যৌনতাই (Sex) সৃষ্টিৰ মূল

যৌনতা (Sex), বহুতৰে বাবে হয়তো ই অভিধানে বৰ্খাস্ত কৰা শব্দ। কাৰোবাৰ বাবে ই অসামাজিক বা প্ৰাপ্তবয়স্ক শব্দ আৰু কাৰোবাৰ বাবে ই এক মচলাদাৰ শব্দ। যৌনতা শব্দটো আমি লুকাই-চুৰকৈ শিকিয়ে ডাঙৰ হ’লো, মুকলিকৈ কোনেও যৌনতা বা যৌনাচাৰৰ কথা নাপাতে। হোষ্টেলত থাকোতে আমি লৰাবোৰৰ মাজত (Boys Talk) যৌনতাই স্থান পাই যদিও কেৱল উপভোগ্য দিশটোহে আলোচনা হয়, আৰু যৌনতাক আমি অশালীন শব্দ কিছুমানৰে আৰু বেছি অসামাজিক কৰি তোলো। যেতিয়াই কোনো এটা বিষয়ত আলোচনা কৰাত অলপ সীমাবদ্ধতা থাকিব তেতিয়াই ল’ৰা-ছোৱালী বা যুৱক-যুৱতী সকলৰ ইয়াৰ প্ৰতি আগ্ৰহ আৰু উৎসুকতা বেছি বাঢ়িব। নীলা ছবি বা পৰ্ণ ভিডিঅ’বোৰেই আমাৰ বাবে যৌনশিক্ষাৰ একমাত্ৰ আহিলা হৈ পৰিল। পৃথিৱী, জনসংখ্যা, প্ৰজনন, শাৰিৰীক আৰু মানসিক শান্তি যাৰ লগত জড়িত হৈ আছে সেই বিষয়টোৰ কথা আমি নাপাতো। যাৰ অস্তিত্বক কোনেও অস্বীকাৰ কৰিব নোৱাৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ আমি অসহজ হও, জীৱবিজ্ঞান আৰু মনোবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী বা গৱেষক সকলে হয়তো অলপ পঢ়া-শুনা কৰে কিন্তু কিমান মুকলিকৈ এইবোৰ আলোচনা কৰে সেয়ালৈ মই সন্দিহান। আজি মই লিখনিটো লিখিবলৈ লৈয়ো ভাৱিছো-কিমান দূৰ আৰু কিমান মুকলিকৈ লিখিব পাৰিম। চেষ্টা কৰিছো মোৰ দৃষ্টিভংগীৰে সমাজ, যৌনতা আৰু মানুহৰ কথা লিখিবলৈ।

            কাউন্সেলিঙ বৃত্তিৰ লগত জড়িত হৈ থাকি জনা-নজনাকৈ বহুজনৰ লগত কথা পাতিছো। বহু-চিনাকী বন্ধু-বান্ধৱীৰ লগত কথা পাতিছো। মই কোনো বিশেষজ্ঞ নহয়- কিন্তু মনৰ কথা-জীৱনৰ কথা যেতিয়া পাতো, কেতিয়াবা যেতিয়া সমস্যাৰ কথা পাতো তাত কেতিয়াবা যৌনতাৰ কথাও অলপকৈ পাতো। এই লিখনিটো কোনো যৌনতাৰ জীৱবিজ্ঞান বিষয়ক লিখনি নহয়, ই সদায় দেখা-সদায় শুনা এজন সাধাৰণ মানুহৰ সাধাৰণ লিখনি। কোনোবাই যদি যৌনতা বা চেক্সৰ প্ৰতি আগ্ৰহ নাই বুলি কয় মোৰ দৃষ্টিত তেওঁ মিছা কথা কয়- সেয়া পুৰুষেই হওঁক বা নাৰীয়েই হওঁক। কোনো মানসিক আৰু শাৰিৰীক ভাৱে সুষ্ঠ মানুহে যৌনতাৰ প্ৰতি তেওঁৰ নিচা নাই বুলি বা বিৰাগ থকা বুলি কোৱাটো মই মানি ল’ব নোখোজো।  যৌনতাৰ কথা নাপাতা আৰু মনেৰে নিবিচৰা দুটা কিন্তু ভিন্ন বিষয়। যৌনতাৰ কথা লিখোতে নাৰী আৰু পুৰুষৰ মাজৰ শাৰিৰীক সম্বন্ধ বা যৌনমিলনৰ কথা কৈছো।

            যৌনতাই সৃষ্টিৰ মূল। সাধাৰাণ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই যৌনতাৰ ইতিহাস আছে, আনকি মহাভাৰত-ৰামায়ণ আদিতো ইয়াৰ বহু উদাহৰণ আছে। অসমৰ মদন-কামদেৱ মন্দিৰো এনে এটা উদাহৰণ। পাশ্চাত্যৰ দেশ সমূহত যৌনতাৰ বিষয়ে মুকলিভাৱে বিদ্যালয়ত শিক্ষা দিয়া হয় কিন্তু আমাৰ দেশত বা আমাৰ ৰাজ্যত বিদ্যালয় বা মহাবিদ্যালয়ত যৌনশিক্ষা দিয়া দেখা নাযায়। সন্তান কেনেকৈ জন্ম হয় বা সন্তান জন্ম হ’বৰ বাবে যে নাৰী আৰু পুৰুষৰ যৌন সংগম প্ৰয়োজন সেয়া আমি স্কুলত নাজানিছিলো। বিজ্ঞানৰ কিতাপত অলপ প্ৰজনন সম্পৰ্কীয় কথা আছিল যদিও সেয়া যেন মুকলিকৈ পঢ়াবলৈ ছাৰসকলে অলপ দ্বিধাবোধ কৰিছিল। আজিকালি অৱশ্যে ইণ্টাৰনেটৰ যুগ- ল’ৰা-ছোৱালীবোৰে নিশ্চয়কৈ শিকিবলৈ সুবিধা আছে কিন্তু আমি কিমান সঠিক ভাৱে এই শিক্ষা গ্ৰহন কৰো সেয়া লক্ষণীয়। বহুতেই কব বিচাৰে যে আমাৰ দৰে দেশত ধৰ্ষণ আদিৰ দৰে ঘটনা অধিক হোৱাৰ ইয়ো এটা কাৰণ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…