চাৰ্লছ ডাৰউইনৰ বিখ্যাত বিৱৰ্তনৰ তত্ব ‘Survival of Fittest’ বা যোগ্য ভোগ্য বসুন্ধৰাই যেন যুগে যুগে মান্যতা পাই যাব । সময় আৰু পৰিৱেশ সলনি হ’ব কিন্তু যোগ্যজনেই বসুন্ধৰাত ভোগ কৰিব পাৰিব । এয়া প্ৰতিযোগিতাৰ যুগ- স্কুল-কলেজত নামভৰ্তিৰ বাবে প্ৰতিযোগিতা, চাকৰিৰ বাবে প্ৰতিযোগিতা, ব্যৱসায়ত প্ৰতিযোগিতা আনকি বজাৰৰ ভাল মাছটো কিনিবলৈ মানুহৰ মাজত প্ৰতিযোগিতা । য’ত প্ৰতিযোগিতা থাকে তাতে আপুনি আনজনতকৈ তুলনামূলক ভাৱে সৱল আৰু দক্ষ হ’ব লাগিব ন’হলে আপুনি বাৰে বাৰে হৰি থাকিব লাগিব বা বিমুখ হ’ব লাগিব । আজিকালি বহুতৰে মুখত এটা ক’মন কথা শুনা যায়, চাকৰি-বাকৰি নাই, কৰ্মস্ংস্থাপন নাই, চৰকাৰী সাহায্য নাই ইত্যাদি ইত্যাদি আৰু এনেবোৰ কথা আমাৰ থলুৱা অসমীয়া মানুহখিনিৰ মুখত বেছিকৈ শুনা যায় । বোপা-ককাৰ মাটি-বাৰী বহুত আছিল আৰু অসমখনো শস্য শ্যামলা আছিল, সেয়ে এটা সময়ত আমাৰ খাবৰ বাবে বা জীয়াই থাকিবৰ বাবে বিশেষ প্ৰতিযোগিতাত নামিবলগীয়া হোৱা নাছিল । আমাৰ দেউতাহঁতক হেনো চাকৰি মাতি মাতি নি দিছিল, কিন্তু আজি সেই দিন আছে জানো ! আৰাম সৰ্বোচ্ছ জীৱন এৰি আমি যদি পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই নিজকে গঢ় দি নলওঁ, আমি প্ৰতিযোগিতাত নমাৰ পূৰ্বেই আত্মসমৰ্পণ কৰাৰ লেখীয়া কথা হ’ব। কম্পিউটাৰ চলাব নাজানো বুলি কলে ন’হব, ইংৰাজী বা হিন্দীত কথা কব নোৱাৰো বুলি কলে নহ’ব কাৰণ এইবোৰ কাম কৰিব পৰা আন দহজন মানুহ ওলাব । ঘৰৰ ওচৰতে চৰকাৰী চাকৰি লাগে বুলি মন্ত্ৰী-এম এল এ ৰ পিছে পিছে দৌৰি থকা দিন গ’ল । সময়ৰ লগত আগবাঢ়ক আৰু পৰিস্থিতিৰ লগত মুখামুখি হ’বলৈ শিকক ।
মোৰ জন্ম সময়ৰে পৰাই শুনি আহিছো, বিদেশী সমস্যা, বহিৰাগতৰ আগ্ৰাসন, আন্দোলন ইত্যাদি । বন্ধ-প্ৰতিবাদ বহুত দেখিলোঁ, প্ৰটিতো দল আৰু সংগঠনৰ প্ৰতি সন্মান জনাই কৈছোঁ- যেতিয়ালৈকে আমি স্বনিৰ্ভৰশীল হব নোৱাৰিম বা সকলো কাম কৰিব পৰাকৈ যোগ্য হৈ নুঠিম তেতিয়ালৈকে আমি আনৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব, সেয়া কৃষিয়ে হওঁক বা ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ে হওঁক । দুদিন আন্দোলন কৰি হয়তো আমি কেইদিনমানৰ বাবে খেদিম পাৰিম কোনোবা বহিৰাগতক, কিন্তু ই স্থায়ী নহয় । প্ৰব্ৰজন এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু আমি যদি নিজকে যোগ্য কৰি তুলিব নোৱাৰোঁ তেন্তে প্ৰব্ৰজনৰ ফলত আমি আমাৰ অস্তিত্ব হেৰুৱাই পেলোৱাটো একো ডাঙৰ কথা নহয় । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই অসম আন্দোলন প্ৰসংগত কৰবাত লিখিছিল যে আমি আন্দোলন কৰি এবাৰলৈ বাচি গলোঁ (Survive) ঠিকে, কিন্তু যোগ্য (fit) হ’ব নোৱাৰিলোঁ । যেতিয়ালৈকে আমি ফিট বা যোগ্য হ’ব নোৱাৰিম তেতিয়ালৈকে আমাক অস্তিত্ব সংকটে খেদি ফুৰিব । আজি যোগ্য ভোগ্য বসুন্ধৰা লিখনিৰ লগত আন্দোলন, বিদেশী আদি প্ৰসংগ আনিবলগীয়া হৈছে কাৰণ আমি অসমৰ মানুহে চাগে আন্দোলন, বিক্ষোভ, হিংসা, বৰ্জন, সমদল, প্ৰতিবাদ যিমান দেখিছো দেশৰ অন্য ঠাইৰ মানুহে ইমান দেখা নাই । আমি পূৰ্ববংগীয় মূলৰ খেতি কৰা, শ্ৰমিক-মিস্ত্ৰি আদিক হয়তো বহুতে বাংলাদেশী, সন্দেহযুক্ত নাগৰিক আদি শব্দৰে বিভূষিত কৰোঁ । দুই-এজন অবৈধ হ’ব পাৰে সেয়া অন্য বিষয়, কিন্তু তেওঁলোকে শ্ৰম আৰু যোগ্যতাৰে কৰ্মক্ষেত্ৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কাৰিছে । কিছুবছৰ আগতে এটা কবিতা লিখিছিলোঁ- ‘অবৈধ প্ৰব্ৰজনকাৰী এগৰাকীয়ে অসমীয়াক উদ্দ্যেশ্য কৰি কবিতাটোত কৈছে-
কিহে অসমীয়া
বৰ বৰ কথা,
ফেচবুকত বিপ্লৱ কৰি
আমাক খেদিব খোজা !
শংকৰ-আজানক বন্ধকত থৈ
লাচিতৰ দালালি কৰা,
আছে জানো গাত শকতি
হেংদান দাঙিব পৰা ।
কাম কাজ নকৰা
ধদুৱা অসমীয়া,
এদিন নহ’লে -আমি পমুৱা
নুপুৱাই আজি তহঁতৰ ৰাতিপুৱা ।
ৰাজমিস্ত্ৰিও আমি- কাঠমিস্ত্ৰিও আমি
শ্ৰমিকো আমি- কৃষকো আমি
তহঁতৰ মাটিত সোণ চপোৱা,
বিহু-পূজাত চান্দা তুলিব জানা
অসমীয়া তহঁত-
মাটিৰ গোন্ধ চিনি নোপোৱা ।
ৰাজপথত টায়াৰ জ্বলাই
কিমান আৰু আন্দোলন কৰা,
হাজাৰ টকাত বিক্ৰি হয়
তহতৰ ভণ্ড নেতা ।
কলিতা-কোচ-বড়ো বুলি
কাজিয়াখন কৰিবি,
কাৰ সাহসত তহঁতে আজি
আমাক খেদিবি,
মাৰিব নালাগে তহঁতক আমি
নিজেই মৰিবি,
বেছি দিন নাই আৰু
তহঁতবোৰ ইতিহাস হবি ।