বিয়া কিয় পাতিব লাগে বুলি কলে বহুজনৰ বহু মত পাম, কাৰোবাৰ বাবে যদি এগৰাকী স্থায়ী জীৱনসংগী পাবৰ বাবে, কাৰোবাৰ বাবে আকৌ বংশৰক্ষাৰ বাবে সামাজিক ভাৱে স্বীকৃত এক প্ৰথা আৰু কাৰোবাৰ বাবে ই এক সামাজিক বা পৰিয়ালৰ প্ৰতি দায়বদ্ধতা। এহাল পুৰুষ-নাৰীয়ে সামাজিক ভাৱে বা আইনী ভাৱে স্বামী-স্ত্ৰী হিচাপে থাকিবলৈ অনুমতি পাই বিয়াৰ পিছত। আমি কেতিয়াওঁ হয়তো নিজকে প্ৰশ্ন কৰাও নাই, কিয় বিয়া পাতিব লাগে- পুৰুষানুক্ৰমে চলি অহা এই প্ৰথা পৃথিৱীৰ সকলো দেশতে প্ৰচলিত। যুক্তিৰে চাব গলে জীৱনসংগী কৰিবলৈ বা বংশবৃদ্ধি কৰিবলৈ বিয়াৰ প্ৰয়োজন নাই, কিন্তু সমাজ এখন জানো তেনেকৈ চলে যদি একো নিয়মে নাথাকে তেতিয়াহলে দেখোন সমাজত এক খেলিমেলি বা অস্থিৰতাই দেখা দিব। আমাৰ সমাজত বিয়া কেৱল পুৰুষ আৰু নাৰী গৰাকীক স্বামী-স্ত্ৰী কৰি দিয়াতে সীমিত নাথাকে, দুখন ঘৰ বা দুটা পৰিয়াল এক নতুন সম্পৰ্কেৰে বান্ধ খাই যায়। বোৱাৰী, জোৱাই, শহুৰ-শাহু, দেওৰ-ননদ, খুলশালী আদি নতুন সম্পৰ্কৰ সৃষ্টি হয়। কোনোবা এহাল পুৰুষ-নাৰীয়ে যদি বেদক সাক্ষী কৰি, কোনোবাই কোৰান আৰু কোনোবাই বাইবেলক সাক্ষী কৰি পৰৱৰ্তী জীৱনৰ কালছোৱা একেলগে কটোৱাৰ সিদ্ধান্ত লয়।
বিয়া বহুতৰে বাবে এটা সুন্দৰ সপোন। শৈশৱ, কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়াৰ পিছত মনত অংকুৰিত হয় বিয়া পতাৰ সপোনবোৰ। ল’ৰাবোৰে সপোন দেখে পৃথিৱীৰ আটাইতকৈ ধুনীয়া লখিমী ছোৱালীজনীক নিজৰ কৰি লোৱাৰ আৰু ছোৱালী গৰাকীয়ে সপোন দেখে কোনো সুন্দৰ ৰাজকুমাৰে আহি শহুৰৰ ঘৰলৈ লৈ যোৱাৰ। ছোৱালীবোৰৰ বাবে সাধাৰণতে ২১-২২ বছৰৰ পৰাই ঘৰত বিয়াৰ কথা ওলাব ধৰে আৰু লৰাবোৰৰো ২৬-২৭ বছৰ বয়সৰ পৰা বিয়াৰ কথা পাতিব আৰম্ভ কৰে। যিসকল ল’ৰা-ছোৱালীৰ প্ৰেমাস্পদ আছে বা প্ৰেমিক-প্ৰেমিকা আছে তেওঁলোকে এটা ঢাপ আগুৱাই থাকে, নহ’লে ল’ৰাই ছোৱালী বিচৰা আৰু ছোৱালীয়ে ল’ৰা বিচৰা প্ৰক্ৰিয়া এটা থাকে, অভিজ্ঞতাই কয় বেছিভাগ পৰিয়ালতে ল’ৰা-ছোৱালীত কৈ পৰিয়াল আৰু আত্মীয়বোৰে এই প্ৰক্ৰিয়াটোত বেছি সক্ৰিয় ভূমিকা লয়। ছোৱালীৰ বয়স ২০-২২ হোৱাৰ লগে লগে ঘৰত ল’ৰাৰ খবৰ আহিবলৈ আৰম্ভ হয়, বিয়া-সবাহে আলহী-কুটুমে লগ পালে ছোৱালীজনীক সোধে – ‘বিয়াৰ কথা কি ভাৱিছা’, ভাল ল’ৰা এজন আছে, ‘পঢ়া-শুনা-কেৰিয়াৰ বিয়াৰ পিছতো হৈ থাকিব’, ‘বিয়াৰ বয়স ৰৈ নাথাকে’ ইত্যাদি ইত্যাদি। আনহাতে ল’ৰাৰ ঘৰত পৰিৱেশ অলপ বেলেগ হয়। লৰাজনে যদি চাকৰি বা উপাৰ্জনক্ষম কামত নিয়োজিত হোৱা নাই তেন্তে ক’ব – ‘সোনকালে কাম-কাজত সোমোৱা, বিয়া-বাৰুৰ কথা লাহে লাহে ভাৱিব লাগে। অৱশ্যে ল’ৰাঘৰতকৈ ছোৱালীঘৰত বিয়াৰ চাপ আত্মীয়-কুটুমৰ পৰা বেছি দেখা যায়। ব্যতিক্ৰম সকলোতে থাকে, মই সাধাৰণতে অসমত দেখা অভিজ্ঞতাৰ পৰা লিখিছো কথাখিনি।
যেতিয়া ল’ৰা জন চাকৰিত জইন কৰিব বা ব্যৱসায় আৰম্ভ কৰিব লাহে লাহে ছোৱালীৰ খবৰবোৰ লাহে লাহে আহিবলৈ আৰম্ভ হ’ব। ল’ৰাজনে গম নোপোৱাকৈ বহু ছোৱালীৰ প্ৰস্তাৱ পৰিয়ালৰ পৰাই নাকচ হ’ব, বিভিন্ন জনৰ বিভিন্ন মত। নিজৰ ল’ৰাজনে কি কৰে বা কি স্বভাৱৰ সেয়া পিছৰ কথা কিন্তু কইনাৰ স্বভাৱ এনেকুৱা হ’ব লাগিব, এই কেইটা গুণ থাকিব লাগিব, তাৰ এখন দীঘল লিষ্ট। হ’বলগীয়া দৰাজনে কেতিয়াবা নিবিচাৰিলেও পৰিয়াল আৰু আত্মীয় কুটুমে ছোৱালীৰ মুল্যায়ন কৰিব আৰম্ভ কৰে। পৰিয়াল বা আত্মীয় কুটুমৰ কথা- তেওঁলোক অভিজ্ঞ, তেওঁলোকে লৰাজনক সৰুৰ পৰাই ভালকৈ জানে, কিন্তু তেওঁলোকে কেতিয়াবা পাহৰি যায়যে ল’ৰা ডাঙৰ হ’ল, নিজৰ পছন্দ-অপছন্দ বুজি পোৱা হৈছে, পৃথিৱীখন বহুত বেছি দেখিছে ইত্যাদি। অৱশ্যে এয়া ১০০% পৰিয়ালত নহয় আৰু প্ৰেম বিবাহৰ ক্ষেত্ৰত ই অলপ কম হোৱা দেখা যায়। ইয়াতে অৱশ্যে এটা যোগাত্মক দিশ আছে, পৰিয়ালৰ জ্যেষ্ঠ জনৰ জীৱন আৰু বিয়া বা সংসাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা ল’ৰা বা দৰাজনতকৈ কিছু বেছি আৰু তেওঁলোকৰ পৰামৰ্শসমূহ কেতিয়াবা টুলুঙা যেন লাগিলে উলাই কৰিব পৰা বিধৰ নহয়। তেনেদৰে ছোৱালীঘৰতো লৰাজনৰ বংশবৃত্ত সম্পূৰ্ণকৈ জানি লোৱা হয়, ছোৱালীজনে কি কৰে সেয়া গৌন, কিন্তু ল’ৰাজনে কি চাকৰি কৰে বা উপাৰ্জন কিমান কৰে, চাকৰি কৰে যদি চৰকাৰী নে কোম্পেনীৰ, চৰকাৰী যদি পাৰ্মানেণ্ট নে ঠিকাভিত্তিক সেয়া মুখ্য বিষয় হৈ পৰে। তাৰ পিছত ব্লাড গ্ৰুপৰ সলনি অসমীয়া হিন্দু সমাজত কৌষ্ঠী বিচাৰ কৰিবলৈ আৰম্ভ কৰা হয়। আপোনালোক কোনোবাই যদি চেতন ভগৎৰ ‘টু ষ্টেট’ উপন্যাসখন পঢ়িছে বা চিনেমাখন চাইছে তেন্তে আমাৰ সামাজিক বিয়াবোৰতো উপন্যাসখনৰ দৰে কিছু দৃশ্য দেখা যায়। দৰাঘৰ-কইনাঘৰৰ মান অভিমান, কথাৰ কটা-কটি কেতিয়াবা বেছি হৈ গলে দিকদাৰ হয়।