ডিগ্ৰী পঢ়ি থাকোতে মালিগাঁৱৰ নীলাচলপুৰ অঞ্চলত ভাড়াঘৰত আছিলো। ভাড়াঘৰটো পাহাৰত, চিৰি বগাই উঠিব লাগে। এদিন সন্ধিয়া (কাল সন্ধিয়া) ভাৰাঘৰৰ পৰা ওলাই বজাৰলৈ বুলি চিৰিৰে নামি আহিছো । সদায় তেনেকৈ যাওঁ, অলপ দূৰ বাট। সিদিনা অৱশ্যে অকলে আছিলো। কেইটামান চিৰি নমাৰ পিছত দেখিলো সন্মুখৰ পৰা বগা শাৰী পিন্ধা এগৰাকী ধুনীয়া ছোৱালী আহি আছে- লগত আৰু এজনী সৰু ছোৱালী। শাৰী পিন্ধি থকা ছোৱালী জনীৰ বয়স হয়তো ২০-২২ হ’ব, ইমান ধুনীয়া দিপলীপ ছোৱালী। পাহাৰৰ ওপৰলৈ উঠি এখন গাঁও আছে, তাৰ মানুহবোৰো এইটো ৰাস্তাৰে অহা-যোৱা কৰে। প্ৰায়বোৰ মানুহকে চিনি পাওঁ। এই ছোৱালীজনীক আগে পিছে এইটো ৰাস্তাৰে অহা যোৱা কৰোঁতে দেখা মনত নপৰে। যিয়ে নহওঁক, ওচৰ আহি পাওঁতে ছোৱালী জনীয়ে মোক সুধিলে- ‘ক’ত যোৱা, মই বজাৰ যাম বুলি ক’লো। তাইকো সুধিলো- ক’ত যোৱা বুলি- মোক একো উত্তৰ নিদিলে। আকৌ শুধিলে- ক’ৰ পৰা আহিলা- মই ৰূমৰ পৰা আহিলো বুলি ক’লো- তাইকো শুধিলো ক’ৰ পৰা আহিলা- এইবাৰো তাই একো উত্তৰ নিদিলে। এইখিনি কথা সম্পূৰ্ণ স্পষ্টকৈ মনত আছে। ছোৱালী জনী মোক পাৰ হৈ গুচি গ’ল। মই তাই পাৰ হৈ যোৱাৰ পিছত ঘূৰি চালো- ঘূৰি তাইক নেদেখিলো। কিছুদূৰ পাহাৰৰ ওপৰত উঠি এটা কেকুৰি পাই, ভাৱিলো কেকুৰীটো পাৰ হৈ যোৱা বাবে মই নেদেখিলো সিহঁতক। মই তললৈ নামি আহি লগৰ দুজনমানক লগ পালো- সুধিলো কোনোবাই দেখিছিলে নেকি, কোনোৱে দেখা নাই বুলি ক’লে। মোক ইমান ধুনীয়াকৈ মাত দিয়া সেই ধুনীয়া ছোৱালীজনীক মই চিনি নাপালো।
পিছদিনা ৰাতিপুৱাৰ পৰা মোৰ প্ৰচণ্ড জ্বৰ। গাঁৱৰ ঘৰলৈ গুচি আহিলো- বসন্ত ৰোগে পালে মোক। আমাৰ পিনে ‘আই’ ওলোৱা বুলি কয়। ইমান বেছি ওলালে যে মোৰ মাত নোহোৱা হৈ গ’ল, চকু মেলিব নোৱাৰো, হাত মেলিব নোৱাৰো , মুঠৰ ওপৰত মোৰ অৱস্থা বেয়া। আমাৰ গাঁৱৰ বেজ আহিল। বেজ আইতা গৰাকীয়ে মোক সুধিলে ‘আইক’ দেখিছা নেকি ? তেতিয়ালৈকে মই সেই ছোৱালীজনীক দেখা কথাটো সাধাৰণ মানুহ লগ পোৱা ঘটনাৰ দৰেই ধৰি থৈছিলো। মই কথাই কথাই ক’লো- সেই ছোৱালীজনীক দেখাৰ কথা। বেজ আইতাই কলে – ‘ভগৱতী আইয়ে দেখা দিছে’। যিয়ে নহওঁক এটা সময়ত মই বসন্ত ৰোগৰ পৰা সুষ্ঠ হৈ উঠিলো- বহুদিনলৈকে ছোৱালীজনীৰ প্ৰতিচ্ছবি মোৰ মনত আছিল আৰু পিছতো লগ পাওঁ নেকি বহুদিন সেইটো ৰাস্তাত চালো। কিন্তু লগ নাপালো- এতিয়া অৱশ্যে ছোৱালীজনীৰ ছবিতো ভালকৈ মনত নাই। মই অৱশ্যে অসুখ হবৰ আগতে মন- মগজু হয়তো দুৰ্বল হৈ থাকিব পাৰে বুলি ভাৱি ভ্ৰম দেখিছো বুলিয়েই বহুদিনলৈ থাকিলো। বিজ্ঞানৰ ছাত্ৰহৈ ভাইৰাছ জনিত ৰোগক ‘আই’ৰ বাবে হৈছে বুলি ভাৱিলে মোক চাগে মানুহে হাঁহিব। কিন্তু সেই বেজ আইতা গৰাকীয়ে কিয় শুধিলে শুভ্ৰবসনা কোনোবাক দেখিছা নেকি বুলি- তাৰ উত্তৰ মই দিব নোৱাৰিম। ‘ ভগৱতী আই’ৰ অভিজ্ঞতাই এই জগৎত কিবা এক অদৃশ্য শক্তিৰ অস্তিত্ব বা উপস্থিতি আছে বুলি মোৰ মনত এটা বিশ্বাসৰ জন্ম হ’ল।