শ্ৰী কৃষ্ণ তেতিয়া দ্বাৰকাৰ ৰজা আৰু তেওঁৰ বাল্যবন্ধু গুৰুকুলৰ সহপাঠী সুদামাই তেতিয়া গাঁৱত থাকি এক দৰিদ্ৰ জীৱন যাপন কৰিছে পত্নী আৰু সন্তানৰ সৈতে । সন্দিপনি মুনিৰ গুৰুকুলত শিক্ষা সাং কৰাৰ পিছত শ্ৰী কৃষ্ণ আৰু সুদামাৰ সাক্ষাৎ হোৱা নাই । এদিন পত্নী সুশীলাই সুদামাক ক’লে- তোমাৰ বন্ধু শ্ৰীকৃষ্ণ দেখোন দ্বাৰকাৰ ৰজা হিচাপে অধিষ্ঠিত হৈছে, তেওঁৰ ওচৰলৈ গৈ কিয় অলপ সহায় নিবিচাৰে ! সুদামাই শ্ৰীকৃষ্ণৰ পৰা সহায় বিচাৰিবলৈ ইচ্ছা কৰা নাই, কিন্তু দৰিদ্ৰ ব্ৰাহ্মন সুদামাই বন্ধু শ্ৰী কৃষ্ণক দ্বাৰকাত গৈ লগ ধৰিবলৈ ঠিৰাং কৰিলে । বন্ধুৰ ঘৰত খালী হাতে যাব জানো ! পত্নী সুশীলাই চাৰিমুঠি চাউল যোগাৰ কৰি সুদামাৰ হাতত তুলি দিলে আৰু তাকেই বন্ধু শ্ৰী কৃষ্ণৰ বাবে উপহাৰ হিচাপে লৈ ল’লে । সুদামাই বাটকুৰি বাই দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ ৰাজপ্ৰসাদৰ সন্মুখত উপস্থিত হ’ল । দ্বাৰৰক্ষী সকলে সুদামাক সোমাব দিয়া নাই, সুদামাৰ বেশভূশাত দৰিদ্ৰ ব্ৰাহ্মনৰ চিন স্পষ্ট । বহুত সময় ধৰি তেওঁ দ্বাৰৰক্ষী সকলক বুজালে ৰজা শ্ৰী কৃষ্ণ তেওঁৰ বন্ধু বুলি, উপস্থিত কিছুৱে তেওঁক ইতিকিংও কৰিলে । কোনো দ্বাৰৰক্ষীয়ে হয়তো ভিতৰলৈ গৈ দ্বাৰকাধিপতি শ্ৰীকৃষ্ণক সুদামা অহাৰ খবৰটো দিলে । শ্ৰীকৃষ্ণ যেনেকে আছিল তেনেকৈয়ে দৌৰি আহিল বন্ধু সুদামাক লগ পাবলৈ । ৰাজপ্ৰসাদৰ প্ৰৱেশদ্বাৰত বন্ধু সুদামাক দ্বাৰকা নৃপতি শ্ৰীকৃষ্ণই স্থান-কাল-পাত্ৰ নাচাই সাৱতি ধৰিলে । উপস্থিত প্ৰহৰী আৰু আন বাটৰুৱাই ৰ’ লাগি চাই ৰ’ল। ৰাজসন্মানেৰে সুদামক ৰাজপ্ৰসাদলৈ লৈ গ’ল আৰু পাৰ্য্যমানে আপ্যায়ন কৰিলে, তাৰ পিছৰ খিনি সকলোৱে জানে । ধনী-দুখীয়া, প্ৰতিষ্ঠা-অৱস্থা বিচাৰ নকৰি বন্ধুক বন্ধুৰ দৰে আকোৱালি লোৱা, ৰজাৰ আসনত অধিষ্ঠিত হৈয়ো দৰিদ্ৰ ব্ৰাহ্মন সুদামাক স্নেহ আৰু সন্মানেৰে চোৱা শ্ৰী কৃষ্ণ আৰু সুদামাৰ বন্ধুত্বৰ কাহিনী আজিও অমৰ ।
চিত্ৰলেখা, ঊষাৰ সখীয়েক । বান ৰজাৰ জীয়ৰী ঊষাই সপোনত দেখা ৰাজকুমাৰক পাবলৈ উদ্বাউল হৈ পৰিল । কোনে সহায় কৰিব ঊষাক সেই সপোনৰ কোৱৰ জনক বাস্তৱত হাজিৰ কৰাবলৈ । দায়িত্ব ল’লে ঊষাৰ বান্ধৱী চিত্ৰলেখাই আৰু আঁকি দিলে সেই স্বপ্নৰ ৰাজকুমাৰৰ ছবি । কেৱল চিত্ৰ অংকন কৰিয়ে সহায় কৰা নাই, ঊষাৰ অনুৰোধত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক নিজৰ ঈশ্বৰ প্ৰদত্ত শক্তিৰে অগ্নিগড়ৰ ভিতৰলৈ লৈ আনিলে । এয়াই বন্ধুত্ব, সৰ্বোচ্ছ শক্তি প্ৰয়োগ কৰিছে নিজৰ সখীয়েক ঊষাৰ বাবে চিত্ৰলেখাই । হৰিহৰৰ যুদ্ধৰ কথা আৰু নিলিখো ইয়াত । ঊষা-অনিৰুদ্ধই প্ৰেমৰ সম্বন্ধৰ পৰা ওপৰলৈ গৈ বিয়া পাতিব ইচ্ছুক, আকৌ চিত্ৰলেখাৰ ওপৰত দায়িত্ব । শেষত চিত্ৰলেখাৰ সহযোগত ঊষা-অনিৰুদ্ধৰ প্ৰেম বিয়ালৈ ৰূপান্তৰিত হ’ল । ঊষা-চিত্ৰলেখাৰ বন্ধুত্বৰ কাহিনী যুগে যুগে বন্দিত হৈ থাকিল ।
বন্ধু বা বন্ধুত্বৰ সংজ্ঞা বহুত আছে, কিন্তু সাধাৰণ ভাষাত মোৰ দৃষ্টিত বন্ধু হ’ল এনে এটা চৰিত্ৰ যি আপোনাৰ বাবে সাহস আৰু আশ্ৰয় । এই সাহস জীৱনত যুঁজ দিয়াৰ বাবে, এই সাহস প্ৰত্যাহ্বানৰ সময়ত মোকাবিলা কৰাৰ বাবে আৰু এই আশ্ৰয় আন্তৰিক আৰু সম্পূৰ্ণ নিস্বাৰ্থপৰ । বন্ধুত্বত অংক নাথাকে, থাকে মাত্ৰ ৰসায়ন ।
ভগৱান ৰামচন্দ্ৰই যেতিয়া বনবাসৰ পৰা উভতি আহি অযোধ্যাত ৰাজ অভিষেকৰ প্ৰস্তুতি চলাইছিল, তেতিয়া ভৰতে ৰামক সুধিছিল- ‘আপোনাৰ এই ৰাজ অভিষেকত আপোনাৰ ফালৰ পৰা কাক কাক নিমন্ত্ৰন কৰিব লাগিব’ । প্ৰভু ৰামচন্দ্ৰই উত্তৰ দিলে- মইটো যোৱা চৈধ্যবছৰ বনবাসতে আছো, ইমান মানুহ চিনি নাপাওঁ, কিন্তু এজন মানুহক মই মাতিবই লাগিব’ । শ্ৰী ৰামচন্দ্ৰই বন্ধু কেৱতক নিমন্ত্ৰন জনাবলৈ ক’লে । ই আছিল ভৰতৰ বাবে সম্পূৰ্ণ অপ্ৰত্যাশিত নাম । ‘কেৱত’ ৰামচন্দ্ৰৰ সেইজন বন্ধু, যিয়ে বনবাসৰ পৰা উভতি আহোতে নাৱেৰে গংগা নদী পাৰ কৰাই দিছিল । সিদিনা কেৱত নোহোৱা হেতেন গংগা নদী পাৰ হোৱা কষ্টসাধ্য হ’লহেতেন । তাতেই বন্ধুত্ব গঢ়ি উঠিছিল কেৱত আৰু শ্ৰী ৰামচন্দ্ৰৰ । নাৱেৰে পাৰ কৰি দিয়াৰ বিনিময়ত সীতাই আগবঢ়োৱা স্বৰ্ণ অলংকাৰ লবলৈ কেৱতে অস্বীকাৰ কৰিছিল, কাৰণ বন্ধুৱে সহায় কৰাৰ বিনিময় বিচাৰিব নোৱাৰে । শ্ৰীৰামচন্দ্ৰইও নাৱঁৰীয়া কেৱতক নিজৰ ৰাজ অভিষেকত নিমন্ত্ৰন দিবলৈ পাহৰা নাছিল । এয়াই আছিল বন্ধুত্ব ।
মিজোৰামত চাকৰি কৰিব গৈ এটা সময়ত মই এখন অন্য পৃথিৱীত সোমাই গৈছিলোঁ । চাকৰি-দৰমহা-প্ৰমোশ্যন ইত্যাদি কথাবোৰক লৈয়ে মোৰ সমস্ত পৃথিৱী খন । খাইছো, অফিছ গৈছো, টিভি চিৰিয়েল চাইছো এনেকৈয়ে এখন আৰামৰ পৃথিৱীত ( Comfort Zone) সোমাই গৈ থাকিলোঁ । স্কুল-কলেজত পঢ়ি থাকোঁতে গল্প-কবিতা-প্ৰৱন্ধ আদি লিখা অভ্যাস আছিল, কিন্তু চাকৰি পোৱাৰ পিছত সেইবোৰৰ আৰু চৰ্চা নোহোৱা হৈ পৰিল । নিজৰ হয়তো কিছুমান প্ৰতিভা থাকে, কিন্তু আমি চিনি নাপাওঁ । মিজোৰামত এদিন চিনাকি হ’ল অঞ্জনৰ লগত যাক লগ নোপোৱা হ’লে হয়তো মই জীৱনৰ আন এটা পিঠি দেখা নাপালোহেঁতেন । লাহে লাহে হেৰুৱাবলৈ ধৰা মইজনক আৱিস্কাৰ কৰিলে অঞ্জনে । ঈশ্বৰে পঠোৱা দূতৰ দৰেই সংযোগ হৈছিল অঞ্জনৰ লগত । গছ এডাল হালি নপৰিবলৈ কৃত্ৰিমভাৱে যে কেতিয়াবা বাঁহ বা কাঠেৰে হেঁচা এটা দি থয়, ঠিক তেনেদৰে মই অনুভৱ কৰিলো যে মই দুখত হাউলি পৰিলেও বা ভুল কৰি পথচ্যুত হলেও মোক হেঁচি থিয় কৰাবলৈ এটা সহায় (Support) আছে । পি,এইচ,ডিৰ এডমিশ্যন নাপাই যেতিয়া ভাঙি পৰিছিলো, প্ৰেয়সীৰ সৈতে যেতিয়া বিচ্ছেদ হৈছিল, সৃষ্টিশীল কামবোৰে যেতিয়া গতি নলৈছিল, মানসিক বিষাদগ্ৰস্থতাই যেতিয়া হেচা মাৰি ধৰিছিল অঞ্জন জানো ক’ৰ পৰা আহি কাষত উপস্থিত হৈছিল । দুখত মই মদ খোৱা নাছিলো বা বিষাদে মোক আত্মহত্যাৰ কথা ভৱাই তোলা নাছিল কাৰণ মোৰ লগত বন্ধু আছিল । সোমবাৰৰ পৰা শুক্ৰবাৰলৈ যেতিয়া কাম কৰি ভাগৰি পৰো শনি-দেওবাৰে জীৱন একেলগে উদযাপন কৰোঁ । সি মোৰ ভুলবোৰ আঙুলিয়াই দিয়ে মই আত্মবিশ্লেষন কৰোঁ । ফোন কৰিলে সময় চাব নালাগে, দিনটোত কেইবাৰ ফোন কৰিলো তাৰো হিচাপ ৰাখিব নালাগে । যুক্তি-তৰ্ক-ধেমালি চলি থাকে । জীৱনৰ প্ৰটিতো সিদ্ধান্তত যোগাত্মক ভাৱে প্ৰেৰণা দিয়ে আৰু বিপদৰ সময়ত কেতিয়াও লগ নেৰে । অঞ্জনক মই বন্ধু হিচাপে পাই ধন্য আৰু গৌৰৱান্বিত ।
চাহিল খান, যাক প্ৰথমতে মই সহকৰ্মী হিচাপে লগ পালো আৰু লাহে লাহে বন্ধুলৈ পৰ্য্যবসিত হ’ল । এতিয়া আমি দূৰে দূৰে থাকোঁ, কিন্তু কিছুদিন কথা নাপাতিলেই যেন বহু বছৰ কথা নাপাতা যেন অনুভৱ হয় । আমি দুয়োজন ক্ৰাইম পাৰ্টনাৰৰ দৰে, যি কথা হয়তো কেৱল সি আৰু মই জানো, তাত বাহিৰে অন্য কোনেও নাজানে । কি কথা নাপাতো আমি- নাৰীৰ পৰা দেশৰ অৰ্থনীতি, যৌনতাৰ পৰা আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি । দৰ্শন হয়তো দুয়োজনৰে বেলেগ, কিন্তু বন্ধুত্ব এক এৰাব নোৱাৰা আবেগ । প্ৰেমত হতাশ হৈ যেতিয়া চকুপানী ওলাই সি আহি কাষত থিয় দিয়ে, চাকৰিৰ টেনশ্যনে যেতিয়া হেঁচা মাৰি ধৰে সি আহি তাৰ ভাগ বিচাৰে । আনৰ আগত প্ৰকাশ কৰিব নোৱাৰা সকলো কথাই যেন তাৰ আগত নি:সংকোচে কব পাৰি । সি শান্ত আৰু ধৈৰ্য্যশীল, যেতিয়া মই অস্থিৰ হৈ পৰোঁ তেতিয়া তাৰ লগত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা পাতো, সমস্যাৰ সমাধান যেন তাতেই ওলাই যায় । এনেকুৱা এজন বন্ধু থাকিলে আৰু জীৱনত কি লাগে ।
নন্দিতা গুৱাহাটীৰ ছোৱালী, প্ৰথমে সহকৰ্মী পিছলৈ বান্ধৱী । তাই যদিও বিপৰীত লিংগৰ, প্ৰেমৰ ভাৱ কেতিয়াও অহা নাই, বন্ধুত্বৰ শেষ প্ৰেম কেতিয়াও হ’ব নোৱাৰে সেয়া আমি এক প্ৰমাণ । কোনে কয় ল’ৰা-ছোৱালী বন্ধু হ’ব নোৱাৰে ! কিমান কাজিয়া লাগে আমাৰ, যুক্তিত দুইজন দুই মেৰুত, কিন্তু সন্মুখত যেতিয়া কিবা বাধা আহি পৰে তাই মোৰ বাবে ঢাল-তৰোৱাল । তাই সন্মুখত প্ৰশংসা নকৰে, কিন্তু আনৰ আগত মোৰ হৈ ওকালতি কৰে । পইচা ধাৰ লোৱা আৰু দিয়াৰ হিচাপ নাই, কিন্তু নজনাকৈ কিবা দেখোন মিলি থাকে । পৰিয়ালৰ লগতো সম্পৰ্ক গঢ়ি উঠে । যাৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকিলেও পত্নীয়ে সন্দেহ কৰিব নোৱাৰে । অফিছত মন মাৰি বহি থাকিলেও নকলেও ধৰা পৰে তাইৰ আগত । তাইৰ টিফিনৰ পৰা চিঙি লওঁ ৰুটিৰ টুকুৰা আৰু ভাৱিব নালাগে কোনোবাই কিবা ভাৱিব বুলি । সুখৰ সময়ত নাথাকিলেও দুখৰ সময়ত হাজিৰ হ’বলৈ নাপাহৰে । খং উঠিলে মোক গালিও দিয়ে, কিন্তু কাজিয়া লাগি অলপ সময় পিছতে জোৰা লাগে । এনেকুৱা বন্ধু থাকিলে না জীৱনলৈ ভয় লাগে না সমস্যাৰ সমাধান নাথাকে !
সঞ্জয় মোৰ বাল্যবন্ধু স্কুলৰ পৰা একেলগে পঢ়া মানে একেখন বেঞ্চতে বহা । চুবুৰী দুটা বেলেগ বেলেগ যদিও একেলগে ডাঙৰ হোৱা । এতিয়া চাকৰি সূত্ৰে দুয়োৰে কৰ্মস্থলী বেলেগ বেলেগ । কিন্তু ফোনত প্ৰায়ে আদ্দা দিওঁ আৰু ঘৰলৈ গ’লে নিতৌ লগ ধৰোঁ । আমাৰ কথা-বতৰা, সমস্যাবোৰ একে, জীৱন, সংসাৰ, চাকৰি ইত্যাদি কিমানযে কথা । গাঁৱৰ কথাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ প্ৰটিতো কথাই পাতো তাৰ লগত । সকলো সমস্যা বিনাদ্বিধাই কব পাৰি তাৰ আগত, কোনো প্ৰতিযোগিতা নাই আমাৰ মাজত মাত্ৰ আছে অগাধ বিশ্বাস আৰু আন্তৰিকতা । কোনোবা লোকগীতত শুনিছিলো- ‘ অ’ সুখৰ বন্ধু দামাদামি (বহুত), দুখৰ বন্ধু নাই’ আৰু যদি সেই লোকগীতে সঁচা কথা তেন্তে সঞ্জয় তাৰ ব্যতিক্ৰম । মোৰ বিয়াৰ পিছদিনা সি পাৰ্টীত থাকিব নোৱাৰিলে কৰ্মব্যস্ততাৰ হেতু, কিন্তু মোৰ ল’ৰা যেতিয়া হস্পিটালৰ আই চি ইউ ত সি জানো ক’ৰ পৰা আহি পালে, ফোনতে সি কাৰোবাৰ পৰা পইচাও মেনেজ কৰি দিলে । সিও জানে মোৰ ভাৰাঘৰৰ চাবি ক’ত থৈ আহো ময়ো জানো তাৰ ভাৰাঘৰৰ চাবি সি ক’ত থৈ যায় । এনেকুৱা বন্ধু থাকিলে জীৱনটো বহুত সহজ হৈ পৰে ।
উল্লেখ কৰা মোৰ বন্ধু চাৰিজন চাৰিটা বাস্তৱ চৰিত্ৰ, নামবোৰ সলাই দিয়া হৈছে । এই চাৰিটা চৰিত্ৰতে হয়তো কেবাজনো মোৰ বন্ধু সোমাই আছে । অভিজ্ঞতাৰে কব খোজো বন্ধুত্ব এনেকুৱা এটা ডাঙৰ সম্পত্তি যাৰ কোনো হৰণ ভগন নহয় আৰু অৱশ্যেই এই বন্ধুত্বৰ অংশীদাৰ দুইজনে হ’ব লাগিব । যি বিপদে আহক, যি সমস্যাই আহক বন্ধু আছে মানে সাহস আছে বন্ধু আছে মানে আশা আছে । বন্ধু সদায় ছাঁটোৰ দৰে লাগি থাকিব বুলি কথা নাই আৰু বন্ধু বনাব নোৱাৰি ই হৈ যায় । জীৱনত বহু মানুহ লগ পালোঁ কিছুমানৰ লগত সম্বন্ধ থাকি গ’ল আৰু কিছু গুছি গ’ল, থাকি যোৱাবোৰেই বন্ধুলৈ ৰূপান্তৰিত হ’ল । বন্ধুত্বত বয়স নাথাকে, নাথাকে ধৰ্ম, নাথাকে জাতি নাথাকে লিংগ আৰু নাথাকে ধনী দুখীয়াৰ পাৰ্থক্য । বন্ধুত্ব এক চিৰপ্ৰৱাহমান বোৱতী নদীৰ সূতি, যি বৈ যায় আৰু কৈ যায় বিশ্বাস আৰু আত্মীয়তাৰ কথা । যাৰ বন্ধু নাই সি দুৰ্ভগীয়া, যাৰ বন্ধু নাই সি অকলশৰীয়া । বন্ধু হ’বলৈ দুজনে আগবাঢ়িব লাগিব আৰু থাকিব নালাগিব কোনো চৰ্ত । কেতিয়াবা সহপাঠী, কেতিয়াবা সহকৰ্মী, কেতিয়াবা হোষ্টেলৰ আৱাসী অথবা কেতিয়াবা পথৰ চিনাকি এনেকৈয়ে আৰাম্ভ হয় বন্ধুত্বৰ যাত্ৰা । যাত্ৰাৰ শেষলৈকে যি থাকে সিয়ে হৈ পৰে বন্ধু । আজিকালি ফেচবুক আদিৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তেও চিনাকী হৈ বহুতেই বন্ধু হোৱাৰ খবৰ পাওঁ । আমি চেষ্টা কৰিব লাগে আমাৰ বন্ধু হওঁক আৰু বন্ধুত্ব থাকক চিৰকাল । যি যতেই নাথাকক কিয় মানসিক ভাৱে আপোনাৰ লগত থাকিব । যিদৰে আপুনি সপোন দেখে এখন দামী গাড়ী কিনাৰ বা এটা ধুনীয়া ঘৰ সজাৰ, ঠিক তেনেদৰে সপোন দেখক এগৰাকী বন্ধু হোৱাৰ আৰু বন্ধু পোৱাৰ । বন্ধু সদাই বন্ধু । ভাল বন্ধু বা বেয়া বন্ধু বুলি একো বস্তু থাকিব নোৱাৰে । বিশ্বাস কৰক বন্ধুত্বই আপোনাৰ জীৱনক এক অনন্য মাত্ৰা প্ৰদান কৰিব । যাৰ বন্ধু আছে তেওঁ এই কথাখিনি উপলব্ধি কৰিবলৈ চেষ্টা কৰক আৰু যাৰ নাই তেওঁ নিজে প্ৰথম বন্ধুত্বৰ বাবে হাত আগবঢ়াওক ।