আপোনালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে নাই নাজানো, ভাৱিলে হাঁহিও উঠে, লাজো লাগে তথাপিও লিখিছো- কবলৈ আখেজা আখেজা লগা নিজৰ কিছু অভিজ্ঞতা।
প্ৰথম চাকৰিত জইন কৰি এবাৰ আমি চাৰিজন বন্ধু পুনেৰ ৰেষ্টুৰেণ্ট এখনত খাব সোমালো। অলপ দামী আৰু অভিজাত ৰেষ্টুৰেণ্ট বুলি নাম আছে সেইখন ৰেষ্টুৰেণ্টৰ। সোমাই দেখিলো মানুহবোৰ অলপ ফিট-ফাট হৈ আহিছে, আমিও ভাল কাপোৰে পিন্ধিছো যদিও কিবাযেন মিলা নাই। যিনহওক আমি চাৰিজনে এখন টেবুলত একেলগে বহিলো। বন্ধু চাৰিজন আমি ঝাৰখণ্ডৰ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মই অসমৰ। গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ লৰা আমি আটাইকেইজন। মেনু আহিল- ভৱাতকৈ বহুত বেছি দাম, অলপ কম দাম চাই দুবিধ মান আইটেম অৰ্ডাৰ কৰিলো। খোৱাৰ শেষত একোটা বাতিত গৰম পানী আৰু গোলকৈ কটা নেমুটেঙাৰ এটা টুকুৰা আহিল। চাৰিওপিনে চালো- বাকী মানুহবোৰ ব্যস্ত। আমাৰ মাজৰ এজনে ক’লে- মাংস খোৱাৰ পিছত নেমু খাব লাগে, সেয়ে চাগে চিকেন আইটেম খোৱাৰ পিছত গৰম পানী আৰু নেমুটেঙা দিছে। আমিও তাৰ যুক্তিত পতিয়ন গলো, চাৰিওজনে গৰমপানীত নেমুটেঙা চেপি বাতিৰে পি খালো। বিল দি গুচি আহিলো। বহুদিন পিছতহে আমি গ’ম পালো যে নেমুৰে সৈতে গৰম পানীৰ বাতি হাত ধুবৰ বাবে দিছিল।
জনা হোৱাৰে পৰা জন্মদিন পালন কৰি অহা হৈছে ঘৰত, জন্মদিনৰ দিনা সাধাৰণতে আমাৰ ঘৰত বুট-মগুৰ শৰাই আগবঢ়োৱা হয়, কেক কটা হোৱা নাই। অইনৰ কেক কটা জন্মদিনত কেবাবাৰো উপস্থিত আছো যদিও নিয়ম-কানুন বা আদব-কায়দা বোৰ ভালদৰে নাজানো। এবাৰ মোৰ জন্মদিনত সতীৰ্থ সকলে কেকৰ ব্যৱস্থা কৰিলে। মোৰ অলপ অসহজ লাগিল, তথাপিও জ্বলি থকা মমডাল নুমুৱাই কেকটো কাটিলো। কেকৰ প্ৰথম টুকুৰাটো কাটি মই নিজে মুখত ভৰালো, বাকীবোৰেও একো নক’লে । পিছতহে মই মন কৰিলো- কেক কটাজনে প্ৰথম কেক টুকুৰা কাটি অন্য কাৰোবাক খুৱাই দিয়ে, তাৰ পিছতহে তেওঁক কোনোবাই খুৱাই দিয়ে। কথাবোৰ ভাৱিলে এতিয়াও নিজৰে লাজ লাগে।
হিন্দী-ইংৰাজী ভাষাত কথা পাতিবলৈ দিলে আমাৰ টেনশ্যন হৈ যায়। এবাৰ কলেজৰ প্ৰগ্ৰেম এটাত বাৰানসী হিন্দু বিশ্ববিদ্যালয়ত গৈছিলো। এজন উত্তৰ ভাৰতীয় ছাত্ৰই সুধিলে- ‘আপলোগোকা আছাম মে বহুত বাঢ় হ্যোটা হেই ন্যা’, মই উত্তৰ দি গ’লো- ‘হা গুৱাহাটী মে বহুত বাৰ হেই, য়ে য়ুথ কে লিয়ে প্ৰবলেম হেইন, ব্লা ব্লা ব্লা’। সি বিশেষ একো ধৰিব নোৱাৰিলে, একেলগে যোৱা গুৱাহাটীৰ বন্ধু এজনে কলে- ‘বাঢ়’ মানে বানপানী, মদ খোৱা বাৰ নহয়। ইংৰাজীতটো এনেকুৱা বিভ্ৰান্তিৰ কথা কলে শেষেই নহ’ব। এবাৰ বৃটিছ ক্লায়েণ্ট এজনৰ লগত কাম কৰি থাকোতে ভুল হ’ল, ক্লায়েণ্টজনৰ খং উঠিছে, মই কব লাগিছিলে ‘আই এপোলোজাইছ’ ( I apologize বা মই ভুলৰ বাবে ক্ষমা বিচাৰিছো ) মই কলো ‘ আই এপ্ৰিছিয়েট’ ( I appreciate বা মই প্ৰশংসা কৰিছো )। ক্লায়েণ্ট জন খঙত টিঙিৰি টুলা হ’ল, মোৰ প্ৰজেক্ট মেনেজাৰ দৌৰি আহিল, মোৰ চাকৰি কোনোৰকম বাচিল।
এই কথাখিনি মুকলিকৈ লিখাৰ উদ্দ্যেশ্য হৈছে বহুতৰে জীৱনত চাগে এনে কিছুমান ঘটনা ঘটে বা ঘটিব পাৰে। ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুল কৰি কৰিয়ে মানুহে শিকে আৰু এনেকুৱা ভুল বহুতেই কৰে, সেয়েহে আপুনি নিজকে অকলশৰীয়া বুলি নাভাৱিব এই ক্ষেত্ৰত।