মমী, নিবেদিতা, ৰাহুলৰ সৰু সৰু প্ৰেমৰ কথাবোৰ

মমী গোস্বামী নগাঁওৰ ছোৱালী, কলেজত তাই মোৰ সহপাঠী আছিল। তাই ভাল পাইছিল এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ল’ৰাক। ৰাজস্থানত ঘৰ যদিওঁ চাকৰি সূত্ৰে সি গুৱাহাটীত আছিল। ৰেলৱেত চাকৰি কৰিছিল সি। ওখ-পাখ ধুনীয়া ল’ৰা, কলেজত থাকোতে দেখিছিলো আমি। গ্ৰেজুৱেশ্যন শেষ কৰি দুবছৰ মান পিছত তাই বিয়া পাতিলে আমাৰ লগত অৱশ্যে যোগাযোগ নাথাকিল। ৪-৫ বছৰমান পিছত ফেচবুকত কথা পাতোতে গম পালো তাইৰ হেনো বিবাহ বিচ্ছেদ হ’ল। কাৰণ কি বুলি সুধোতে কলে- সাংস্কৃতিক ভিন্নতাই আমাক দূৰ কৰি দিলে, প্ৰেম আৰু বিয়া দুটা সম্পূৰ্ণ বেলেগ। প্ৰেম কৰি থাকোতে- ডেটিঙত যাওঁতে যিবোৰ কথা ভৱা নাছিলো- বিয়াৰ পিছত সেইবোৰ কথা ভাৱিব লগা হ’ল। গুৱাহাটীত থকালৈকে চলি আছিল, কিন্তু যেতিয়া ৰাজস্থানলৈ চাকৰি বদলি হ’ল আৰু শহুৰ ঘৰত আহি থাকিব ধৰিলে তেতিয়া হেনো সহজ নহ’ল তাইৰ বাবে। ঘৰৰ পৰা প্ৰথম সময়ত যদিও মত নাছিল, পিছত মান্তি হৈছিল দুয়োখন ঘৰে। মাঘৰ বিহুৰ উৰুকাৰ দিনা যেতিয়া পনীৰ মছালা ভাত খাব লাগে তাইৰ ঘৰলৈ বৰকৈ মনত পৰে। স্বাধীনমনা মমীযেন কিছু বান্ধোনেৰে বান্ধ খাই পৰিলে, উৰি ফুৰিব বিচৰা মমীয়ে যেন মাতৃভাষাত কান্দিবও নোৱাৰা হ’ল। হয়তো আৰু  অন্য কিবা কথাওঁ আছে, যিখিনি হয়তো মই নাজানো। আমাৰ বিয়াৰ সময়ত ঘৰৰ পৰা যে একে ধৰ্মৰ, একে সংস্কৃতিৰ বা একে আৰ্থিক অৱস্থাৰ দৰা-কইনা বিচাৰে তাৰ হয়তো কিছু কাৰণ আছে। ল’ৰা বা ছোৱালী গৰাকী যিটো জীৱনধাৰাত ডাঙৰ হৈ আহিছে, ঘৰ সলনি হলেও পৰিৱেশটো একে থাকিলে চাগে সহজ হৈ পৰে। মই অৱশ্যে অন্য ধৰ্ম বা অন্য সংস্কৃতিৰ মানুহৰ লগত বিয়া হোৱাৰ বিৰোধী নহয়, কিন্তু প্ৰেমৰ সময়ত বা বিয়াৰ আগতে এই কথাবোৰ জানি ললে নিজকে প্ৰস্তুত কৰি লব পাৰে। মমীয়ে প্ৰেমৰ সময়ত হয়তো বা বিয়া পতাৰ আগতে যদি অলপ অধ্যয়ন কৰিলেহেতেন ভৱিষ্যতৰ পৰিৱেশ সম্পৰ্কে তেন্তে নিশ্চয়কৈ সিদ্ধান্তবোৰ হয়তো অলপ বেলেগ হ’লহেতেন।

সেই একেই কথা নলবাৰীৰ জয়ন্তৰ, সি ভাল পাই মহাৰাষ্ট্ৰৰ বিদিশাক। তাই ইউনিভাৰ্ছিটিত পঢ়ি থাকোতে জয়ন্তই তাইক এটা কেম্পত লগ পাইছিল। মাৰাঠী ছোৱালী বিদিশাই গৱেষণাৰ কাম ভাল পাই আৰু জয়ন্তই ফুৰি, অসমীয়া জয়ন্তই কথা কৈ ভাল পাই আৰু তাই কথা শুনি। এজনে আনজনক এৰিব নোৱাৰা দুৰ্বাৰ প্ৰেম। বিদিশাৰ ঘৰখন আৰ্থিক ভাৱে জয়ন্তত কৈ সৱল। ঘৰৰ পৰা এদিনতে বিয়াৰ সন্মতি দিয়া নাছিল। যিয়ে নহওঁক এদিন অগ্নিক সাক্ষী কৰি সিহতৰ প্ৰেম বিয়ালৈ ৰূপান্তৰিত হ’ল। দুয়ো সুখী, কেৱল জয়ন্তই অসমলৈ ঘূৰি আহিব খোজা অংকটো নিমিলা হৈছে। বিদিশাই নিজৰ জন্মস্থান এৰিব নোখোজে, কেতিয়াবা এই কথাটোৱে জয়ন্তক অলপ আমনি কৰে। প্ৰেমত কোনো অংক নাথাকে- থাকে ৰসায়ন মাত্ৰ, কিন্তু বিয়াত কেৱল ৰসায়ন মিলিলেই নহ’ব অংকও মিলিব লাগিব।

নিবেদিতা আৰু ৰাহুল দুয়ো একেলগে একেখন স্কুলতে পঢ়া-শুনা কৰা। ক্লাছ চিক্স মানৰ পৰাই সিহতৰ এজনে আনজনৰ প্ৰতি দুৰ্বল। ক্লাছ চিক্সত থাকোতে চাগে ভালপোৱা কি বা প্ৰেম কি কোনেওঁ বুজি পোৱা নাছিল কিন্তু এজনে আনজনৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিলে। বুজা-নুবুজাকৈ সিহঁতে একেলগে সপোন দেখিব আৰম্ভ কৰিলে। নিবেদিতাই মেট্ৰিক পাছ কৰি গুৱাহাটীৰ কটন কলেজত এডমিশ্যন ললে কিন্তু অইন লৰাৰ প্ৰতি কোনো আসক্তি বা প্ৰেমানুভৱ নকৰিলে, চাগে লাহে লাহে তাই ৰাহুলৰ প্ৰতি উৎসৰ্গিত হৈ পৰিছিল। ৰাহুলৰো একেই উৎসাহ আৰু অনুভৱ তাইৰ প্ৰতি। এদিন এনেকৈয়ে সিহতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিল। দুয়োখন ঘৰৰ মানুহেও কথাবোৰ লাহে লাহে গম পালে, কিন্তু এই সম্পৰ্কত ঘৰৰ মানুহৰ যেন বিশেষ কোনো আপত্তি নাছিল। দুয়োজনৰে ঘৰ গুৱাহাটীত, মাজে-সময়ে ঘৰলৈও অহা-যোৱা হয় সিহতৰ, বন্ধুমহলত সকলোৱে গম পালে সিহতৰ প্ৰেমৰ সম্পৰ্কৰ কথা। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি নিবেদিতা দিল্লীলৈ পঢ়িবলৈ গ’ল আৰু ৰাহুল গুৱাহাটীত থাকিল, ফোনত কথা বতৰা চলি থাকিল। দুবাৰমান ৰাহুল দিল্লীলৈওঁ গ’ল লগ কৰিবলৈ, নিবেদিতা গুৱাহাটী আহিলে সিহতে লং ড্ৰাইভত যায়। কিন্তু হঠাৎ জানো কি হ’ল- চকুৰ আতৰ হলে মনৰো আতৰ হোৱাৰ দৰে সিহতৰ সম্বন্ধটোত অলপ গোলমাল লাগিল। কাৰ ভুল সেয়া নাজানো, কিন্তু যেন আগৰ দৰে আকৰ্ষণ নোহোৱা হৈ গৈছে আৰু এদিন সম্বন্ধটো ভাঙি থাকিল। নিবেদিতাই হেনো চেষ্টা কৰিছিলে ধৰি ৰাখিবলৈ কিন্তু ৰাহুলে দায়িত্ববোধ লবলৈ অলপ অস্বীকাৰ কৰিলে। চাগে প্ৰেমলৈকে ঠিক আছিল, যেতিয়া বিয়াৰ কথা ওলাব ধৰিলে ৰাহুলে নিজকে প্ৰস্তুত কৰি তুলিব নোৱাৰিলে, সিহঁত সমবয়সীয়া আছিল।

            নিবেদিতা-ৰাহুলৰ সম্পৰ্ক ভাঙি যোৱাৰ প্ৰায় ৪-৫ বছৰ মান পিছত নিবেদিতাৰ জীৱনলৈ আহিল ইৰফান। ইৰফান মুছলমান সম্প্ৰদায়ৰ যদিওঁ সি অসমীয়া। নিবেদিতাই বিশ্বাস কৰা নাছিল প্ৰেম দুবাৰ হ’ব পাৰে। ৰাহুলৰ প্ৰেমকে সমগ্ৰ জীৱনৰ সত্বা কৰি লোৱা নিবেদিতাই ইৰফানৰ প্ৰেমত পৰিল। প্ৰথমতে সেয়া ৰাহুলে সৃষ্টি কৰা শূন্যতাৰ বাবে হোৱা প্ৰেম বুলি ভৱা হৈছিল যদিওঁ তেনে নহয়। যি নিবেদিতাই ৪-৫ বছৰ কোনো লৰাক তাইৰ জীৱনলৈ আহিব নিদিলে সেই নিবেদিতাই আজি ইৰফানৰ প্ৰেমত হাবু-ডুবু খাইছে। ইৰফান শিক্ষিত লৰা আৰু সি তাইৰ সম্পূৰ্ণ ইতিহাস জানে আৰু ইৰফানে এই প্ৰেমৰ সম্পৰ্কক বিয়ালৈ ৰূপান্তৰ কৰিব খোজে। কিন্তু আমাৰ সমাজত এতিয়াও হিন্দু-মুছলমানৰ মাজত বিয়া সহজ হৈ উঠা নাই, কিন্তু সিহতটো দুৰ্বাৰ প্ৰেমিক। ঘৰত মনাবলৈ চেষ্টা চলি আছে যোৱা ৩-৪ বছৰ ধৰি। সিহতে আশা এৰা নাই আৰু ভুল ৰাস্তাও লোৱা নাই। ৰসায়নো মিলাইছে আৰু অংকও কৰিছে সিহঁতে, এজনে আনজনক ভালকৈ বুজি পাই সিহঁতে। প্ৰেম সমাজ ব্যৱস্থাৰ উৰ্দ্ধত, কিন্তু বিয়া সমাজ ব্যৱস্থাৰ উৰ্দ্ধত হয়নে নহয় সেয়া  সময়েহে ক’ব।

নিবেদিতা আৰু ৰাহুলৰ কাহিনীটো লিখাৰ প্ৰধান উদ্দেশ্য এইটো যে প্ৰেমৰ এটা সম্পৰ্ক ভাঙি গ’লে বা প্ৰেমত প্ৰতাৰিত হলে হতাশা হয়তো দুদিনমানলৈ আহিব কিন্তু জীৱনৰ যতি নপৰে। নিবেদিতা প্ৰথম প্ৰেমত যেতিয়া প্ৰতাৰিত হ’ল- তাই ভাৱিলে জীৱনৰ সকলো শেষ কিন্তু সেয়া নহয়। তাই ৰাহুলক দেখুৱাবলৈ এটা ভাল চাকৰি ললে- প্ৰেম আকৌ আহিল তাইৰ জীৱনলৈ আৰু যি প্ৰেম হয়তো নিবেদিতাই আশা কৰাতকৈ বহুত বেছি। বিয়াখন হলে সিহতে চাগে সুখী হ’ব কিন্তু সিহতবোৰ আজিকালি প্ৰাপ্তবয়স্ক আৰু বুজি পোৱা লৰা-ছোৱালী, ঘৰৰ অমততো সিহতে একো সিদ্ধান্ত লোৱা নাই।

গুৱাহাটীৰ পৰা ট্ৰেইনত হায়দৰাবাদ গৈ থাকোতে নিহাৰিকাই লগ পালে উৰিষ্যাৰ বিক্ৰম মহাপাত্ৰক। ট্ৰেইনৰ সেই অলপ সময়ৰ চিনাকীয়ে এদিন প্ৰেমৰ সম্বন্ধলৈ ৰূপান্তৰিত হ’ল। মোবাইল ফোনত কথা-বতৰা চলি থাকে সিহতৰ। নিহাৰিকা সন্দিকৈ কলেজৰ বি,এ ৰ ছাত্ৰী আৰু বিক্ৰমে উৰিষ্যাতে পঢ়া-শুনা সাং কৰি এতিয়া বিভিন্ন ধৰণৰ সামাজিক কাম কাজ আৰু ৰাজনীতিত জড়িত। ঘৰৰ কোনেও এইবোৰ কথা গম নাপাই, এবাৰ নিহাৰিকাৰ মাক-দেউতাক উৰিষ্যাৰ পুৰীত ফুৰিব যাওঁতে বিক্ৰমে অতিথি পৰায়নতাৰে মাক-দেউতাকৰ মন জিনি ললে, কিন্তু তেতিয়ালৈকে মাক-দেউতাকে একো গম পোৱা নাছিল- কেৱল নিহাৰিকাৰ বন্ধুৰ কোনোবা চিনাকী বুলিয়ে জানিছিল। বিক্ৰমকো অসমলৈ ফুৰিব আহিব মাতিলে। এদিন বিক্ৰম গুৱাহাটীলৈ অতিথি হৈ আহিল নিহাৰিকা হতৰ ঘৰলৈ। ঘৰৰ মানুহেও অতিথি আপ্যায়ন কৰিলে, নিহাৰিকাই একো গমকে নিদিলে কেৱল সাধাৰণ চিনাকীৰ দৰে কথা পাতিলে  সিহতে। কিন্তু কিমান দিন লুকুৱাব, এদিন ধৰা পৰি গ’ল। দেউতাকে নিহাৰিকাক খুব পিটিলে, নিহাৰিকা আকোৰগোজ হৈ থাকিল – পঢ়া-শুনাৰ প্ৰতি মন নোহোৱা হ’ল। ইয়াৰ মাজতে বিক্ৰমে নিহাৰিকাৰ ঘৰত বিয়াৰ প্ৰস্তাৱ লৈ আহিল, কিন্তু ৰক্ষণশীল অসমীয়া ব্ৰাহ্মন নিহাৰিকাৰ পৰিয়ালে এই প্ৰস্তাৱ একে আষাৰতে নাকচ কৰিলে আৰু বিক্ৰম ককৰ্থনা কৰিলে। বিক্ৰম গুছি গ’ল।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…