মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল- এনেকুৱা লাগিছিল তেওঁলোকেই পৃথিৱীৰ সুখী আৰু ভাগ্যবান ব্যক্তি। পৃথিৱীত এনে বহুত কম মানুহ আছে, যি দুবাৰ জন্ম লাভ কৰিছে। মোৰ দৃষ্টিত তেওলোকে এক নতুন জীৱন লাভ কৰিছে। লগ পালে কেতিয়াবা তেওঁলোকক সুধিব – ‘জীৱন কিমান সুন্দৰ’। কথাতে কয় নহয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। মোৰ এবাৰ এনে এটা সৰু অভিজ্ঞতা হৈছিল। মিজোৰামৰ ৰেইয়েক পৰ্বতত থকা ‘আইলুঙ গুহা’ৰ ভিতৰত পিছলি পৰিছিলো। প্ৰায় দুই-তিনি ঘণ্টা পিছত ককাললৈ গভীৰ পানীত থিয় দি থকাৰ পিছত উদ্ধাৰকাৰী স্থানীয়লোকে মোক বিচাৰি পাই উদ্ধাৰ কৰিছিল। বাহিৰলৈ ওলাই আহি যেতিয়া সূৰ্য্যৰ পোহৰ দেখিছিলো, তেতিয়াহে অনুভৱ কৰিছিলো- পৃথিৱীখন সচাই ধুনীয়া আৰু জীৱন সচাই সূন্দৰ। সেই ৪১ গৰাকী শ্ৰমিকৰ ১৭ দিনীয়া এই যাত্ৰা ইমান সহজ নাছিল, যদিওঁ তেওঁলোকৰ লগত বাহিৰৰ পৰা যোগাযোগ কৰা হৈছিল, তাত থকা কেইজনেহে বুজিছিল সময় কিমান লাহে লাহে চলি আছে। চাৰিওফালে ভূমিস্খলনৰ মাটিৰে ঘেৰি আছে, ওপৰত বিশাল পৰ্বতমালা, সূৰ্য্যৰ কিৰণ তেওঁলোকৰ বাবে ভাৱিব নোৱাৰা সপোন। এদিন-দুদিন কৰি সোঁতৰ দিন তেওঁলোকৰ বাবে এটা যুগতকৈ কোনোগুনে কম নহয়। কালি যেতিয়া টিভিত দেখিছিলো, অনুভৱ কৰিব পাৰিছিলো তেওঁলোকৰ প্ৰাপ্তিৰ সুখ। কৌটি কৌটি মানুহৰ প্ৰাৰ্থনা, উদ্ধাৰকাৰীদলৰ নিৰৱছিন্ন প্ৰচেষ্টা আৰু সেই ৪১ গৰাকী ব্যক্তিৰ জীৱনৰ প্ৰতি থকা প্ৰচুৰ ভালপোৱাই এই সফলতাৰ চালিকা শক্তি।

আমি বিভিন্ন সময়ত সৰু সৰু কথাৰ বাবে জীৱনৰ কমপ্লেইন কৰি থাকো, কাৰণ আমি এবাৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা নাই। ইংৰাজীত এষাৰ প্ৰবাদ আছে, এবাৰ যদি আপুনি মৃত্যুক ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই (You’ve never lived until you’ve almost died)। সিদিনা বাছত আহি থাকোতে দুজন ল’ৰাই কথা পাতি আছিল, সিহতৰ দৰমহা হেনো দুবছৰ ধৰি বঢ়াই নাই। ১২ হেজাৰ দৰমহা, তথাপিও চলাই আছে, ৰাসপূজাত নতুন কাপোৰো লৈছে। মই দৰমহা দেখোন তাতকৈ বেছিয়ে পাওঁ, মই সুখত নাথাকিলে কোনে থাকিব। জিএমচিত গৈছিলো সিদিনা, আত্মীয় এজনৰ অসুখ, টেনশ্যন সকলোৰে মুখত। কাষতে বহি থকা বাপেক-পুতেক এহালে হাঁহি হাঁহি লেকচাৰ মাৰি আছিল, বাপেকৰ দুৰাৰোগ্য বেমাৰ কিন্তু টেনশ্যন লোৱা নাই, হস্পিটালৰ পৰা উভতি গৈ কিহেৰে ভাত খাব তাৰ কথাহে আলোঁচনা চলিছে। সেই তুলনাত আমাৰ আত্মীয়ৰ বেমাৰ সৰু।

পৃথিৱীখন ইমান ধুনীয়া, আৰু তাতোকৈ ধুনীয়া আমাৰ জীৱনটো। গুচি গ’লে এবাৰ আৰু ঘূৰি নাহে। পোৱা-নোপোৱাৰ হিচাপবোৰ চলি থাকিব, সেইবুলি জীৱনটো জীয়াবলৈ এৰি দিম নেকি!

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…