়া বন্ধুও মোৰ বহুত আছে। সেয়েহে ফেচবুকত কোনোবাই পইচা বিচাৰিলে বা অন্য কিবা তথ্য যেনে পাছৱৰ্ড আদি বিচাৰিলে ফোনত কথা পাতি ভেৰিফাই নকৰাকৈ নিদিব। ( বি:দ্ৰ: বন্ধু-বান্ধৱী কেইগৰাকীয়ে মোক জনাই দিয়া বাবে, এই চেগতে শলাগ লৈছো)
২) আপোনাৰ ফ’টো চুৰ কৰি অন্য নামত ভুৱা একাউণ্ট খুলি বহুতকে ঠগে বা ব্লেকমেইল কৰে। বিশেষকৈ ধুনীয়া ছোৱালীৰ ফ’টো লগাই বা ডাঙৰ চাকৰি আৰু ধনী ল’ৰা বুলি চিনাকী দি প্ৰেমৰ জাল পাতি পইচা-পাতি সৰকাই।
৩) যোৱা ৮-১০ মাহত মোৰ তাত বহুতো ছোৱালীৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহে, বেছিভাগৰেই নাম উত্তৰ ভাৰতীয় (নেহা, সীমা, ৰিয়া, টিনা ইত্যাদি) আৰু বেছিভাগেই দিল্লী, ৰাজস্থান, হায়দৰাবাদ আদি কলেজত পঢ়ি থকা বুলি প্ৰ’ফালত লিখা থাকে, পিছলৈ অসমৰ ঠাই কিছুমানৰ নামো দেখিছিলো। প্ৰ’ফাইল ফ’টোবোৰ ধুনীয়া আৰু গোটেই প্ৰ’ফাইলটো চালে একেধৰণৰ ৪-৫ খন ফ’টো থকাৰ বাহিৰে বিশেষ একো নাথাকে। যেতিয়া ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰিলো, অলপ সময়ৰ পিছত মেছেজ। দুই এটা হাই-হেল্ল’, কি খবৰ আদি কৰাৰ পিছত হোৱাটছএপ নাম্বাৰ বিচাৰে। এবাৰ মই মোৰ নম্বৰ দিয়ো দিলো, লগালগ ভিডিঅ’ কল আহি গ’ল। মই কিবা কাৰণত সিদিনা ৰিচিভ কৰিব নোৱাৰিলো, অলপ সময় পিছত ফেচবুকত মেছেজ কৰিব গৈ দেখো ছোৱালীজনীৰ ফেচবুক একাউণ্টখন নাই। কেইদিনমান পিছত আকৌ তেনেকুৱা ফ্ৰেইণ্ড ৰিকুৱেষ্ট ( এতিয়াহে প্ৰ’ফাইল দেখিলে চিনি পাওঁ, তেতিয়া সাধাৰণ বুলিয়ে ভাৱিছিলো) আহিল, অলপ পিছতে মেছেজ, হাই-হেল্ল দুটামান কথা পতাৰ পিছত এইবাৰ মেছেজৰ ধৰণবোৰ অলপ বদলি যায়। অলপ যৌনধৰ্মী মেছেজ দিবলৈ আৰম্ভ কৰে, বা ভিডিঅ’ কল কৰি ‘Hot Chat’ বা ‘Sex Chat’ ৰ প্ৰস্তাৱ দিয়ে। ফেচবুকত ভিডিঅ’ কল নকৰে, হোৱাটছএপ নম্বৰ বিচাৰে, তাতেই হয়তো বহুতো পুৰুষে ভুল কৰি পেলাই। কেইমাহ মান আগতে মোৰ বিশ্ববিদ্যালয়ৰ বন্ধু এজনৰ লগত এনেকুৱা হ’ল, সি ভিডিঅ’ কল কৰিলে আৰু পিছত সেয়া স্ক্ৰীণশ্বত লৈ আৰু ভিডিঅ’ ৰেকৰ্ড কৰি ব্লেকমেইল কৰিব আৰম্ভ কৰে। বহুতেই হয়তো লাজে-ভয়ে সেই ব্লেকমেইলৰ স্বীকাৰ হয়। মোৰ বন্ধুজনে সেই কথাটো সাহসেৰে ফেচবুকত লিখিলে আৰু আমিও সজাগ হ’লো। বন্ধুজনে কিছুদিন পিছত আত্মহত্যা কৰিলে, নাজানো তাৰ আৰত ইয়াৰো কিবা প্ৰভাৱ আছে নেকি! সেয়েহে পুৰুষ বন্ধুসকলক কৈছো, সাৱধান এনে দুষ্ট চক্ৰৰ পৰা। আপুনি অচিনাকি এগৰাকী ব্যক্তিৰ লগত যিকোনো বিত্তীয় লেনদেন কৰাৰ আগতে বা কিবা সমাজত দেখুৱাব নোৱাৰা কিবা ভিডিঅ’ কৰোতে একদম সাৱধান হওক। ভাৰ্চুৱেল পৃথিৱী ভাৰ্চুৱেল হোয়ে থাকিব দিয়ক। কল্পপৃথিৱীৰ পৰা নিজক সচেতন কৰি ৰাখক, অৱচেতন মনত যাতে ভুল কৰি নেপেলায় তাৰ প্ৰতি ধ্যান ৰাখক। আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগো আজিকালি যঠেষ্ট সষ্টম, সেয়ে প্ৰয়োজনসাপেক্ষে আৰক্ষীৰ সহায় লওক।