লিখিবলৈ মন নাছিল, কিন্তু নিলিখি নোৱাৰিলো। সময় সলনি হৈছে সেয়েহে সাজোন-কাচোনকে আদি কৰি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন অহাটো স্বাভাৱিক। এইযে বিয়াৰ কইনাৰ প্ৰসংগটো আনিলো ইয়াৰ কাৰণটো হ’ল আজিকালি প্ৰায় বেছিভাগ বিয়াৰ কইনাই মেকআপ কৰা দেখা যায় আৰু সমস্যাটো হয় তেতিয়া যেতিয়া বিয়াৰ কইনাই মেকআপ কৰিবলৈ ৰুমৰ ভিতৰত সোমাই ২-৩ ঘণ্টা লগাই দিয়ে। নিমন্ত্ৰিত বহু অতিথিয়ে কইনাক মাত দিবলৈ সুবিধাটো নাপাই। কইনাই কেতিয়াবা উঠি আহিব বিচাৰিলেও ‘মেক-আপ-আৰ্টিষ্ট’জনে উঠি আহিব নিদিয়ে। কইনাৰ মাক-বাপেক-ভায়েকে কেবাবাৰো ৰুমলৈ কইনাক সোনকালে ওলাই আহিবলৈ অনুৰোধ কৰে যদিও কইনা ওলাই নাহে। কইনাঘৰৰ মাক-বাপেক-ভায়েকে উচপিচ কৰি নিৰুপায় হৈ নিমন্ত্ৰিত অতিথিৰ পৰা উপহাৰটো নিজেই লৈ অতিথিক বিদায় দিয়ে। যোৱা ৭-৮ খন মান এনেকুৱা বিয়াত উপস্থিত থাকি অনুভৱ কৰিছো, বিয়াৰ নিমন্ত্ৰনী পত্ৰত ‘মেক-আপ’ কৰা সময় খিনি উল্লেখ কৰি দিব লাগে। ধৰি লওক দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ মেক-আপৰ সময়, সেয়ে এইখিনি সময়ত কোনো অতিথি নাহেযেন। আনহাতে ‘মেক আপ আৰ্টিষ্ট’ বোৰ কেৱল মেক-আপ কৰা শিল্পী হ’লেই ন’হব, তেওলোকে সময় আৰু অনুষ্ঠানৰ লগত খাপ খাব পৰা শিল্পীও হ’ব লাগিব। মেক-আপ কৰিলে কেনে দেখি সেয়া মই আৰু ক’মেণ্ট কৰিব নাযাও, কিন্তু বেছিভাগতে দেখা পাও ভাওনাত ভাও দিয়া শিল্পীয়ে পিন্ধা মুখাখন পিন্ধি থকা যেন লাগে। বেয়া লগা বুলি কোনেও ক’বলৈ সাহ নকৰে, কিন্তু বেছিভাগেই মনে মনে কয়- কইনাজনী মেক-আপ নকৰাকৈ বেছি ধুনীয়া আৰু মৰমলগা লাগিছিল। নানা মুনি নানা মত, কিন্তু বিয়াৰ দিনা বা বিয়াৰ অভ্যৰ্থনাৰ দিনা মেকআপ কৰিলে সময় আৰু পৰিৱেশ দুয়োটাই মিলাই ল’ব লাগে, ন’হলে আপোনাক ভাল পাই বা অপোনাৰ পৰিয়ালৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে দূৰণিৰ পৰা অহা অতিথিজনে কইনাজনীক লগ নকৰাকৈ যাব লাগিব।
Related Posts
ছহিদ গংগা কলিতা
আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁৱৰ স্বৰ্গীয় তাৰানাথ…
Be the Master of Technology, Not the Slave of it
“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ
এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত
মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…