“ওপৰৰ পৰা যেতিয়া পৰিলো পিছলি
বৈ থকা নিজৰাটিলৈ চালো,
তাইয়ো দেখোন পাহাৰৰ পৰা পৰিছে সৰি
নিজৰ সৌন্দৰ্য্য অটুত ৰাখি ।”
সেইজন মানুহহে ওপৰলৈ উঠিব পাৰে, যিয়ে তললৈ পিছলি পৰে । জীৱনত সংঘাত আহিবই, সংঘাটে আমাক দুৰ্বল কৰি তুলিব পাৰে, সেইবুলি জীৱনৰ যৱনিকা নপৰে । যিমানে ওপৰলৈ উঠিব সিমানে পিছলি পৰাৰ সম্ভাৱনীয়তা বাঢ়ি যাব আৰু এই একেই তত্ব জীৱন বা কেৰিয়াৰৰ ক্ষেত্ৰতো প্ৰযোজ্য । পিছলি পৰাটো হাৰি যোৱাৰ লক্ষণ নহয়, ই প্ৰত্যাহ্বানহে । প্ৰত্যাহ্বান থাকিবই আৰু তাক হেলাৰঙে মুখামুখি হব পৰাটোহে প্ৰকৃত সফলতাৰ পৰিছয় জীৱনটো বা কেৰিয়াৰটো যদি মেনেজমেণ্টৰ প্ৰজেক্টৰ লগত তুলনা কৰো তেন্তে ৰিস্ক মেনেজমেণ্ট আমি কৰিব পাৰিব লাগিব। ৰিস্ক মেনেজমেণ্ট কৰিব পাৰিলে আমি কেতিয়াবা পিছলি পৰিব লগা হলেও হাৰি যাব বা ক্ষতি খাব লগীয়া নহয়। কেৰিয়াৰেই হওক বা জীৱনেই হওক সদাই একে নাযায়, ই তল- ওপৰ হৈ থাকে, ঠিক গণিতৰ ‘চাইন কাৰ্ভ’ৰ দৰে। সেয়েহে আমি তললৈ পিছলি পৰিব লগা হলেও নিজৰ ব্যক্তিত্ব বা আত্মবিশ্বাস অক্ষুন্ন ৰাখিব লাগে।