মাজনী, তই সদায় সন্ধিয়া যে তাৰ লগত বাইকত আহ, তেনেকৈ নাহিবি । মানুহে দেখিলে কি কব । আই, সি মোৰ অফিছৰ সহকৰ্মী বন্ধুহে । আফিছত দেৰি হলে গাড়ী পোৱা দিকদাৰ, সেয়ে সি মোক থৈ যায় । সেই মানুহবোৰে জানো তোক সুধিছে- কি কাম কৰো মই, কেনেকৈ চলি আছে আমাৰ ঘৰখন ।
দেউতা, এইবাৰ মই আমাৰ মাটি খিনিত খেতিকে কৰিম দে, কোম্পেনীৰ চাকৰিটো কৰি ভাল লগা নাই । বোপাই, বাংগালোৰত ইঞ্জিনীয়াৰিং পঢ়ি আহি যদি তই খেতিত ধৰা মানুহে কি কব । দেউতা, কোম্পেনীত যিমান কষ্ট কৰো, সিমান কষ্ট ঘৰৰ মাটিদৰাত কৰিলে বেছি আয় হ’ব ।
হেৰি শুনিছেনে, গুৱাহাটীত ফ্লেট এটা লব লাগিছিল, ১৫ বছৰ ধৰি গুৱাহাটীত চাকৰি কৰিলে, ফ্লেট এটা নাথাকিলে- মানুহে কি কব । শ্ৰীমতি, আমাৰ দেখোন গাওঁত বিশাল ঘৰ এটা আছেই, চোতালে-বাৰীয়ে ভৰি থকা সেইটোৱে আমাৰ ঘৰ । গুৱাহাটীত আমি অস্থায়ীহে, আৰু ভাড়াঘৰটো আছেই দেখোন । সচা কথা কবলৈ গলে পইচাওঁ নাই দিয়াছোন, লোণ লৈ ধাৰ মাৰোতে আধা জীৱন যাব, মানুহে কি কব বুলিয়ে আৰু এটা ঘৰ কিনিব নোৱাৰি নহয় ।
কথা এটা ভাবিছো- এইযে ‘মানুহে কি কব’, কোন হয় বাৰু এই মানুহবোৰ !