‘কথাত কটা যায়- কথাত বটা পায়’, এই বাক্যষাৰ হয়তো আমি সৰুৰে পৰা শুনি আহিছোঁ। কথা পাতিব জনাটো এটা কলা, যিয়ে এই কলাটো ভালদৰে আয়ত্ত কৰি ল’ব পাৰে তেও সহজে আনৰ আপোন বা বিশ্বাসী হৈ উঠিব পাৰে । কথা পাতোতে আমি কেইটামান বিষয়ত সতৰ্ক হৈ থকা ভাল । এটা কথা মনত ৰাখিব- আপুনি মানুহৰ লগত সেইধৰণে কথা পাতক যিধৰণে আপোনাৰ লগত আনে কথা পতাতো বিচাৰে । আপুনি যদি ভালদৰে কথা পাতে আপোনাৰ লগতো ভালদৰে কথা পাতিব আৰু আপুনি যদি বেয়াকে কাৰোবাৰ লগত কথা পাতে তেন্তে আপোনাৰ লগতো বেয়াকে পাতিব ।
কোনোবাই যেতিয়া আপোনাৰ লগত কথা পাতিব, কথা পাতোতে মানুহজন বা মানুহজনীয়ে আপোনাৰ পৰা কিছুমান ব্যৱহাৰ নিবিচাৰে, যেনে-
ক) অপমান বা অপযশ – কোনো ব্যক্তিয়ে আপোনাৰ লগত কথা পাতিলে অপমানিত হবলৈ নিবিচাৰে বা ভাল নাপায় । চেষ্টা কৰক আপুনি কাৰোবাৰ লগত কথা পাতিলে মানুহজনক অপমানজনক কথা নকয় বা তেওক অপযশ নিদিয়ে ।
খ) অৱহেলা (Neglected): কেতিয়াও আনৰ লগত কথা পাতিলে মানুহজনক এনেকুৱা অনুভৱ কৰিবলৈ নিদিব যে মানুহজনক আপুনি অৱহেলা কৰিছে । বিশেষকৈ গ্ৰুপত কথা পাতিলে আমি কেতিয়াবা সকলোকে সমানে মনোযোগ নিদিও বা কিছুমানৰ কথাক আমি সিমান গুৰুত্ব নিদিও, এনে কথাত সেই মানুহজনে অলপ আঘাট পাই আৰু আপোনাৰ প্ৰতি থকা তেওৰ সন্মান লাঘৱ হোৱা দেখা যায় ।
গ) অৱমূল্যায়ন (Underestimated): আনৰ লগত কথা পাতিলে, তেওঁক কেতিয়াও হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰিব বা তেওক যুক্তিক যিকোনো প্ৰকাৰে নস্যাৎ কৰিব চেষ্টা নকৰিব, ইয়ে সেই মানুহজনৰ আপোনাৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তি নোহোৱা কৰিব ।
মানুহে কথা পাতোতে আপোনাৰ পৰা বিচাৰে অলপ সন্মান, অলপ প্ৰশংসা আৰু অলপ গুৰুত্ব । যেতিয়া কাৰোবাৰ লগত আপুনি কথা পাতিব, আপুনি যদি মানুহজনক অলপ প্ৰশংসা কৰি কথা কয় মানুহজনে ভাল পায় কিন্তু সেয়া তৈলমৰ্দন হ’লে কিন্তু ওলোটাহে হ’ব । আপুনি কথা পাতোতে মানুহজনক অলপ গুৰুত্ব দি সন্মান সহকাৰে কথা পাতক মানুহজনে সুখী অনুভৱ কৰিব আৰু আপোনাৰ প্ৰতি মানুহজনৰ সন্মান আৰু বিশ্বাস বাঢ়ি যাব ।
মানুহৰ লগত কথা পাতোতে আৰু কেইটামান কথাত নজৰ ৰাখিব লাগে-
ক) আপুনি মানুহজনৰ লগত কি ভাষাত কথা পাতিব- কথিত ভাষাত নে লিখিত ভাষাত ।
খ) সামাজিক আৰু ধৰ্মীয় বিশ্বাস- প্ৰত্যেক ব্যক্তিৰে নিজা নিজা সামাজিক দৃষ্টিভংগী আৰু ধৰ্মীয় বিশ্বাস থাকে । সেয়েহে কথা পাতিলে আনৰ ধৰ্মীয় অনুভুতিত যাতে আঘাট নালাগে সেয়া নজৰ ৰাখিব লাগে । সকলো সামাজিক বিশ্বাসৰে সুকীয়া পৰিচয় আছে আৰু সেয়ে আমি আনৰ বিশ্বাসক সন্মান কৰিব লাগে । সেয়েহে কথা পাতোতে, সেয়া ব্যক্তিগত কোনো কথা বাৰ্তাতে হওক বা সামাজিক ভাৱে কেতিয়াবা বক্তব্য (Public Speaking) ৰাখোতেই হওক সন্মুখৰ মানুহজনৰ বিশ্বাসক সন্মান কৰিব লাগে ।
গ) লিংগভেদ/ বয়স ভেদ ইত্যাদি – পুৰুষ এজন পুৰুষৰ লগত বা মহিলা এগৰাকীয়ে মহিলাৰ লগত কথা পতাৰ ধৰণ বিপৰীত লিংগৰ মাজত কথা পতাতকৈ হয়তো অলপ বেলেগ । কথা পাতোতে এইটো ধ্যান দিব লাগেযে বিপৰীত লিংগৰ ব্যক্তিগৰাকীয়ে আপোনাৰ কথাত লিংগবৈষম্য অনুভৱ নকৰে বা অবাঞ্চিত কথা নুশুনে । বন্ধু-বান্ধৱী বা সমনীয়াৰ লগত বহু মুকলি মনে কথা পাতিব পাৰি যদিও আপুনি যদি কোনোবা ৰাজহুৱা স্থানত কথা ক’ব লাগে বা আপুনি কাম কৰা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহকৰ্মীৰ লগত কথা পাতিব লাগে তেতিয়া লিংগভেদ মন কৰিবলগীয়া । ঠিক তেনেদৰে বিভিন্ন বয়সৰ মানুহৰ লগত কথা পাতিলে কথা পতাৰ ধৰণ বেলেগ বেলেগ হয় ।
ঘ) অৰ্থনৈতিক অৱস্থা – সকলোৰে অৰ্থনৈতিক অৱস্থা সমান নহয় । আৰ্থিক ভাৱে দুৰ্বলজনৰ লগত কথা পাতিলে আপুনি ধনৰ অহংকাৰ দেখুৱাই কেতিয়াও কথা নাপাতিব বা যি কথাত হয়তো মানুহজনে মনত দুখ পাব পাৰে তেনে কথা কোৱাৰ পৰা বিৰত থাকক ।
ঙ) সময় – কোন সময়ত আপুনি কথা পাতি আছে সেয়া গুৰুত্বপূৰ্ণ । যাৰ লগত কথা পাতিছে সেই মানুহজন হয়তো সেই সময়ত কিবা মানসিক অশান্তিত আছে বা অন্য কিবা টেনশ্যনত আছে । সময় যদি অনুকূল নহয় তেতিয়া হয়তো আপুনি ভৱা ধৰণে মানুহজনৰ পৰা সহাৰি নাপাব ।
Share 0
আনৰ সতে কথা পাতোতে আমি কিছুমান ভুল কৰো, সাধাৰণতে আমি কৰা কিছুমান ভুল হ’ল-
ক) আমি সদায় জিকিব খোজো বা আমাৰ কথাটোৱে সদায় শুদ্ধ বুলি ভাৱো ।
খ) কথা পাতোতে আমি কেতিয়াবা আৱেগিক হৈ পৰো |
গ) আমি আনৰ ভুল বা দোষ সোনকালে দেখা পাওঁ ।
ঘ) উচ্চ স্বৰত কথা কও বা আনক যুক্তিত ভুল বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰো ।
ঙ) নিজৰ ধাৰণা আনৰ আগত জাপি দিব খোজো ।
চ) নিজৰ কথা খিনি বাৰে বাৰে কৈ থকা যায় ।
ছ) আনৰ কথাটো সম্পূৰ্ণ নুশুনাকৈয়ে আমি বুজি পোৱা বুলি ভাৱো ।
জ) কেতিয়াবা আগতীয়াকৈ মানুহজনৰ প্ৰতি এটা ধাৰণা মনত লৈ লোৱা যায় (pre-Judgemental)
ওপৰৰ আলোচনাৰ পৰা এই কথাটো স্পষ্ট যে স্থান-কাল-পাত্ৰ ভেদে কথাৰ ধৰণ বেলেগ বেলেগ হয় । আমি যদি আমাৰ দৈনন্দিন কাম কাজ বোৰ সূন্দৰ আৰু মসৃনকৈ আগবঢ়াই নিব বিচাৰো আমাৰ কথা-বতৰাবোৰ সূন্দৰ কৰিব লাগিব । এটা সূন্দৰ দিন পাবলৈ আপুনি কথা কোৱাৰ কলা সমূহ আয়ত্ত কৰি ল’ব পাৰে, জীৱনটো কিছু পৰিমাণে সহজ হ’ব ।