মই সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে ৰাজহুৱা পৰিবহণ (public transport) ব্যৱহাৰ কৰো । সময় অলপ বেছি লাগে যদিওঁ সেইখিনি সময় নিজৰ কাৰণে পাওঁ, বন্ধুলৈ বুলি ফোন কৰা, ফেচবুকৰ বন্ধুৰ পোষ্টত কমেণ্ট কৰা, গান শুনা, ইউটিউবৰ ভিডিঅ’ চোৱা কামখিনি সেইখিনি সময়তে কৰিব পাৰো । বাছ-ট্ৰেভেলাৰ, মেজিক-ছিটিবাছ, ই-ৰিক্সা সকলোতে ঘুৰি ফুৰো । ৰাজহুৱা পৰিবহনত যাতায়ত কৰা হেতুকে বহু মানুহৰ লগত কথা পাতিবলৈ সুবিধা পাওঁ, সেইবোৰেই কেতিয়াবা মোৰ লিখনিৰ সমল হয় । কোনোবাজন যদি মাছৰ বেপাৰী, কোনোবা জনী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী, কোনোবাজন জনে যদি কৰে চৰকাৰী চাকৰি- আনজন আকৌ মন্দিৰৰ পূজাৰী, কোনোবাই ৰিক্সা চলাই গুৱাহাটীত আৰু আনজনে ঘুৰি ফুৰিছে ৰাজনীতিত, কোনোবাজনে ইণ্টাৰভিউ দি চাকৰি নোপোৱা প্ৰাৰ্থী আৰু আনজন সাধাৰণ ঘৰৰ বোৱাৰী । মই কথা পাতি, কথা শুনি ভাল পাওঁ আৰু কাউন্সেলিঙৰ প্ৰতি থকা আগ্ৰহৰ বাবে বহুতো অচিনাকী সহযাত্ৰীৰ লগত কথা পাতো ।
আমি বাতৰি কাকতত পঢ়াৰ দৰে বা টিভিত দেখা বাতৰি বা টক শ্বো বোৰৰ পৰা বহু যোজন দূৰত সেই জীৱনবোৰ, সকলো ব্যস্ত নিজক লৈ । সকলোৰে নিজা জীৱন দৰ্শন আছে আৰু সকলোৰে আছে সমস্যা । জীৱনৰ বাবে চিৰসত্য দৰ্শন বুলি চাগে বহুত কম বস্তু বা নীতি আছে । মোৰ বাবে যিটো সত্য আনজনৰ বাবে সেইটো সত্য বা গ্ৰহণযোগ্য নহবওঁ পাৰে আৰু সমস্যা কাৰ নাই । ৰাতিপুৱাই বিচনা এৰি মাছ বেপাৰীজনে মাছ লৈ গুৱাহাটীলৈ আহিছিল, সিদিনা আধাখিনি মাছ বিক্ৰী ন’হল, কোনোৰকম গাড়ী ভাড়াটো উলিয়াইছে- পিছদিনা চকা বন্ধ বাবে মাছখিনি বৰফ দি থলেওঁ লৈ আনিব নোৱাৰিব, কি যে সমস্যা । অংকিতাই এম,এ শেষ কৰি পি,এইচ,ডি ত এডমিশ্যন লোৱা চাৰিবছৰে হ’ল, লগৰ বহুতে চাকৰিত আৰু বহুতেই বিয়া হৈ ল’ৰা-ছোৱালীৰ মাক হৈছে, পি,এইচ,ডি ও শেষ নোহোৱা হৈছে আৰু শেষ নোহোৱা পৰ্য্যন্ত বেলেগ একো ভাৱিব নোৱাৰা হৈছে, শিক্ষক দেউতাক যোৱাবছৰ অৱসৰ লৈছে, দেউতাকৰ ইচ্ছা শৰীৰ ভালে থাকোতে অংকিতাৰ বিয়াখন দিবলৈ -কিন্তু অংকিতাই পিএইচ ডি ৰ শেষ হোৱাৰ পিছত চাকৰিৰ বাবে কিছু সময় ৰাখিব বিচাৰে । সিদিনা বিহুত ঘৰ গৈ থাকোতে তাইক গাড়ীত লগ পোৱাত কলে- বিহুত হেনো কোনো ল’ৰা আহিব চাবলৈ তাইক । বৰুৱা দা ঘৰৰ পৰা অ’ফিছ সদায় অহা-যোৱা কৰে, সিদিনা অ’ফিছৰ পৰা ওলাওঁতে হেনো দেৰি হ’ল সাতটা বাজিলে, সেয়ে দৌৰাদৌৰিকৈ আহি কোনোৰকম শেষৰ গাড়ীখন পাইছে, আজিকালি হেনো চৰকাৰী অ’ফিছ ৫ টাত এৰিব নোৱাৰি, প্ৰায়ে দেৰি হোৱা হৈছে, অৱসৰলৈ আৰু প্ৰায় দুবছৰমান থকা সেই চৰকাৰী কৰ্মচাৰীজনৰ এতিয়া হেনো বৰ সমস্যা, ঘৰ এৰিবওঁ নোৱাৰে, অহা-যোৱা কৰোতেওঁ দেহাৰ অৱস্থা বেহাল ।
ৰাস্তাত প্ৰায়ে পোৱা ট্ৰেফিক জামবোৰত সকলোযেন বিতশ্ৰদ্ধ, সকলোৱে একেমুখে গালি দিছে- আমাৰ মানুহবোৰ সলনি নহয়, নিয়ম নামানি যেনি-তেনি গাড়ীবোৰ সোমাই দিছে । ময়ো ভাৱিছো, মইয়ো চাগে ৰাস্তাত ট্ৰেফিক নিয়ম ভালকে নামানো, সেয়ে মনে মনে থাকো । কোনোবাই ক’ব বস্তু-বাহিনীৰ ইমান দাম বাঢ়িছে, চৰকাৰক ভোট দিব নোৱাৰি আৰু আনজনে মাত দি কব- কাক ভোট দিব তেতিয়াহলে, সকলোৱে নিজৰ নিজৰ যুক্তি দি যায় গাড়ীৰ পৰা ননমালৈ । নিজৰ যুক্তিত সকলো শুদ্ধ ।
পূজাৰীজনক প্ৰায়ে লগ পাওঁ ঘৰ যোৱা সময়ত, গাড়ী ৰখি থাকো একেলগে; নাম নাজানো- কিন্তু দেখি দেখি মুখ চিনাকী হৈছে । পূজা-পাঠ, মন্দিৰত কাম-বন কৰি সংসাৰ চলাই আছে, যোৱামাহত হেনো তেওঁৰ ছোৱালীজনী অন্য সম্প্ৰদায়ৰ ল’ৰা এজনৰ লগত পলাই গৈ বিয়া পাতিলে, তেওঁ সমাজৰ কটূ কথা শুনিব লগীয়া হৈছে । জীৱনটোৱে তেওঁৰ বাবে সমস্যা যেন লাগিছে ।
ছিটিবাছ বোৰত আহি থাকোতে কেতিয়াবা এটা স্তপেজত ইমান সময় ৰখাই, যাত্ৰীবোৰে কিবা কলে ক’ব- ‘দৌৰা-দৌৰি থাকিলে, নিজৰ গাড়ী লৈ আহিব’, আন এজন যাত্ৰীয়ে মাত দি ক’ব- ‘ নিয়ম মতে গাড়ী চলাব নোৱাৰিলে, গাড়ীত নিজৰ তিৰি-চলি আনা কৰিব’ । মনে মনে উপভোগ কৰো কথাবোৰ । ই-ৰিক্সাত আহোতে সিদিনা চালক জনৰ লগত কথা পাতিলো, তাৰ মনটো মৰা- সুধিলো কি হ’ল । সি অভিধানে বৰ্খাষ্ট কৰা শব্দৰে আৰম্ভ কৰিলে, আজি হেনো ৰাতিপুৱাৰ পৰা ভালে ইনকাম হৈছিলে- প্ৰায় ছশ টকা, এবাৰ বোলে সি যাত্ৰী এজনৰ অনুৰোধত অনুমতি নথকা ৰাস্তা এটাৰে গ’ল । ট্ৰেফিক পুলিচে ধৰি ফাইন লগাই দিলে, ফাইন দিবলৈ পইচা নথকা বুলি কোৱাত যি আছে তাকে দিব ক’লে- গোটেই ছশটকা লৈ গ’ল , যাত্ৰীজনেওঁ একো সহায় নকৰিলে । অধিক লোভেই তাৰ বাবে কাল হ’ল, ট্ৰেফিক পুলিচেওঁ তাক ক্ষমা নকৰিলে । মুঠৰ ওঁপৰত সমস্যা । বাইদেউৰ পেন্সনৰ কামটো আজিওঁ নহ’ল, গিৰিয়েক ঢুকোৱা আজি প্ৰায় তিনিবছৰে হ’ল- ফেমিলি পেন্সনৰ বাবে গুৱাহাটী আহি আহি ভাগৰি পৰিছে, সদায় কিবা নহয় কিবা নতুন কাগজ বিচাৰি থাকে হেনো, অফিছত আহি আছে- কেতিয়াবা অ’ফিছাৰক লগ পাই কেতিয়াবা নাপাই । ৰাতিপুৱাৰ প্ৰথম বাছ খনতে আহে আৰু শেষৰ বাছখনত যায় কিন্তু কামখিনি হৈ নুঠে । সকলোৰে যে কিবা নহয় কিবা সমস্যা, ময়ো ভাৱিছো সমস্যানো কাৰ নাই ।