অযোধ্যাৰ ৰজা দশৰথৰ বৰপুত্ৰ শ্ৰীৰাম যেতিয়া চৈধ্য বছৰৰ বাবে বনবাসলৈ গৈছিল, তেতিয়া তেওঁ যুৱৰাজ ৰামচন্দ্ৰ হৈ গৈছিল আৰু যেতিয়া বনবাস শেষ কৰি অযযোধ্যালৈ উভতি আহিছিল, তেতিয়া সকলোৱে কৈছিল প্ৰভু ৰামচন্দ্ৰ বা ভগৱান ৰামচন্দ্ৰ উভতি আহিছে । যুৱৰাজৰ পৰা ভগৱান হোৱা এই পৰিক্ৰমা ইমান সহজ নাছিল । কিন্তু ইচ্ছা, দৃঢ়তা, সততা আৰু নিজ বুদ্ধিৰ বলত অপশক্তিৰ বিৰুদ্ধে ন্যায়ৰ যুজ দি গৈছিল । তেওঁৰ এই সংগ্ৰামৰ পথ ছুতি নাছিল বা তেওঁ কোনো ‘ছৰ্ট কাট’ পদ্ধতি অৱলম্বন কৰা নাছিল। নেলছন মেণ্ডেলাই নিজৰ জীৱন, যৌৱন কাৰাগাৰত পাৰ কৰিছিল; ২৭ বছৰ ধৰি একেতা যুক্তিতে অটল আছিল, সহজ নাছিল তেওঁৰ সংগ্ৰামী পথ, কিন্তু ধৈৰ্য্য হেৰুৱা নাছিল আৰু এদিন ইপ্সিত লক্ষ্যত উপনীত হৈছিল ।
জীৱনত যিকোনো পাবলৈ পৰিশ্ৰম কৰিবই লাগিব আৰু ইয়াৰ কোনো বিকল্প নাই। সহজে পোৱা বস্তুবোৰ ঠুনুকা আৰু ক্ষনস্থায়ী। ডিগ্ৰী এটা যদি সঠিক ভাৱে পঢ়া-শুনা কৰি লোৱা হয় তেন্তে গৌৰৱেৰে তাক লিখিব আৰু কব পাৰি, কিন্তু যদি ফাং-ফুং কৰি লোৱা ডিগ্ৰী যদি হয় তেন্তে নিজৰ নামৰ পিছত ডিগ্ৰীতো লিখোতে হাত কপি উঠিব আপোনাৰ। আজি কষ্ট আৰু পৰিশ্ৰম কৰিলেহে কাইলৈ ভাল ফল হ’ব। কেতিয়াবা মোৰ দুজনমান বন্ধুই লগ পালে কয়, তোৰে ভাল দে, চাকৰি এটা আছে- উপাৰ্জনো কৰিছা আমাৰ ভাগ্যই লগ নিদিলে। একো কৰিব নোৱাৰিলো জীৱনত। মই ধেমালী কৰি কওঁ- তহতে যেতিয়া ডিছেম্বৰ মাহৰ জাৰৰ দিনত মায়ে বনাই দিয়া মাংসৰ আঞ্জাৰে ভাত খাই লেপৰ তলত শুই আছিলি, তেতিয়া মই হোষ্টেলৰ পনীয়া ডালি আৰু পানী পানী লগা স্কোৱাছ- আলুৰ চব্জিৰে ভাত খাই উজাগৰে ৰাতি বীজগণিতৰ সমস্যা সমাধান কৰি আছিলো। গতিকে যোৱাকালি যদি তোৰ আছিল, তেন্তে আজি মোৰ দিন। সফল কোন কবলৈ দিকদাৰ, কিন্তু মোৰ বিশ্বাস আন্তৰিকতাৰে যদি কিবা এটা পাবালৈ চেষ্টা কৰে, সেয়া এদিন নহয় এদিন পাবই, অলপ ভাগ্যৰো প্ৰয়োজন। আমি সকলোৱে সততা আৰু নিষ্ঠাৰে কাম কৰি গলে এদিন নিশ্চয় ভাগ্যই লগ দিব আৰু সফল হ’ব পাৰিম।