যৌনতাৰ কথা যদিওঁ মুকলিকৈ আলোচনা কৰাতো ভুল নহয়, কিন্তু আমি পাহৰি গ’লে নহ’ব আমি যিখন সমাজত বাস কৰো তাৰ কথা। সামাজিক সন্তুলনতাত ব্যাঘাট নজন্মাকৈ সুষ্ঠ যৌনতাৰ কথা আলোচনা কৰাত মোৰ বোধেৰে বাধা থাকিব নালাগে। অভিজ্ঞজনৰ পৰা শিকিব লাগে, অশ্লীল শব্দৰ প্ৰয়োগে যাতে ইয়াক অসামাজিক কৰি নোতোলে তাৰ প্ৰতি আমি সতৰ্ক হ’ব লাগে। মুকলি যৌনাচাৰ বা কাৰোবাৰ অমতত যৌন সম্পৰ্ক স্থাপন কৰা বা যৌন সম্বন্ধৰ বাবে প্ৰস্তাৱ দিয়া কোনোমতে গ্ৰহণযোগ্য হ’ব নোৱাৰে আৰু ই এক অপৰাধ। কিন্তু অন্য এক দিশলৈ যদি চাওঁ কিছুমান কম বয়সতে বিধৱা হোৱা মহিলা বা বিবাহ বিচ্ছেদিত মহিলা বা কোনোবা প্ৰাপ্তবয়স্ক পুৰুষ-নাৰীয়ে নিজৰ ইচ্ছাত কৰবাত শাৰিৰীক সম্পৰ্ক স্থাপন কৰে আৰু আমি যদি তাক ম’ৰেল পুলিচগিৰি কৰি টিভি সাংবাদিকক মাতি আনি ভিডিঅ’ ৰেকৰ্ড কৰো সেয়া আমাৰ আসুৰিক তৃপ্তিৰ বাহিৰে অন্য একো নহয়। সাম্প্ৰতিক সময়ত এনে বহু ঘটনা দেখিছো য’ত টিভি সাংবাদিক গৈ হোটেলৰ কোঠাত বা কাৰোবাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি নাৰী-পুৰুষ হালক লজ্জানত কৰাৰ চেষ্টা কৰে। নিউজ চেনেলবোৰ হয়টো এইবোৰ ভিডিঅ’ৰ বাবে টি আৰ পি বাঢ়ে কাৰণ আমাৰ দৰে মানুহবোৰে সেইবোৰ চাই বেছি ভাল পাওঁ। আমি কিন্তু সেই কম বয়সীয়া বিধৱা গৰাকীৰ শাৰিৰীক আৰু মানসিক অৱস্থাৰ খবৰ নলও অথবা ডেকা বয়সতে বিবাহ বিচ্ছেদ হোৱা পুৰুষজনৰ মনৰ অৱস্থা বুজিব চেষ্টা নকৰো। মোৰ দৃষ্টিত কোনো প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাৰ শাৰিৰীক সম্পৰ্কক সন্মান কৰক, তেওঁলোকে আপোনাৰ একো ক্ষতি কৰা নাই গতিকে আপুনিওঁ ক্ষতি নকৰিব। যৌনক্ষুধা প্ৰাকৃতিক আৰু স্বাভাৱিক, সুষ্ঠ মানুহৰ বাবে ই প্ৰয়োজনীয় আৰু সুখানুভুতিৰ বাবে ই মহাষৌধ।
যৌনতাক লৈ হৈ-চৈ কৰাতকৈ ইয়াক সঠিক ভাৱে জানি লোৱাটো বহুত প্ৰয়োজনীয়। নাজানো কিয় জানো আমি যৌনতাৰ লগত অশ্লীলতা আৰু অসামাজিক শব্দ কেইটা একেলগে সাঙুৰি পেলাইছো। আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত যৌনতাসম্বন্ধীয় বা শাৰিৰীক সম্পৰ্কৰ বাবে বহু বিজ্ঞান সন্মত লিখনি উপলব্ধ। পৰ্ণগ্ৰাফী কিতাপ বা পৰ্ণগ্ৰাফী ভিডিঅ’ হয়তো বহুতেই চাই নহ’লেনো গুগলত (Google) আমাৰ দৰে উন্নয়নশীল দেশবোৰৰ পৰা চেক্স সম্বন্ধীয় শব্দবোৰ ইমান বেছি নিবিচাৰিলেহেতেন। কিন্তু সস্তীয়া যৌনগন্ধী কিতাপ আৰু সস্তীয়া পৰ্ণ ভিডিঅ’ বোৰে সঠিক দিশত যে যৌনতাক উপস্থাপন কৰিছে সেই লৈ মই সন্দিহান। বহুতৰ বাবে যৌনতা সৃষ্টিৰ উৎস, যৌন সম্পৰ্কৰ পৰা লাভ কৰা সুখ আপুনি গণিব নোৱাৰে। পৰ্ণ ভিডিঅ’ বা নীলা ছবি আমাৰ দেশত নিষিদ্ধ কাৰণ সেয়া আমাৰ সামাজিক পৰম্পৰাত স্বীকৃত নহয়, কিন্তু আমেৰিকা আদিৰ দৰে দেশত ৰুচিসন্মত আৰু বিধি সন্মত পৰ্ণ ভিডিঅ’ নিষিদ্ধ নহয়। যৌন সম্পৰ্ক স্থাপন কৰোতে কি কি দিশ মন কৰিব লাগে বা কেনেকৈ এজনে আনজনক সক্ৰিয় আৰু উত্তেজিত কৰি ৰাখিব লাগে অথবা শাৰিৰীক সম্পৰ্কৰ সময়ত শাৰিৰীক আৰু মানসিক ভাৱে কেনেকৈ একাত্ম হ’ব পাৰি তাৰ কলা সমূহ আয়ত্ত কৰি লব পৰাটো এক অপৰিহাৰ্য্য শিক্ষা বুলি মই বিশ্বাস কৰো। এটা কথা পাহৰিব নালাগে, যৌন সম্পৰ্ক কেৱল সন্তান জন্ম দিবৰ বাবে বা প্ৰজননৰ বাবে নকৰে, যৌন সম্পৰ্কৰ পৰা সুখানুভূতি আৰু সন্তুষ্টি (Pleasure) লাভ কৰিব পাৰি, আপুনি যদি এতিয়ালৈ আপোনাৰ সংগীৰ লগত সন্তুষ্টি লভা নাই তেন্তে আপুনি জীৱনক জীয়াব পৰা নাই। চেষ্টা কৰক আপোনালোকৰ যৌন সম্পৰ্ক সমূহ সুষ্ঠ হওক আৰু জীৱন জীয়াৰ বাবে ই এক প্ৰেৰণা হওক।