যোৱা ৰঙালী বিহুৰ সময়ৰ কথা। পিছদিনাৰ পৰা ৰঙালী বিহুৰ বন্ধ বাবে ঘৰলৈ যাম। জালুকবাৰীত অজস্ৰ মানুহ, গাড়ীবোৰত ভিৰ। ঠেলা-হেঁচা কৰি গোৱালপাৰা লাইনৰ বাছ এখনত উঠিলো। মই ধূপধৰালৈ যাম আৰু তাৰ পৰা নগৰবেৰা। বহিবলৈ ছিটতো নাইয়ে ভালদৰে থিয় হবলৈও ঠাইৰ অভাৱ। গাড়ীখনৰ একেবাৰে শেষত ছিট এখনত ভেজা দি থিয় দিছোঁ। এনেতে এগৰাকী মহিলাই নিজৰ ২-৩ বছৰীয়া ছোৱালীজনীক কোলাত লৈ মানুহৰ ভিৰ ফালি ভিতৰলৈ সোমাই আহিছে। ৩০-৩৫ বছৰীয়া মহিলাগৰাকীৰ অলপযেন ক্লান্ত, জীয়েকজনীয়ে কোলাৰ পৰা নানামে। ওচৰতে বহি থকা মহিলা এগৰাকীয়ে অলপ সময়ৰ বাবে ছোৱালীজনীক কোলাত ল’লে যদিও বেছি সময় নাথাকিল। বাছখন চলিব আৰম্ভ কৰিল। মাকে এখন হাতেৰে বাছৰ ভিতৰত থকা থিয় খুটা এটাত এখন হাতেৰে ধৰিছে আৰু এখন হাতেৰে কোলাত লৈ আছে। গাড়ীৰ ব্ৰেক মাৰিলে মহিলাগৰাকী হালি কাৰোবাৰ গাত খুন্দা মাৰে। কোনেও নিজৰ ছিটখন এৰি দিব বিচৰা নাই। কেবাজনো ডেকা ল’ৰা বহি আছে ছিটত কিন্তু মহিলাগৰাকীক কোনেও ছিটখন এৰি দিব বিচৰা নাই। নিজৰ ওপৰতো খং উঠিছে, কেচুৱা থকা মহিলাগৰাকীক আমি ছিট এখন এৰি দিয়াৰ সৌজন্যতা প্ৰকাশ কৰিব পৰা নাই, আমি মানুহবোৰ চাগে তেনেকুৱাই।
এঘণ্টা মান যোৱাৰ পিছত এজন মানুহৰ যেনিবা সদয় হ’ল। প্ৰায় ৪০-৪২ বছৰীয়া মতা মানুহ এজনে নিজৰ ছিটখনৰ পৰা উঠি মহিলাগৰাকীক বহিব দিলে। মনটো ভাল লাগি গ’ল। মহিলাগৰাকী বহি দিলে আৰু মানুহজনে মোৰ কাষতে আহি থিয় দিলে। মানুহজনো ক্লান্ত, তথাপিও মানৱতাৰ স্বাৰ্থত নিজৰ ছিটখন এৰি দিলে। বকোত মহিলাগৰাকী নামিলে, কিন্তু ছিটখন মানুহজনক ঘূৰাই নিদিলে। মনুহজন পিছফালৰ পৰা গৈ পাই মানে অন্য এজন আহি ছিটখনত বহি দিলে। মহিলাগৰাকীয়ে ধন্যবাদ এটাও নজানালে সেই ছিট এৰি দিয়া মানুহজনক। ধন্যবাদ বা কৃতজ্ঞতাটো নাপালেই নিজৰ ছিটখনো হেৰালে। মই দূৰৰ পৰা মন কৰি আছিলো, মানুহজনে মোৰ ফালে চালে, হাঁহি বিনিময় হ’ল। মানুহজনে এতিয়া থিয় হৈ গোৱালপাৰা যাব লাগিব।
এতিয়া মই ভাৱি আছো, মানুহজনে ছিটখন দি ভাল কাম কৰিলে নে ভুল কৰিলে! মই আগলৈ বেলেগক নিজৰ ছিটখন এৰি দিমনে!