বঙাইগাঁৱৰ ভাড়াঘৰত আছিলো- সেয়া ২০১৭ চনত অক্টোবৰ মাহৰ লক্ষী পূৰ্ণিমাৰ পিছদিনা ৰাতিৰ কথা। নতুন ৰূম সোমোৱা ৩-৪ দিন মান হৈছে, সম্পূৰ্ণ নতুনকৈ বনোৱা হৈছে ৰূমকেইটা, ইয়াৰ আগতে সেইটো ঘৰতে আছিলো যদিও গ্ৰাউণ্ড ফ্লোৰত আছিলো। অফিছৰ পৰা ভাড়াঘৰলৈ খোজ কাঢ়ি যাব পৰা দূৰত্ব প্ৰায় ৩০০ মিটাৰ মান দূৰত। সেইটো ফ্লোৰত দুটা পাৰ্ট আছে, এটা পাৰ্টত মই আৰু আনটো পাৰ্টত মোৰ সতীৰ্থ নন্দিতা থাকে। ঘৰৰ মালিক তাত নাথাকে, কিন্তু বিল্ডিংটোৰ পিছফালে থকা আছাম টাইপৰ ঘৰ কেইটাত ৮-১০ ঘৰ মান ভাড়াতীয়া থাকে। লক্ষী পূজাৰ পিছদিনা মই তাত নাছিলো, পিছদিনা আহিছো। নতুন ৰুমত মই পৰ্দাওঁ লগোৱা নাছিলো, অক্টোবৰ মাহ যদিও গৰম কমা নাছিল- ৰাতি শুৱতে মই ৰুমৰ খিৰিকী খুলিয়ে শুইছিলো। নতুন ৰঙৰ গোন্ধ তেতিয়াও নাকত লাগিয়ে আছিল। ভাত-পানী খাই ১০ মান বজাত শুই গলো। ৰাতি ২টা মান বজাত নন্দিতাৰ ফোন আহিল, মই অলপ আচৰিত হলো। তাই কলে বাহিৰত কোনোবা মানুহৰ খোজ কঢ়া শব্দ, চোৰ হব চাগে- খিৰিকী কেইখন বন্ধ কৰি শুব দিলে। মই উঠি খিৰিকী কেইখন লগাই ললো। কিছুদিন আগতে ওচৰতে ৰাতি এঘৰ মানুহৰ তাত চোৰে চুৰ কৰি নিছে কিবা কিবি। তাইৰ ৰুমৰ খিৰিকীখন কোনোবাই খুলিব ধৰাৰ দৰে শব্দ পোৱা বুলি ক’লে- মই উঠি যাম নেকি বুলি সোধাত তাই নালাগে বুলি কলে।
ৰাতি ঘৰৰ বেলকনিত মানুহে খোজকঢ়া শব্দ পালো, ভৰিখন চোচোৰাই চোচোৰাই খোজকঢ়া যেন লাগিল। চোৰ বুলি ভাৱি ৰাতিতো পাৰ কৰিলো। পিছদিনা ৰাতিপুৱাই মালিকক জনালো, মালিক আহিল। কিন্তু চোৰ সোমোৱাৰ কোনো ৰাস্তা নাই। গেটৰ গ্ৰীল তলা মৰা আছে, আনকি বেলকনিত সোমোৱা গেটখনো তলা মৰা আছিল। ৰাস্তা বুলিবলৈ- কাষৰ ঘৰৰ চাদৰ পৰা জাপ মাৰি আহি আমাৰ বেলকনি পাব লাগিব, যিটো ইমানো সহজ নাছিল। কাষৰ ঘৰৰ মানুহকো মতা হ’ল। কাষৰ ঘৰৰ মানুহজনো আহিল, তেওঁলোকৰো চাদলৈ অহা ৰাস্তা সম্পূৰ্ণ বন্ধ আছিল বুলি জনালে কিন্তু তেওঁ নভৱাকৈ কৈ দিলে এনে খোজ কঢ়া শব্দটো প্ৰায়ে শুনা যায়। ঘৰৰ মালিকেও আমাক চোৰ সোমোৱা নাই বুলি অভয় দি গুচি গ’ল। যিয়ে নহওঁক আমি অফিছ গুচি আহিলো। দুপৰীয়া ভাত খবলৈ আহি দেখা পাওঁ নতুনকৈ লগোৱা বেচিনটো ভাঙি চুড়মাৰ হৈ পৰি আছে, ইমানকৈ ভাঙিছে যেন কোনোবাই কোবাই কোবাই ভাঙিছে। দুৱাৰ-খিৰিকি সকলো বন্ধ। সকলো ধৰণৰ সম্ভাৱনীয়তা চালো, বিজ্ঞানৰ যুক্তি লগালো, নাই কোনো ৰাস্তা নেদেখিলো কিহে ভাঙিলে। তেতিয়ালৈকে আমি অন্য কোনো শক্তিৰ কথা ভৱাই নাই। বেচিন দুটা লগাই থোৱা গজাল দুটা কিন্তু বেকা হোৱা নাই বা খুলি পৰা নাই (মোবাইলত তুলি থোৱা সেই ফটোখন এতিয়াও ৰাখি থৈছো)। ঘৰৰ মালিকক জনালো- তেওঁ শান্ত ভাৱেই নতুন এটা লগাই দিম বুলি জনালে।
সিদিনা কিবা কামত আকৌ ঘৰ গুচি আহিব লগা হ’ল, ট্ৰেইনত আহি থাকোতে কিছুমান কথাই মনলৈ আকৌ নতুন চিন্তাৰ উদ্ৰেক কৰিলে। দুদিনমান আগতে আমাৰ ভাড়াঘৰটোৰ চৌহদতে থকা ক্লাছ টেনত পঢ়ি থকা ল’ৰাজনে ক’লে- সিহঁতৰ কাষৰ ৰূমৰ মানুহজনক ভূতে লম্ভিছিল, বাপেকে নিজৰ জীয়েকক মাৰিব যায় হেনো, বেজ আনি ঠিক কৰিছে। আৰু ভুতে হেনো যাওঁতে গছৰ ডাল এদাল ভাঙি প্ৰমাণ দি গৈছে। মই কথাবোৰ সিমান গুৰুত্ব নিদিলো আৰু আজিৰ দিনত ভূতৰ কথা কয় বুলি নিজে নিজে হাঁহিলো। মই ট্ৰেইনৰ পৰাই ল’ৰাজনলৈ ফোন লগালো- সি ক’লে সিহতে হেনো যোৱা দহ বছৰত কেতিয়াও তাত তেনে অভিজ্ঞতাৰ মুখামুখি হোৱা নাই কিন্তু আন ভাড়াতীয়াই কেতিয়াবা কিছুমান অস্বাভাৱিক পৰিস্থিতি হেনো পোৱা বুলি কৈছিল। সি ফোনত কথা খিনি কৈ শেষ কৰাৰ আগতে তাৰ মাকে ফোনতো লৈ মোক তেনে একো চিন্তা কৰিবলগীয়া নাই বুলি ক’লে। নতুন ৰূমৰ দুৱাৰ কেইখন কেতিয়াবা ইমান টানকৈ লাগি ধৰে যে সৰ্বশৰীৰৰ বল প্ৰয়োগ কৰিও খুলিব নোৱাৰো। নতুনকৈ ৰঙ কৰা বাবে টান হোৱা বুলি ধৰি লৈছিলো, আকৌ মূহুৰ্ততে সহজে দুৱাৰ খন খুলি যায়। সেই কথাবোৰো মনলৈ আহিব ধৰিলে।
দুদিন ঘৰত থাকি আকৌ বঙাইগাঁৱলৈ আহিলো। সিদিনা অফিছৰ পৰা ওলাওতে ঠিক সন্ধিয়া লাগিছিল, সন্ধিয়া বুলি কলে অলপ ভুল হ’ব কালসন্ধিয়া হৈছিল। দিনটো শেষ কিন্তু সন্ধিয়া লাগিবলৈ তেতিয়াও অলপ বাকী। পিছদিনা আমি অফিছৰ কামত দুয়োগৰাকী সতীৰ্থ যোৰহাট যাম বাবে সিদিনা আমাৰ ভাড়াঘৰত থকাৰ পৰিকল্পনা নাই, টাউনত থাকিম। নন্দিতা আৰু মই একেলগে ওলালো, টাউনলৈ যাম বাবে ই-ৰিক্সা এখনত উঠি ললো। ভাড়াঘৰৰ সন্মুখেৰে পাৰ হৈ গ’লো আমি, সদ্যব্যস্ত ৰাস্তাটোত সিদিনা মানুহ বুলিবলৈ শূন্য আনকি আমাৰ ভাড়াঘৰলৈ সোমোৱা ৰাস্তাটোতো কোনো নাই, আনদিনা বাকী ভাড়াতীয়াবোৰৰ ল’ৰা-ছোৱালীবোৰে খেলি থাকে। নন্দিতাই মোৰ হাতখন হঠাৎ খামোচ মাৰি ধৰি ক’লে আমাৰ ৰূমৰ ওপৰত কোনোবা বহি আছে, মই ঘূৰি চাওঁ মানে ৰিক্সাখন পাৰ হৈ আহিল। মই ক’লো-ঘৰৰ মালিক বা কাম কৰা মিস্ত্ৰি বহি আছে, কিন্তু গেটৰ তলাটো বন্ধ আছিল আৰু মালিক ওলাই গৈছে অলপ আগতে হেনো। ভাৱিলো নন্দিতাই চাগে অলপ ভয় এটা খাইছে সিদিনা চোৰ সোমোৱা বুলি ভৱাৰ দিনাৰ পিছৰে পৰা আৰু সেয়ে ছাঁ-পোহৰৰ প্ৰতিফলন আদিৰ বাবে ভ্ৰম দেখিছে সেয়ে সিমান বিশ্বাস নকৰিলো।
বিধিৰ বিপাক- ভুলক্ৰমে নন্দিতাৰ বেগ এখন অফিছত এৰি থৈ অহাত আকৌ উভতি আহিব লগা হ’ল। ভাড়াঘৰটোৰ পিনে এইবাৰ চালো- যি দেখিলো মই কিমান সাৱলীল ভাৱে বৰ্ণনা কৰিব পাৰিম নাজানো। নন্দিতাই সুধিলে- কিবা দেখিছানে, মই দেখিছো বুলি কলো। মইওঁ তাইক সুধিলো কিবা দেখিছানে- তাইও দেখা বুলি ক’লে। নিজৰ চকু হাতেৰে মোহাৰি চালো কিবা ভ্ৰম দেখিছো নেকি- দেখিলো আমাৰ ৰূমৰ ওপৰত দুগৰাকী মানুহ পিঠিয়াপিঠিকৈ বহি আছে। সেই ছায়ামূৰ্তি আমি দুইজনে দেখিলো। কৰবাৰ ছাঁ আহি এনেকুৱা দেখিছো নেকি ! নাই তেনে একো নহয়। এইবাৰ অফিছৰ পৰা বেগখন লৈ ঘূৰি আহোতে আকৌ চালো- তাই সুধিলে কিবা দেখিছানে। মই দেখিছো বুলি উত্তৰ দিলো। এইবাৰ সেই বহি থকা ছায়ামূৰ্তি দুটা নাই এইবাৰ দেখিলো এগৰাকী চুলি মেলি থকা ছোৱালীৰ ছায়ামূৰ্তি আমাৰ ৰূমৰ ওপৰত থিয় হৈ আছে আৰু সেই একে দৃশ্য আমি দুইজনে দেখিলো। এবাৰ ভাৱ হৈছিল- ৰুমলৈ সোমাই যাওঁ কিন্তু বিবেকে বাধা দিলে আৰু যিমান সময়লৈ দেখা পালো সেয়া ছায়ামূৰ্তিটো থিয় হৈ থাকিল। প্ৰথমবাৰত দেখা বহি থকা মানুহ দুজন আৰু থিয় হৈ থকা ছোৱালীজনী ঠিক একেটা স্থানতে আছিল আৰু সেয়া নন্দিতা আৰু মোৰ ৰূমৰ একেবাৰে মাজৰ অংশত। ভয় লাগি গ’ল অলপ সময়ৰ বাবে, চাৰিওঁপিনে মানুহ এজনো নাই। আমি ই-ৰিক্সা চলাই থকাজনক কিন্তু একো নকলো, সিয়ে একমাত্ৰ তৃতীয় ব্যক্তি আছিল। কি আছিল সেয়া নাজানো, কিহৰ ছায়ামূৰ্তি আছিল সেয়াও নাজানো কিন্তু সেয়াযে মানুহ নাছিল বা ছাঁ-পোহৰৰ খেলা নহয় সেয়া বুজি পাইছিলো, আমি তাক ভূত নাম দিলো। সেয়েহে মই ভূত বোলা সত্বাটোক বিশ্বাস কৰো। এইযে আমি দেখিছো- বৈজ্ঞানিক দিশবোৰৰ পৰাওঁ বাখ্যা কৰিবলৈয়ো চেষ্টা কৰিছিলো কিন্তু ঢুকি নাপালো। মোৰ বাবে সেয়া এক অদৃশ্য শক্তি যি ছায়ামূৰ্তিৰ ৰূপ লৈ আমাক দেখা দিলে আৰু আমি দুয়োজনে একেটা বস্তু দেখাত আমাৰ যে ভ্ৰম হোৱা নাছিল সেয়া আমি পতিয়ন গৈছিলো।
শেষত আমি ঘৰটো সলনি কৰাৰ সিদ্ধান্ত ললো কিন্তু মালিকক প্ৰকৃত কাৰণটো নকলো। আমাৰ কথা আজিৰ দিনত এইবোৰ কথা ক’লে হয়তো মানুহে আমাক মূৰ্খ বুলি হাঁহিব বা ভয়াতুৰ বুলি ক’ব। আনহাতে আমাৰ লগত হোৱা ঘটনাতো বেলেগৰ লগত নহ’বও পাৰে সেয়েহে মালিকৰ ঘৰ ভাড়া ব্যৱসায়ী ক্ষতি কৰাৰো কোনো যুক্তি নাই। গতিকে কাৰো একো ক্ষতি নোহোৱাকৈ আৰু কোনোবা অদৃশ্য শক্তিয়ে আমাক অসুবিধা নকৰক বুলিয়ে ভাড়াঘৰ এৰাৰ সিদ্ধান্তত অটল থাকিলো। মালিকে কিন্তু আমাক বাৰে বাৰে সুধিলে- হঠাৎ ঘৰ এৰাৰ প্ৰকৃত কাৰণ কি। ঘৰতো যেতিয়া বহুতৰে লগত কথাটো আলোচনা কৰিছিলো। সকলোৱে এটা কথা কৈছিল- আমাক হয়তো এটা ইংগিত দিছে। পিছলৈ কিবা ক্ষতিও কৰিব পাৰে সেয়ে আৰু ৰিস্ক ল’ব নিবিচাৰিলো।
ঘৰৰ সম্পূৰ্ণ ঠিকনা মই ৰাজহুৱা কৰিব বিচৰা নাই, কাৰণ আমাৰ যি অভিজ্ঞতা হ’ল সেয়া সকলোৰে বাবে নহবওঁ পাৰে। শেষত ঘৰৰ মালিকক আমি অলপ ভয় খোৱা বুলি কলো, তেওঁ বেজ এজন মাতি আনিলে। বেজক আমাৰ কথাখিনি ক’লো- বেজজনে আমাৰ কথাখিনি মনোযোগ দি শুনিলে। বেজজন এজন শিক্ষিত ভদ্ৰলোক। তেওঁ কলে- ‘তোমালোকে চাগে কিবা বেলেগ কাৰণত ভয় খাইছা, ইয়াত কোনো অশুভ শক্তি সোমাব নোৱাৰে, মই গোটেই ঘৰৰ চৌহদটো অশুভ শক্তি সোমাব নোৱাৰাকৈ ৰক্ষাকৱচেৰে বান্ধি থৈছো।‘ আমি তেওঁৰ লগত আৰু যুক্তি তৰ্ক নকৰিলো- তেওঁ ঘৰৰ মালিকক পদূলিমুখত পুতি থোৱা ‘ঔষধ’ খিনি খান্দি উলিয়াই আনিব দিলে। পদূলিমুখত পকী কৰি থোৱা মজিয়া ভাঙি- বহুত তলত পুতি থোৱা এটা ‘ঔষধ’ৰ বটল উলিয়াই আনিলে। বেজগৰাকীৰ মতে ঔষধ খিনিয়ে এতিয়াও সক্ৰিয় ভাৱে প্ৰহৰীৰ দৰে কাম কৰি আছে। সেয়েহে কোনো অশুভ শক্তি সোমোৱা নাই আমি থকা ঘৰত। যুক্তিৰ খাটিৰত যদি মানি লওঁ তেওঁৰ কথাটো সঁচা- তেতিয়া হলে অশুভ অদৃশ্য শক্তিৰ উপস্থিতিও মানি ল’ব লাগিব। তেওঁৰ কথাখিনিয়ে আমাক সাহস দিয়াৰ সলনি মনত প্ৰশ্নৰ অৱতাৰণা কৰালে- বেজৰ ঔষধ দিওতেটো ভুলো হ’ব পাৰে বা তেওৰ ঔষধৰ প্ৰভাৱ কেৱল গ্ৰাউণ্ড ফ্লোৰ আৰু ফাৰ্ষ্ট ফ্লোৰলৈকে সিমিত, ছেকেণ্ড ফ্লোৰলৈকে নাই।