মিজোৰামৰ ৰাজধানী চহৰ আইজলত থকা ইকফাই বিশ্ববিদ্যালয়ত যোগদান কৰিলো শিক্ষক হিচাপে। এইবাৰ যেনিবা ঠিকাভিত্তিক শব্দটো নাই, তথাকথিত ৰেগুলাৰ বা পাৰ্মানেণ্ট চাকৰি। কটন কলেজত পোৱা দৰমহাতকৈ বহুত বেছি দৰমহা, আনকি চৰকাৰী কলেজৰ পাৰ্মানেণ্ট শিক্ষকতকৈ দৰমহা অলপ বেছি আৰু লগতে গেষ্ট-হাউছ আৰু আনুসংগিক বহুত সুবিধা। ক্লাছ বুলিবলৈ সপ্তাহত ৮ ৰ পৰা ১২ টা ক্লাছ। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় এইখন, হায়দৰাবাদৰ ইকফাই চছাইটিৰ মতে সকলো পৰিচালিত হয়, চৰকাৰে মাজে মাজে হস্তক্ষেপ কৰে যদিওঁ সম্পূৰ্ণ নিজৰ ধৰণে চলি থাকে এইখন বিশ্ববিদ্যালয়। পাহাৰীয়া ৰাজ্য- ঠাণ্ডা পৰিৱেশ, কাম কৰি ভালেই লাগিল। সমান্তৰাল ভাৱে তাত শিক্ষকৰ প্ৰশিক্ষণ আৰু উচ্চ শিক্ষাৰ বাবে উৎসাহ যোগাই। সেই সুযোগতে মিজোৰামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পি,এইচ,ডি আৰম্ভ কৰিলো। সুন্দৰ ভাৱে চলি থাকিল। কিন্তু ভাৰত চৰকাৰে যেতিয়া চৰকাৰী অনুষ্ঠান বোৰত ষষ্ঠ দৰমহা আয়োগৰ দৰমহা দিবলৈ আৰম্ভ কৰিলে ইকফাই বিশ্ববিদ্যালয়ে সেয়া দিব নোৱাৰিলে। কাৰণ উপাৰ্জন অনুসৰি খৰছ বাঢ়ি যাব। তেতিয়া চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত কাম কৰাৰ এক পাৰ্থক্য লাহে লাহে অনুভৱ কৰিলো। চৰকাৰে কেৱল চৰকাৰী কৰ্মচাৰী বোৰৰ কথা ভাৱিলে ব্যক্তিগত খণ্ডৰ কৰ্মৰত লোক সকলোৰ কথা নাভাৱিলে। বস্তু-বাহিনীৰ দাম উৰ্ধগামী হ’ল, কিন্তু এটা আশা আৰু কম্ফোৰ্ট জ’নত সোমাই পৰিলো। ইয়াত এটা ভাল আছিল যে যেতিয়ালৈকে আপুনি অন্য চৰকাৰী বিশ্ববিদ্যালয় বা কলেজৰ শিক্ষকক লগ নাপায় তেতিয়ালৈকে হীনমান্যতা নাহে কাৰণ আপোনাৰ সহকৰ্মী সকলোৰে দৰমহা একে, যিটো কটন কলেজত নাছিল। মিজোৰামত কামৰ বেছি চাপ নাছিল, নিজৰ বহু কাম কৰিবলৈ সময় পোৱা গৈছিল বা ক্লাছৰ প্ৰস্তুতিৰ বাবে পিছলৈ একদম নূন্যতম সময় দিব লগা হৈছিল।
কিন্তু মূল সমস্যাটো হ’ল ঘৰ আহিম বুলি আহিব নোৱাৰো। যাতায়ত সূচল নহয়, যোগাযোগ ব্যৱস্থাটো খুব দুৰ্বল আৰু এটা কথাই মাজে মাজে আমনি কৰে সেয়া হ’ল স্বাধীনতা। মিজোৰামৰ আইজলত অনা-মিজো মানুহ বোৰৰ সিমান স্বাধীনতা নাই, বিহু-পূজা মুকলিমূৰীয়াকৈ উদযাপন কৰিবলৈ অলপ দিকদাৰ। তথাপিওঁ কৰি গলো চাকৰি। চাকৰি আৰু পঢ়া-শুনা সমান্তৰাল ভাৱে কৰা ইমান সহজ নহয়, সেয়া বুজিব ধৰিলো তথাপিওঁ এৰি নিদিলো।
মিজোৰামত চাকৰি কৰি কেইটামান কথা মই ভাল পালো। সেয়া হ’ল- জীৱন উদযাপন। কামৰ মাজে মাজে হাহি- ফূৰ্তি আৰু এটা চাপমুক্ত জীৱন বৰ্তি আছে। যি হ’ল, হৈ গ’ল। ভুল হ’লে ভুল- শুদ্ধ হ’লে শুদ্ধ। ইমান বেছি ভাৱি থাকিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক বা অন্য বিষয়া সকলেও জীৱনক সৰ্বোচ্ছ কৰি চলি আছে।
ইকফাই বিশ্ববিদ্যালয়ত কাম কৰি থাকোতে সমান্তৰাল ভাৱে মই সমিধান নামৰ এক বেচৰকাৰী সেচ্ছাসেৱী অনুষ্ঠানৰ লগত জড়িত হৈ পৰিলো। অনলাইনযোগে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ বিষয়ক প্ৰশ্নৰ সমাধান দিয়া এই অনুষ্ঠানটোৰ লগত জড়িত হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীৰ লগত প্ৰত্যক্ষ ভাৱে মত বিনিময় কৰাৰ সুবিধা পালো।