- “মাজনী, তইযে সদায় সন্ধিয়া সেই অফিছৰ ল’ৰাজনৰ লগত ঘৰলৈ আহ তেনেকৈ নাহিবি, মানুহে দেখিলে কি ক’ব ।
- আই, সিযে মোৰ অফিছ’ৰ সহকৰ্মী বন্ধু মাত্ৰ । সি থব নাহিলে এই সন্ধিয়াখন মইযে অকলে আহিব লাগিব ।
- তথাপিও মাজনী, মানুহবোৰে দেখিলে বু-বা কৰিব, কোনে বা কি ভাৱিব ।“
“-দেউতা, মই ঘৰৰ মাটিখিনিত খেতিকে কৰো দে, বিজ্ঞানসন্মত ভাৱে নতুন পদ্ধতিত ।
-কিয়, তোৰ চাকৰিটো কি হ’ল ।
-চাকৰিটো বাদ দিম, কাম কৰি সুখ পোৱা নাই । যিমান কষ্ট কোম্পেনীৰ বাবে কৰো, সিমান কষ্ট নিজৰ বাবে কৰিলে বহুত উপাৰ্জন হ’ব ।
– বাবা, বাংগালোৰত ইঞ্জিনীয়াৰিং পঢ়ি আহি গাঁৱত খেতিত ধৰিলে মানুহে কি ক’ব ।“
-শুনিছা, এইবাৰ বিহুত গাড়ী এখন ল’ব লাগিব । আমাৰ পিনৰ কেবাখনো বিয়া আছে এইবাৰ ।
-কিয় ! পেছেঞ্জাৰ গাড়ীৰ দেখোন অভাৱ নাই, প্ৰয়োজন হলে ভাড়া কৰি গাড়ী এখন লৈ যাম দিয়া ।
– আমাৰ গোটেই চিনাকী মানুহ বোৰ থাকিব তাত, পেছেঞ্জাৰ গাড়ীত বিয়া খাব গ’লে মানুহে কি ক’ব ।
- “দেউতা বিয়াৰ খানাত মাছ-মাংস দুইটাই থাকিব লাগিব কিন্তু ।
- মাছ বা মাংসৰ এবিধ খুৱাম দেই বাবা, খৰছো চাব লাগিব নহয় ।
- দেউতা, বেলেগৰ বিয়াবোৰত আমি মাছ-মাংস খাই ফুৰো, আমি মাত্ৰ এবিধ খুৱালে মানুহে আমাক কি ক’ব ।“
- “তোমালোকে জোৰোণত ২-৩ যোৰ পাটৰ কাপোৰ দিলে নহ’ব দেই ।
- নিজৰ আয়ৰ জোখাৰে দিম দিয়া আৰু এনেও বিয়াৰ পিছত ক’তনো ইমান পাটৰ কাপোৰ পিন্ধা হয়
- নহয়, আমাৰ ঘৰৰ গোটেই সম্পৰ্কীয় মানুহবোৰ থাকিব, পিছত কি দিয়া-নিদিয়া সেয়া পিছৰ কথা, জোৰোণৰ দিনা ২-৩ জোৰ মাত্ৰ কাপোৰ দিলে মানুহে কি ক’ব ।“
কোন বাৰু এই মানুহবোৰ?, যিয়ে কিবা ক’ব বা কিবা ভাৱিব । সচাকৈয়ে মানুহবোৰে কিবা ক’ব নেকি ?
সোঁতৰ বিপৰীতে আমি যাবলৈ ভয় কৰো নে অগতানুগতিক চিন্তাধাৰাক আকোৱালী ল’বলৈ আখেজা আখেজা লাগে । নিজৰ দুৰ্বলতা বা ভয়ক এটা অদৃশ্য শক্তি (সেই মানুহবোৰ)ৰ গাত ভেজা দি আমি নতুন চিন্তাধাৰাৰ বিৰুদ্ধাচৰণ কৰো নেকি । লিখনিটো লিখি থকাৰ সময়ত চেষ্টা কৰিছিলো সেই মানুহবোৰক বিচাৰি উলিয়াবলৈ । সমাজত সেই মানুহবোৰৰ সংখ্যা বহুত বেছি নহয় আৰু অধিক ক্ষেত্ৰত ই নিজৰ মনলৈ অহা এক ভাৱ বা চিন্তাহে ।
আপোনাৰ ছোৱালীজনী অফিছৰ পৰা ৰাতি আহোতে দেৰি হয়, অফিছৰ কোনোবা পুৰুষ সতীৰ্থই যদি আগবঢ়াই থবলৈ আহে তেন্তে তাত ভুল ক’ত । বু-বা কৰা মানুহৰ সংখ্যা এজন বা দুজন যি হয়তো এক ঋণাত্মক দৃষ্টিভংগীৰ গৰাকী, যিয়ে হয়তো কেতিয়াও আপোনাৰ সুখ-দুখৰ খবৰ নাৰাখে । সেয়েহে সেই দুই-এজন মানুহে কিবা কব বুলিয়েই ভয় খোৱাটো যুক্তিকৰ হ’ব নোৱাৰে । এইটো সঁচাকথা- আমি অপকৰ্ম কৰিবলৈ বা অসামাজিক কাম কৰিবলৈ ভয় কৰিব লাগে, সমাজ ব্যৱস্থাক সমীহ কৰি চলিব লাগে । কিন্তু আপুনি শুদ্ধ বুলি জনা কথাটোক অন্যই ভুল বুলি ভৱা বাবেই আপুনিও শুদ্ধটোক যেতিয়া স্বীকাৰ কৰিব নোখোজে তেতিয়াই আপুনি ভুল কৰি পেলাই । যিবোৰ মানুহে আপোনাৰ দুখৰ সমভাগী নহয়, যিয়ে কেতিয়াও আপোনাক সোধা নাই- ছোৱালীজনী কি কামত সোমাইছে বুলি সেইজন মানুহে বু-বা কৰিল বুলি শুদ্ধ কথাটো ভুল হ’ব নোৱাৰে । এইখিনিতে আৰু এটা কথা নিজকে সোধকছোন- এইযে মানুহে কি ভাৱিব বুলি আপুনি ভাৱিলে, সেই কথাষাৰ আপুনি নিজেই ভাৱিছে নে কোনোবাই আপোনাক কোৱাৰ পিছত ভাৱিছে ।
আমি সমাজপ্ৰিয় জীৱ বা সমাজ পাতি বাস কৰো, সেয়া ১০০% ই শুদ্ধ কিন্তু সমাজখন হ’ব লাগে সাহস আৰু প্ৰেৰণাৰ উৎস । আমি সমাজত থাকিলে বহু নিয়ম আৰু বান্ধোনত চলি থাকো আৰু সামাজিক সন্তুলনতা ৰক্ষা কৰিবলৈ কেতিয়াবা এৰা-ধৰা কৰিবলগীয়া হয় কিন্তু সেই বুলি ‘সেই মানুহ জন’ যিয়ে কিবা ক’ব বুলি সমাজ ব্যৱস্থাক দোষ দি আপুনি নিজে পলাই ফুৰাটো সমীচিন নহ’ব ।
আপোনাৰ ল’ৰাই যে ইঞ্জিনীয়াৰিং পাছ কৰি গাঁৱত আহি খেতি কৰিব বিচাৰিছে তাৰ নিশ্চয় কিবা যুক্তি আছে । খেতি কৰিলে ভাল হ’ব বা বেয়া হ’ব লাভজনক হ’বনে নাই সেয়া নিশ্চয়কৈ আলোচনা কৰক, ল’ৰাজনে চাকৰিটোত পোৱা অসুবিধাৰ কথাখিনি শুনকছোন । বাংগালোৰৰ কোম্পেনীৰ চাকৰিত ৫০ হাজাৰ টকা দৰমহা পালেই যেনিবা তাত খৰছো সেইধৰণে হয় আৰু হয়তো আন কিবা অসুবিধা পাইছে যিটো হয়তো খেতি কৰিলে নাপাব বুলি ল’ৰাজনে বিশ্বাস কৰে । বিজ্ঞানসন্মত আৰু স্বাধীনচেতিয়া ভাৱে কৰা খেতিয়ে হয়তো ল’ৰাজনক উপাৰ্জন আৰু কাম কৰাৰ স্বাধীনতা দুইটা দিব । আপুনি তাৰ কথাৰ যুক্তিযুক্ততা বিচাৰ কৰক আৰু আপুনি যদি পতিয়ন গৈছে তেন্তে তাক উৎসাহ দিয়ক । আপোনাক সোধা-পোছা কৰা সেই মানুহজনক আপুনি দৃঢ়তাৰে উত্তৰ দিয়ক । সেই ‘কি ক’ব’ বুলি ভৱা মানুহকেইজনে যদি কিবা সোধে বা কয় তেন্তে আত্মবিশ্বাসেৰে উত্তৰ দিয়ক যদি একো নোসোধে তেন্তে সেইটো কথাটো মনলৈ নানিব । কিন্তু কোনোবাই কিবা ক’ব বুলিয়েই আপোনাৰ ল’ৰাটোৰ সপোনটো ভাঙি যাব নিদিব । আমি বেছিভাগেই নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ, সেইবাবে আমাৰ চাগে অলপ আত্মসন্মানবোধ বা আত্মাভিমান বেছি । অলপ সময়ৰ বাবে যদি সেই ‘মানুহে কি ক’ব’ ভাৱটো বাকচত ভৰাই থৈ সেই মানুহবোৰক উপেক্ষা বা আওকাণ কৰিব পাৰো তেন্তে আমি বহু পৰিৱৰ্তনৰ সাক্ষী হ’ব পাৰিম আৰু সেই পৰিৱৰ্তন সৃষ্টিশীল হ’ব ।
সৰুতে পঢ়িছিলো আঠুৱা চাই হেনো ঠেং মেলিব লাগে আৰু আয় চাই ব্যয় কৰিব লাগে । চুবুৰীয়া ঘৰে জীয়েকৰ বিয়াত মাছে-মাংসই খুৱাই ৰাইজক আপ্যায়ন কৰিছে বুলিয়েই আপোনাৰ দেউতাই সিমান খৰছ কৰিব নোৱাৰিব পাৰে কাৰণ সিহতৰ সমান আয় আপোনাৰ মা – দেউতাৰ নাই । কিন্তু মানুহে কি ক’ব বুলিয়েই যদি আয় নাচাই ব্যয় কৰা যায় তেন্তে মোৰ দৃষ্টিত এক ভুল কৰা হ’ব । বিয়া হৈ যোৱাৰ পিছত ৰাইজে মাছ খালে নে মাংস খালে ইমান মনত নাৰাখে কিন্তু আপুনি যি ঋণত পৰিল তাৰ পৰা মুক্তি পাওঁতে হয়তো আৰু কেবাবছৰো লাগিব । যিবোৰ মানুহে মাছ-মাংস নুখুৱালে কি ক’ব বুলি ভাৱিছিল, সেই মানুহবোৰে আৰু আপোনালোকৰ ঋণৰ বা ধাৰৰ খবৰ ল’বলৈ নাহে । বাস্তৱত এনেকুৱা বহু জীয়া কাহিনী আছে য’ত বিয়া এখন পাতি ঘৰখন আৰ্থিক ভাৱে জুৰুলা হৈ পৰে, মাটি-বাৰী বিক্ৰীও কৰিব লগা হয় ।
তেনেদৰে বিয়াত যৌতুক বিচৰাটো আইনমতে অপৰাধ আৰু আমি অসমীয়া সমাজত এতিয়াও যৌতুক প্ৰথা নাই বুলি গৌৰৱ কৰো । কিন্তু সঁচাকৈয়ে আমি যৌতুক প্ৰথাৰ পৰা মুক্ত নে- এনে বহু কাহিনী চাগে আপুনি দেখিছে য’ত দৰাঘৰে কইনাঘৰক একো দাবী কৰা নাই, কিন্তু কইনাই নিজৰ পৰিয়ালক দাবী কৰিছে বা কি কি বস্তু দিব লাগিব তাৰ লিষ্ট বনাই দিছে – সেয়া সোণৰ গহনাৰ পৰা আৰম্ভ কৰি কাঠৰ ফাৰ্ণিচাৰলৈকে । মাক-বাপেকে জীয়েকৰ বিয়াত নিশ্চয়কৈ পাৰ্য্যমানে যিমান পাৰে দিয়ে, কিন্তু সি যদি অলপ দাবীৰ দৰে হয় তেতিয়া হয়তো অলপ বেয়া লাগে । নতুন ঘৰত গ’লে যদি এইটো নিনিও- সেইটো নিনিও তেতিয়া দৰাঘৰৰ মানুহে কি ক’ব বুলি ভাৱি যদি মাক-দেউতাক বা পৰিয়ালৰ লোকক হেঁচা দিও তেন্তে বিয়াৰ আনন্দ কিছুপৰিমাণে ম্লান হৈ যায় । বহু কইনাই হয়তো ‘মানুহে কি ক’ব’ বুলি আনৰ ওপৰত ভেজা দি নিজৰ ইচ্ছা পূৰ কৰে । মাক-দেউতাক-পৰিয়ালে নিশ্চয়কৈ বিচাৰিব নিজৰ ছোৱালীজনীক যিমান পাৰি বস্তু দি পঠিয়াবলৈ আৰু পাৰ্য্যমানে চেষ্টাও কৰিব কিন্তু যদি ছোৱালীজনীয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ কথা নাভাৱি কেৱল নিজৰ কথা ভাৱে আৰু সেই মানুহবোৰৰ কথা ভাৱে যাক হয়তো চিনিয়ে নাপায় তেন্তে ছোৱালীজনীয়ে হয়তো ভুল কৰা হ’ব । পৰিয়ালৰ লোকে ছোৱালীৰ স্নেহত অন্ধ হৈ হয়তো মাটি বন্ধকত থৈ হলেও ছোৱালীজনীৰ ইচ্ছা পূৰ কৰিব কিন্তু তাত সুখকণ নাথাকিব । মানুহে কি ভাৱিব বা কি ক’ব বুলিয়ে ইমানবোৰ খৰছ আৰু আয়োজনৰ কোনো যুক্তি থাকিব নোৱাৰে । অলপ যদি সুক্ষ্মভাৱে বিশ্লেষণ কৰা যায় তেতিয়া দেখা পাব ‘সেই মানুহবোৰ’ হয়তো দুজন বা এজন বা কেতিয়াবা এটা শূন্য ধাৰণা । সেই মানুহবোৰ সদায় নেতিবাচক- আপুনি যিমানে কৰক, যিমানে খুৱাওঁক বা যিমানে দিয়ক তেওঁলোকে নঞাৰ্থক কিবা এটা ক’বই আৰু আপুনি যিমানে সেই মানুহবোৰক গুৰুত্ব দিব সিমানে আপোনাৰ ক্ষতি হ’ব ।
-দীপকক তাৰ মাক-বাপেক আৰু বন্ধুবৰ্গই প্ৰায়ে কয় ‘তইযে ইমানকৈ শহুৰৰ ঘৰত কিয় গৈ থাক- মানুহে কি ক’ব’ । দীপকে কয়- কোন সেই মানুহবোৰ মোক এবাৰ চিনাকী কৰাই দিবি । কোনেও কিন্তু চিনাকী কৰি দিব নোৱাৰে সেই মানুহ কেইজনক । দীপকে হয়তো বুজি উঠে কোন সেই মানুহবোৰ । দীপকৰ পত্নী শহুৰেকৰ একমাত্ৰ সন্তান, সেয়েহে দীপকৰ পত্নীৰ যিদৰে দীপকৰ ঘৰখনৰ প্ৰতি দায়িত্ব আছে ঠিক তেনেদৰে দীপকৰো দায়িত্ব আছে শহুৰেকৰ ঘৰৰ প্ৰতি । সেয়েহে মানুহে কিবা ভাৱিব বুলিয়েই দীপকে শহুৰৰ ঘৰত নোযোৱাকৈ থাকিবনে ।
আপুনি ইংৰাজীত কেচা বা সিমান ভাল নহয়- আপুনি যিটো আলোচনাত অংশগ্ৰহন কৰি আছে বাকী অংশগ্ৰহনকাৰী কেইজনে সৰসৰীয়াকৈ ইংৰাজী কৈছে , আপুনি বাৰু নিজকে অসহায় বা অজ্ঞানী অনুভৱ কৰিছে নেকি !, নকৰিব । অফিছৰ পৰা ফুৰিবলৈ যোৱা সিদ্ধান্ত হ’ল- সকলোৱে নিজৰ নিজৰ গাড়ী লৈ যাব বুলি এজনে মত ব্যক্ত কৰে । আপোনাৰ গাড়ী নাই বুলি জনাব নে বেলেগ কিবা অসুবিধা দেখাই পিকনিকলৈ নাযাব । আপোনাৰ গুৱাহাটীত ফ্লেট নাই- লোৱাৰ ইচ্ছাও নাই আৰু পইচাও নাই । কোনোবাই যদি আপোনাক সোধে কিয় ফ্লেট নোলোৱা বুলি- আপুনি কি উত্তৰ দিব ! গাঁৱত বনোৱা ঘৰটোৰ কথা কব নে ফ্লেট এটা লব লাগিব বুলি কৈ কথাৰ পৰা ফালৰি কাটিব । আপোনাৰ দেউতা গাঁৱৰ আৰ্থিক ভাৱে দুৰ্বল খেতিয়ক, গুৱাহাটীত অপোনাৰ সহপাঠী বন্ধুবোৰৰ দেউতাক কোনোবা যদি ডাঙৰ ঠিকাদাৰ, কোনোবাজন প্ৰশাষনিক বিষয়া । আপোনালোকৰ আলোচনাত যদি ঘৰৰ বা দেউতাকৰ কথা ওলাই আপুনি খেতিয়কৰ ল’ৰা বুলি সগৌৰৱে ক’ব পাৰিবনে নে কোনোবাই কিবা ভাৱিব বুলি নিজৰ প্ৰকৃত পৰিছয় লুকুৱাব । চহৰৰ বিবাহ ভৱনবোৰত যদি যায় আপুনি প্ৰায়ে দেখিব বেছিভাগে চুট-টাই মাৰি অহা ভদ্ৰলোক বা মেক-আপ কৰি আকৰ্ষনীয় হৈ অহা ভদ্ৰমহিলা । আপুনি যদি চুট-পেণ্ট পিন্ধি অহা নাই বা মেক-আপত অহা নাই তেতিয়া নিজকে লুকুৱাব নেকি বা অসহজ অনুভৱ কৰিব নেকি ।
ওপৰত লিখা সৰু সৰু উদাহৰণ বোৰ মই নিজেও কেতিয়াবা মুখামুখি হৈছো আৰু আনেও হোৱা দেখিছো । আপুনিও চাগে এনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হয় কেতিয়াবা । ব্যতিক্ৰম সকলোতে থাকে কিন্তু মোৰ দৰে বহুতেই চাগে কেতিয়াবা আমি নিজকে লুকুৱাও । কাৰ পৰা লুকুৱাও বা কাৰ ভয়ত বাস্তৱৰ মুখামুখি নহও সেয়া নাজানো । মনত অলপ কিবা শংকা থাকে চাগে- মানুহে কি ভাৱিব বুলি । প্ৰথম যেতিয়া গুৱাহাটীৰ বিয়া খাব আহি থিয় হৈ হাতত কাহী লৈ চামুচেৰে ভাত-মাংস খাব লাগিছিল সেয়া বহুত কষ্টকৰ হৈছিল । অভ্যস্ত নহলেও আনক দেখি চামুচেৰেই খাইছিলো- হয়তো চামুচ নোলোৱাকৈ খালী হাতেৰেও খাব পাৰিলোহেতেন কিন্তু কিবাযেন এটা দ্বিধাবোধ আছিল । চামুচেৰে খাব হয়তো জানিব লাগে বা শিকিব লাগে- কিন্তু আনে কি ভাৱিব বুলি চামুচেৰে খোৱাটো মোৰ নিশ্চয় ভুল আছিল ।
আপুনি ল’ৰা-ছোৱালীক মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়াব বিচাৰিছো কাৰণ আপুনি বিশ্বাস কৰে মাতৃভাষা মাতৃদুগ্ধ সমান । কিন্তু আপোনাক যদি পৰিয়ালৰ কোনোবাই কয়- আজিকালি ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত নপঢ়ালে মানুহে কি ক’ব, সকলোৱে আজিকালি ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়ে গতিকে চহৰত থাকি মাতৃভাষা মাধ্যমত পঢ়ালে মানুহে হাঁহিব । ইংৰাজী মাধ্যমৰ স্কুলৰ এটা হয়তো সুকীয়া সুবিধা থাকিব পাৰে কিন্তু আনে কি ভাৱিব বুলি যদি পৰিয়ালৰ কোনোবাই কোৱা বাবে আপুনি সিদ্ধান্ত সলনি কৰে তেন্তে ই মোৰ বোধেৰে ক্ষতিকাৰক হ’ব ।
লকডাউনৰ সময়ত আৰু তাৰ পিছৰ চাৰি-পাঁচ মাহত আমাৰ গাঁৱৰ দুজনমান লৰাই দাৰি-চুলি কাটি ভাল উপাৰ্জন কৰিলে । গুৱাহাটীৰ কোম্পেনীত কাম বন্ধ হোৱাত নিজৰ ঘৰতে থাকি নিজৰ বিদ্যাৰ প্ৰয়োগ কৰি গুৱাহাটীৰ কোম্পেনীত পোৱা দৰমহাতকৈ বেছি উপাৰ্জন কৰিলে । সকলো ঠিকেই চলি আছিল কিন্তু লাহে লাহে মানুহে বু-বা আৰম্ভ কৰিলে- কলিতাৰ ল’ৰা হৈ দাৰি-চুলি কাটিলে মানুহে কি ক’ব, ছোৱালী বিয়া কোনে দিব সিহতলৈ, সিঁহতৰ ভণীয়েকক কোনে বিয়া পাতিব ইত্যাদি ইত্যাদি । সিঁহতৰো কাণত পৰিল কথাবোৰ । এদিন দাৰি-চুলি কটা কাম বাদ দি আকৌ গুৱাহাটীৰ কোম্পেনীত জইন কৰিলে । ঘৰৰ পৰা দূৰত থাকি- ১২ ঘণ্টা ডিউটি কৰি নিজে ৰান্ধি বাঢ়ি খাই থাকে , মাহ শেষ হ’লে পইচাও শেষ হয় । কিন্তু মানুহৰ কথাবোৰ যদি আওকাণ কৰি সাহসেৰে আগবাঢ়ি গ’লেহেতেন তেতিয়াহলে আজি নিশ্চয়কৈ সিঁহতৰ উপাৰ্জন আৰু সুখ বেছি হ’লহেতেন ।
এনেকৈয়ে হয়তো আমি নজনাকৈয়ে কিছু শক্তিয়ে কেতিয়াবা বাধা দিয়ে আমাৰ সমাজখনত । কিন্তু সমাজৰ প্ৰতি সন্মান জনাই সেই বাধাবোৰ ওফৰাব নোৱাৰিলে বা আমি মানসিক ভাৱে সেই প্ৰত্যাহ্বান গ্ৰহন কৰিব নোৱাৰিলে আমি পিছ পৰি ৰ’ম । মানুহে তো ক’বই- কিন্তু আমি কিমান তাক গুৰুত্ব সহকাৰে লম সেয়াহে লক্ষনীয় হ’ব ।