বিদ্যালয়ত হাইব্ৰীড মাধ্যম

মই কোনো আৱেগত উটি যোৱা মানুহ নহয়। অসমীয়া ভাষা নপঢ়িলে বা মাতৃভাষাত অধ্যয়ন নকৰিলে নিজৰ জাতিটোৰ প্ৰতি দায়ব্ধতা কমি যাব বুলিও মই বিশ্বাস নকৰো। মই চৰকাৰ বিৰোধীও নহয়, কিন্তু দুদিনমান আগতে অসম চৰকাৰৰ কেবিনেটে অংক আৰু বিজ্ঞান বিষয় দুটা তৃতীয় শ্ৰেনীৰ পৰা ইংৰাজীত পঢ়িব লাগিব বুলি লোৱা সিদ্ধান্তত মোৰ দ্বিমত আছে। যোৱা এটা দশকৰো অধিক কাল ছাত্ৰ-ছাত্ৰীৰ লগত কেৰিয়াৰ কাউন্সেলিঙৰ লগত জৰিত থাকি কিছু অনুভৱ ব্যক্ত কৰিছো।

            ১) চৰকাৰৰ তৰফৰ পৰা যুক্তি দিয়া হৈছেযে মাত্ৰ দুটা বিষয়হে ইংৰাজীত পঢ়িব। কিন্তু বাকী থাকিল কি- ইংৰাজী বিষয়টো ইংৰাজীতে পঢ়িব লাগিব, অসমীয়া বিষয় সকলো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াতে পঢ়িব, হিন্দী বিষয়টো হিন্দীত, বাকী থাকিল সমাজ অধ্যয়ন বিষয়টো (এতিয়া হয়তো বুৰঞ্জী আৰু ভূগোল হ’ব)।

            ২) যুক্তিৰ খাটিৰত যদি ধৰি লওঁ ইংৰাজী ভালদৰে নজনা বাবে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাই,  কিন্তু অসামৰিক পৰীক্ষাকে আদি কৰি সৰ্বভাৰতীয় পৰীক্ষা সমূহত বেছিভাগ প্ৰশ্নটো ইংৰাজী ব্যকৰণ, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, ভূগোলৰ পৰাই আহে।

            ৩) তথ্যই কয়- আমাৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী আৰু অংকত ফেইল কৰে। যদি ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে ইংৰাজীত অংক আৰু বিজ্ঞান পঢ়িবলগীয়া হয়, তেন্তে আধাতে শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব। অসমৰ মেডিকেল-ইঞ্জীনিয়াৰিঙৰ বা লোকসেৱা আয়োগৰ পৰীক্ষা দিয়াখিনিকে কেৱল হিচাপত ধৰিলে বাকীখিনি এটা বোজা হৈ পৰিব। চাকৰিমুখী নহয় স্বনিৰ্ভৰশীল কৰি তুলিবলৈ আমিয়েইটো কৈ আছো।

            ৪) ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা আৰু মাতৃভাষাৰ মাধ্যমত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতাৰ এক তুলনামূলক অধ্যয়ন কৰক। এক স্পষ্ট ছবি দেখা পাব। বাৰে বাৰে এইটো প্ৰমাণিত হৈছেযে মাতৃভাষাত শিক্ষাগ্ৰহণ কৰিলে শিশুটিয়ে যিমান ভালদৰে বুজি পাব, অন্য ভাষাত সিমান সহজ নহ’ব।

            ৫) মাধ্যমটো যদি আপুনি সমস্যা বুলি ধৰি লৈছে- গুৱাহাটীৰ ডিপিএছ/এনপিএছ/চাউথ পইণ্ট/ ডনবস্ক আদি বিদ্যালয়ৰ তুলনা অসম জাতীয় বিদ্যালয়ৰ লগত কৰক। আপুনি গাঁৱৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ মানদণ্ডৰ যদি তুলনা কৰিব বিচাৰিছে, গাঁৱত গঢ়লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগত কৰক। পৰীক্ষাত কিমান নম্বৰ পাইছে সেইটো নহয় দেই, প্ৰতিযোগীতামূলক পৰীক্ষাকে আদি কৰি অন্যান্য ক্ষেত্ৰত কি ফলাফল দেখুৱাইছে।

            ৬) ইংৰাজীত অংক-বিজ্ঞান পঢ়িব লাগিলে, ছাত্ৰ-ছাত্ৰীৰ লক্ষ্য/দৃষ্টি অংক-বিজ্ঞানৰ পৰা আতৰি ইংৰাজীলৈ যাব আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ বিদ্যালৈ যাব। মুখস্থ বিদ্যাই আমাক এক ভয়ানক ভৱিষ্যিতৰ পিনে লৈ যাব।

            ৭) মাতৃভাষাৰ জ্ঞান থাকিলে যিকোনো ভাষা সহজে শিকিব পাৰি, সেয়া ১০০% প্ৰমাণিত। ইংৰাজী ভাষা আৰু ভালদৰে শিকক, তাত আপত্তি নাই। ইংৰাজী কবলৈ শিকক, লিখিবলৈ শিকক, পঢ়িবলৈ শিকক। হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়াত পঢ়ি ডিগ্ৰীত ইংৰাজীত অলপ অসুবিধা নোহোৱা নহয় কিন্তু সেয়া আছিল খন্তেকীয়া।  ইংৰাজী বিষয়ত চেক্সপীয়েৰ বা পিবি শ্যেলীৰ কবিতা নহয়, ব্যকৰণ, বাক্য গাঠনি, দৈনন্দিন ব্যৱহৃত বাক্য,  অংক-বিজ্ঞানৰ শব্দবোৰ শিকাও আৰু অসমীয়া মাধ্যমৰ কিতাপত গুৰুত্বপূৰ্ণ শব্দসমূহৰ ইংৰাজী অৰ্থ বন্ধনীৰ মাজত লিখি দিয়ক।

            নানা মুনি নানা মত হ’ব পাৰে আৰু সকলোৰে বিচাৰ বেলেগ হ’ব পাৰে। সেয়ে যিয়ে ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওলোকক ইংৰাজীত পঢ়িব দিয়ক, যিয়ে অসমীয়াত পঢ়িব বিচাৰে তেওলোকক অসমীয়াত পঢ়িব দিয়ক। হাইব্ৰীড যদি কোনোবাই বিচাৰে হাইব্ৰীড মাধ্যমত পঢ়িব দিয়ক। কিন্তু এনে নকৰিব, যিয়ে অসমীয়াত পঢ়িব বিচাৰিছে তেওঁলোকক অসমীয়াত পঢ়াৰ সুবিধা নাপাব। অংক, বিজ্ঞান, বুৰঞ্জী যিয়েই বিষয় নহওক কোনোবাই যদি মাতৃভাষাত পঢ়িব বিচাৰে তেন্তে তেওক আপুনি বঞ্চিত নকৰিব।

                        এটা অলপ ব্যতিক্ৰমী ইচ্ছা- ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ৰ একেই সুবিধা আৰু পৰিচালনাৰে মাতৃভাষাত পঢ়াওক আৰু আমাৰ চৰকাৰী মাতৃভাষাৰ বিদ্যালয় সমূহত ইংৰাজী মাধ্যমত পঢ়ুৱাওক।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…