চাইনীজ হুইচপাৰ (Chinese whispers) বা কাণ-বাগৰা খেল, বহুতেই চাগে এই খেলটো খেলিছে । আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিঙত এইবিধ খেল খেলোৱা হয় । খেলবিধৰ নাম কিয় চাইনিজ হুইচপাৰিং বুলি কোৱা হয়, তাৰ বাবে হয়তো অলপ অধ্যয়ন কৰিব লাগিব । অৱশ্যে এই খেলবিধক আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, তুৰ্কী, মালয়েছিয়া আদি দেশত অন্য নামেৰে পৰিচিত, অসমত বহুতে ইয়াক কাণ-বাগৰা খেলা বুলিও কোৱা শুনিছো যদিও লিখিত ভাৱে পোৱা নাই । প্ৰথমতে যেতিয়া এইখেলবিধ খেলিছিলো খেলবিধৰ গুৰুত্ব ইমান গভীৰভাৱে অনুভৱ কৰা নাছিলো, কিন্তু এইবিধ খেলৰ পৰা লাভ কৰা নীতিশিক্ষা জীৱনতযে বহুত মুল্যৱান সেয়া লাহে লাহে বুজি উঠিলো । এই খেলবিধ খেলা নিয়মটো চমুকৈ বাখ্যা কৰিছো । কেবাজনো লগহৈ দল হিচাপে এইবিধ খেল খেলা হয় । ধৰি লওক দলটোত ১০ গৰাকী অংশগ্ৰহনকাৰী আছে, প্ৰত্যেকগৰাকীয়ে এজনে আনজনৰ কাষত থিয়হৈ বা বহি থাকিব । প্ৰথম গৰাকীক কোনোবা এজন দৰ্শক বা প্ৰতিযোগিতাত ভাগ নোলোৱা আন কোনোবাই কাণত ফুচফুচাই এটা বাক্য বা একাষাৰ কথা ক’ব । এতিয়া প্ৰথম প্ৰতিযোগী গৰাকীয়ে দ্বিতীয় গৰাকীক সেই একেটা কথাকে কাণত ফুচফুচাই কব, আৰু তেনেকৈ দ্বিতীয়গৰাকীয়ে তৃতীয় গৰাকীক আৰু শেষত নৱম গৰাকীয়ে দশম গৰাকীক সেই একেটা কথাকে কাণত ফুচফুচাই ক’ব । দশম গৰাকীয়ে এতিয়া সকলোৱে শুনাকৈ বাক্যষাৰ বা কথাষাৰ ক’ব । সকলোৱে আশা কৰিব প্ৰথম গৰাকী প্ৰতিযোগীয়ে যিষাৰ কথা শুনিছিল, দশম গৰাকীয়ে সেই একেষাৰ কথাকে ক’ব, কিন্তু বাস্তৱত কিবা অন্য বাক্য শুনা পোৱা যায় দশম গৰাকীৰ পৰা ।
নীতিশিক্ষা: আমি বিভিন্ন সময়ত যিকোনো খবৰ বা কথা মূল উৎসৰ পৰা নাপাও বা নলও তাৰ পৰিৱৰ্তে বাগৰি অহা খবৰটোহে পাওঁ, কিন্তু বাগৰি অহা খবৰ বহু সময়ত বিকৃত হোৱাৰ সম্ভাৱনা থাকে । সঠিক খবৰৰ বাবে মূল উৎসত বিশ্বাস কৰক বাগৰি অহা খবৰত নহয় । আন এক নীতিশিক্ষা হ’ল- আমি যদি কথাটো কোৱাৰ পৰিৱৰ্তে কাগজ এখনত লিখি প্ৰথম প্ৰতিযোগীৰ পৰা দশম প্ৰতিযোগীলৈ পাৰ কৰি দিলোহেতেন তেতিয়াও কথাষাৰ সলনি নহলে হেতেন, সেয়ে কোৱা কথাত কৈ লিখি থোৱা কথাৰ স্থায়ীত্ব আৰু বিশ্বাসযোগ্যতা বেছি । আমি বিভিন্ন সময়ত কাণ-বাগৰা কথা শুনি দুখীত হও বা চিন্তিত হও, কিন্তু যেতিয়া প্ৰকৃত কথাটো গম পাব তেতিয়া অনুভৱ কৰিব পাৰিব যে প্ৰকৃত কথাটোত ৰহন সনা হৈছে বা মাজৰ মানুহবোৰৰ দৃষ্টিভংগীও মূল কথাটোত যোগ দিয়া হৈছে ।