নাৰী-পুৰুষৰ যৌনসংগম আমাৰ সমাজত সাধাৰণতে বিয়াৰ পিছত হয় যদিও আজিকালি বহুতে বিয়া হোৱালৈ ৰৈ নাথাকে। যৌনসংগমৰ লগত যিহেতু গৰ্ভধাৰণৰ সম্পৰ্ক থাকে আৰু আজিকালিৰ লৰা-ছোৱালী গৰ্ভনিৰোধ সম্পৰ্কে যিহেতু সজাগ সেয়েহে চাগে আগৰ দিনৰ দৰে বিয়ালৈ ৰৈ নাথাকে। মোৰ দৃষ্টিত দুইগৰাকীৰ সন্মতি সাপেক্ষে যদি প্ৰাপ্ত-বয়স্ক কোনো পুৰুষ আৰু নাৰীয়ে যৌন সংগমত লিপ্ত হয় তাত কাৰো আপত্তি থাকিব নালাগে। যৌনতা প্ৰকৃতিৰ এক অপূৰ্ব দান আৰু ইয়াক সঠিক ভাৱে বিজ্ঞান সন্মত ভাৱে যদি কোনোবাই স্বইচ্ছাই নিজৰ সুখৰ বাবে উপভোগ কৰিব বিচাৰে তেন্তে তাত আমি বাধা দিয়াতো জানো সমিচীন হ’ব। ইচ্ছাকৃত যৌনমিলন বা যৌনসম্বন্ধই নাৰী বা পুৰুষক মানসিক চাপ বা কামৰ টেনশ্যনৰ পৰা বহু পৰিমাণে মুক্তি দিয়ে। যৌন সংগমত লিপ্ত হোৱাৰ সময়ত অইন কাম পাহৰি এটা কামত সম্পূৰ্ণকৈ ধ্যান ৰাখে, ই শক্তি আৰু সৃষ্টিশীলতাৰ এক উৎস। কিন্তু ভয়-ভয় বা লুকাই-চুৰকৈ স্থাপন হোৱা শাৰিৰীক সম্বন্ধত এই শান্তি পোৱা নাযায় বা মানসিক চাপ বাঢ়িহে যোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে যৌনমিলনৰ সময়ত যদি দুইগৰাকীয়ে সমানে অংশগ্ৰহন (Participate) নকৰে তেন্তে ই সুখকৰ নহয়। বহুজনৰ লগত কথা পাতোতে গম পাওঁ তেওঁলোকৰ যৌনসম্পৰ্ক সুখৰ নহয় কাৰণ এজনে আনজনক সমৰ্পণ কৰিব পৰা নাই বা যিকোনো কাৰণতে কিছু মনোমালিন্য আছে। পতি-পত্নীয়ে হওঁক বা আন কাৰোবাৰ ক্ষেত্ৰতে হওঁক যৌনমিলনৰ সময়ত দুয়োৰে ইচ্ছা আৰু মন অতিকৈ প্ৰয়োজনীয়। বিজ্ঞানে ইতিমধ্যেই প্ৰমাণ কৰিছে যে সুষ্ঠ যৌনসম্পৰ্কই আপোনাক এক সূন্দৰ দিন উপহাৰ দিব পাৰে। কিছুমান নাৰী বা পুৰুষে বিয়াৰ আগত শাৰিৰীক সম্বন্ধ স্থাপন কৰিব বিচাৰে কিন্তু সমাজব্যৱস্থালৈ তেওঁলোকে ভয় কৰে, ভয়-ভয় কৈ কৰা সম্বন্ধই আপোনাক হয়তো এক অপৰাধবোধত ভোগাব সেয়ে পাৰিলে তেনে সম্বন্ধৰ পৰা বিৰত থাকক। যেতিয়ালৈ আপুনি মানসিক ভাৱে আৰু শাৰিৰীক ভাৱে প্ৰস্তুত নহয় তেতিয়ালৈকে শাৰিৰীক সম্বন্ধৰ পৰা অলপ দূৰত থাকক। যৌনতা পাপ নহয়, কিন্তু অবাধ যৌনাচাৰ যি বিজ্ঞান সন্মত নহয় -যি সমাজৰ বিপৰীতে – সি মানি ল’ব পৰা বিধৰ নহয়। বিয়া হোৱা স্বামী-স্ত্ৰীৰ মাজত যৌনসম্পৰ্ক স্বাভাৱিক হ’ব লাগে কিন্তু বহু সময়ত স্বামী-স্ত্ৰীৰ পৰা দূৰত থাকে, স্বামী বা স্ত্ৰীৰ কোনোবা এগৰাকী অসুষ্ঠ, স্বামী বা স্ত্ৰীৰ কোনোবা এগৰাকী যৌনসংগমত লিপ্ত হবলৈ অক্ষম বা অপাৰগ তেতিয়া কি কৰিব আপুনি, আমাৰ সমাজ খনে কিবা সহায় কৰিবনে সেয়া এক বহুমূলীয়া প্ৰশ্ন। মোৰ হাতত এনে কিছুমান উদাহৰণ আছে- য’ত বিয়াৰ দুদিন পিছতে গম পায় স্বামী যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অপাৰগ (impotent) , যাৰ স্বামী বিয়াৰ এবছৰ পিছতে দুৰ্ঘটনাত মৃত্যু হয় বা বিবাহ বিচ্ছেদ হোৱা পুৰুষ গৰাকী তেওঁলোকৰ বহুতেই যদি কোনো অবৈধ (আমাৰ তথাকথিত সমাজ ব্যৱস্থাই দিয়া নাম) সম্পৰ্ক স্থাপন কৰে আমি সমাজে তাত বাধা দিয়াটো কিমান যুক্তিকৰ হ’ব।
যৌনসম্পৰ্ক সম্পূৰ্ণ স্বাভাৱিক আৰু সকলোৱে বিচাৰে, শাৰিৰীক সম্পৰ্কই নাৰী বা পুৰুষ গৰাকীক এবিধ হৰমণ নিগৰণ হোৱাত সহায় কৰে যিবিধ হৰমণে আপোনাক সুখানুভূতি দিয়ে। কিন্তু যৌনসম্পৰ্ক স্থাপন কৰাৰ আগতে তাৰ বিজ্ঞান, মনোবিজ্ঞান আৰু সমাজবিজ্ঞান জানি লোৱা প্ৰয়োজনীয় বুলি ভাৱো। যদি সাধাৰণ দৃষ্টিৰে ভাৱে বিশেষ একো নাই- এজন পুৰুষ আৰু এগৰাকী নাৰী শাৰিৰীক সম্বন্ধ স্থাপন কৰিছে নিজৰ ইচ্ছাত, কাৰো একো ক্ষতি কৰা নাই নিজৰো একো ক্ষতি হোৱা নাই। বিজ্ঞান সন্মত ভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ আগতে- আপুনি নাৰী বা পুৰুষৰ শৰীৰৰ ভিতৰৰ অংগ-প্ৰত্যংগৰ বিষয়ে জানি লওঁক। আজিকালি বিভিন্ন ধৰণৰ যৌন সংক্ৰমিত ৰোগ আদিৰ বিষয়ে জানি লোৱা দৰকাৰ। পুৰুষৰ বীৰ্য্যযে নাৰীৰ যোনীৰে গৰ্ভকোষত সোমালে (Ovary) নাৰী গৰ্ভৱতী হয় সেয়া জানিব লাগিব, সন্তান নিবিচাৰিলে কেনেকৈ ইয়াক ৰোধ কৰিব লাগে সেয়া জানি লোৱা দৰকাৰ। বহুত বেছি মানুহৰ লগত কথা পাতিলে চাগে আৰু অলপ ভালকৈ লিখিব পাৰিম- কিন্তু মোৰ ভাৱ হয় ব্যতিক্ৰম সকলোতে থাকে কিন্তু অধিক ক্ষেত্ৰতে সাধাৰণ মানুহ খিনিয়ে যৌনতাক বা যৌনসম্পৰ্কক হয়তো এটা কাম বা কৰ্তব্য হিচাপে লৈ কৰি গৈছে। এজনৰ বিশেষকৈ পুৰুষজনৰ যেতিয়া মন গৈছে তেতিয়াই সম্বন্ধটো স্থাপন হৈছে, নাৰী বা পত্নী গৰাকীৰ ইচ্ছা থাকক নাথাকক সিমান ধ্যান নাই আৰু সেয়েহে তেওঁলোকৰ গতানুগতিক দিনবোৰো ইমান সুখকৰ নহয়। সন্মান সহকাৰে সকলো পুৰুষ-নাৰীয়ে যদি সমইচ্ছাৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে তেন্তে সেই অলপ সময়ৰ নিবিড় মূহুৰ্তই তেওঁলোকক দিনটোৰ বাবে সজীৱ কৰি ৰাখিব। প্ৰত্যেক গৰাকী প্ৰাপ্তবয়স্ক পুৰুষ-নাৰীয়ে যৌনতা সম্পৰ্কে আৰু নিজৰ বিষয়ে ভালকৈ জনা উচিত। বহু সময়ত ই বিবাহ বিচ্ছেদৰ এক অন্যতম কাৰণ হৈ দেখা দিয়ে। লাজত বহুতেই নিজৰ বা সংগীৰ অপাৰগতাক লুকাই ৰাখে, কিন্তু সেই সংসাৰ জানো দীৰ্ঘস্থায়ী হ’ব।