ব্যৱসায়ী বা এণ্টাৰপ্ৰিনাৰ হ’বলৈ হ’লে কি পঢ়িব লাগিব বা ক’ত পঢ়িব লাগিব সেয়া বহুত গুৰুত্বপূৰ্ণ নহয়, অভিজ্ঞতাৰ পৰা দুটামান কথা লিখিব বিচাৰিছো-
১) যিটো ক্ষেত্ৰত ব্যৱসায়ী বা এণ্টাৰপ্ৰিনাৰ হ’বলৈ বিচাৰিছে- সেইটো ক্ষেত্ৰত কিছু কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰক। পাৰিলে একদম তলৰ খাপৰ পৰা, যেনে- আপুনি যদি এখন ফুলৰ নাৰ্চাৰী আৰম্ভ কৰিব বিচাৰিছে তেতিয়া প্ৰথমতে মাটি-গোবৰ নিজে মিহলাই ফুলৰ গুটি লগাই পানী দি পুলি ডাঙৰ কৰাৰ অভিজ্ঞতা লভক। নিজাকৈ যদি স্কুল এখনো আৰম্ভ কৰিব বিচাৰিছে, নিজে পাৰিলে কোনোবা ব্যক্তিগত খণ্ডৰ স্কুলত কিছুদিন কাম কৰি অভিজ্ঞতা লভক।
২) বিত্তীয় ব্যৱস্থাপনা (Financial Management), বেংকৰ লোণ, আয়কৰ, জি,এচ,টি, চৰকাৰী নিয়মাৱলী সমূহৰ বিষয়ে অলপ সম্যক জ্ঞান অৰ্জন কৰক।
৩) প্ৰথমতে বহুত ডাঙৰ আৰম্ভ নকৰি বা একেলগে বহুত পইচা নলগাই (invest) সৰুকৈ আৰম্ভ কৰক, ৰিস্ক বা প্ৰত্যাহ্বান কি কি আহিব পাৰে তাৰ তালিকা বনাই লৈ যিকোনো মুহুৰ্তত মুখামুখী হবলৈ প্ৰস্তুত থাকক।
৪) চৰকাৰী আঁচনি যেনে ষ্টাৰ্ট-আপ ইণ্ডিয়া, MSME, IIE বা কৃষি ভিত্তিক হ’লে কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ লগতো যোগাযোগ কৰিব পাৰে।
নিজে ভালপোৱা বিষয়ত এণ্টাৰপ্ৰিনাৰ হ’ব পাৰিলে ভাল, দৃঢ়তাৰে আগবাঢ়ক, প্ৰত্যাহ্বান থাকিবই কিন্তু উপাৰ্জন আৰু সুখ দুইটাই বাঢ়িব। এণ্টাৰপ্ৰিনাৰশ্বিপ এটা ভাল কেৰিয়াৰ হ’ব পাৰে, কিন্তু একো চাকৰি নোপোৱাৰ পিছত শেষ বয়সত বিকল্প হিচাপে লোৱাতকৈ প্ৰথমৰ পৰাই প্ৰণালীবদ্ধ ভাৱে আগবাঢ়িব লাগিব।