১) শিশুই পৰিচিত মাতৃভাষাত শব্দ-চিহ্ন আদি সহজে বুজি পাই । কিতাপ বা যিকোনো লিখনি সহজে পঢ়িব পাৰে আৰু পঢ়া কথাবোৰ লিখিবলৈ বেছি অসুবিধা নহয় । লিখাৰ সামান্য ধাৰণা থাকিলেই বাক্যৰ গঠন বা সৃষ্টিশীল লিখনি স্বাভাৱিক প্ৰক্ৰিয়াৰে আহি যায় । Psycholinguistic Guessing বা মনোভাষাতত্বৰ দিশৰ পৰাও বহুত সুবিধা হয় ।
২) যদি মাতৃভাষাত যিকোনো বিষয়ৰ ওপৰত দখল থাকে তেন্তে পৃথিৱীৰ যিকোনো ভাষাত সহজে দখল ল’ব পাৰি । ছাত্ৰ-শিক্ষকৰ মাজত মত বিনিময় স্বাভাৱিক হয় । এটা উদাহৰণ- অংক এটা যদি শিকোৱা হয়- এটা কলমৰ দাম ২ টকা, ৩ টা কলমৰ দাম কিমান হ’ব, মাতৃভাষাত শিকালে শিশুটোৱে অংকটোত গুৰুত্ব দিব কিন্তু ইংৰাজী বা অন্য কোনো ভাষাত শিকালে অংকতকৈ ইংৰাজী ভাষাৰ শব্দকেইটাই অধিক গুৰুত্ব পাব ।
৩) শিশুটিক যদি মাতৃভাষাৰ সলনি অন্য বিদেশী ভাষাত শিকোৱা হয় তেন্তে শিশুটিৰ শিক্ষাৰ সময়ত বিকাশ আৰু সৃষ্টিশীল মনটোক কিছু সীমাবদ্ধতাৰে বান্ধি থোৱা হয় (Limit the Learning Competency) ।
৪) বিশ্বৰ উন্নত দেশ যেনে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, চীন, চুইজাৰলেণ্ড, চুইডেন, ৰাছিয়া আদিৰ শিক্ষা আৰু গৱেষণা বহুত উন্নত হোৱাৰ আৰত মাতৃভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰিছে ।
৫) ভাৰত, পাকিস্তান, বাংলাদেশ আদি উন্নয়নশীল দেশত সহজে চাকৰি পাবৰ বাবে বা স্মাৰ্ট হবলৈ মাতৃভাষাৰ সলনি ইংৰাজী ভাষাত শিক্ষা আৰম্ভ কৰাৰ যি যুক্তি তাক গৱেষণাই সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে । কিছুমান দেশত অভিভাৱকে ইংৰাজীক High Status ভাষা বা ইংৰাজী আদিৰ দৰে ভাষাত শিক্ষা আৰম্ভ কৰিলে উচ্চ শিক্ষা আদিৰ বাবে বা অন্যক্ষেত্ৰত সুযোগ বা সুবিধা (Opportunity) অধিক পাই বুলি কৰা বিশ্বাস এটা ভ্ৰম বুলি বাখ্যা কৰিছে ।
ভাষা এটা মত প্ৰকাশৰ মাধ্যমহে, বিদেশী ভাষা বা ইংৰাজী ভাষা জানিব লাগে কিন্তু সি শিক্ষাৰ মাধ্যম নহয় । এইটো গৱেষনাত দুটা ভাষাৰ শিক্ষাক গুৰুত্ব দিছে, প্ৰথম মাতৃভাষা আৰু দ্বিতীয় যিকোনো এটা বিদেশী ভাষা । শিশুৰ মনোস্তাত্বিক বিকাশ, আত্মবিশ্বাস, সৃষ্টিশীলতা বা জ্ঞানৰ পূৰ্ণবিকাশ হবলৈ মাতৃভাষাত শিশুৰ শিক্ষাৰ আৰম্ভণি কৰাটো অতিকে প্ৰয়োজনীয় ।