বিপদৰ বন্ধুজনে কেনেকৈ মোৰ পৰা পইচা ঘূৰাই বিচাৰিলে

২০০৮ চনৰ নৱেম্বৰ মাহৰ কোনোবা এটা দিন। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা মালিগাঁৱলৈ আহিবলৈ ছিটিবাছত উঠিছো। যেতিয়া কণ্ডাক্টৰ জনে ভাড়া বিচাৰিলে, তেতিয়া অনুভৱ কৰিলো যে মই মানিবেগ খন আনিব পাহৰিলো। পকেটত পইচাও নাই। কি কৰো, কি নকৰো ভাৱি বাছৰ কণ্ডাক্টৰজনক মোৰ সমস্যাটোৰ কথা ক’লো, কিন্তু উত্তৰ ভাল নাহিল। মোৰ কাষত বহি থকা অচিনাকি প্ৰায় ৬৫-৭০ বছৰীয়া ব্যক্তিজনে সিদিনা মোৰ বাছ ভাড়া দি দিলে। কেইটামান স্তপেজ যোৱাৰ পিছত তেওঁৰ নামিবৰ হ’ল। মই মানুহজনক ক’লো, ‘ নাজানো আপোনাৰ এই ধাৰ কেনেকৈ মাৰিম’। তেওঁ কলে- ‘কোনোবা বিপদত পৰা মানুহক সহায় কৰিবা, মই মোৰ পইচা পাই যাম ।‘ মনত সাঁচ বহি যোৱা এইবোৰ কথাই, জীৱনত মোক বহু প্ৰেৰণা দিয়ে ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…