সমস্যা কাৰ নাই

আপুনি চাগে কেতিয়াবা ভাৱে- জীৱনত ইমান সমস্যা, পৃথিৱীৰ সমস্ত সমস্যাবোৰ মোকেই জাপি দিছে ভগৱানে । এটা সমস্যাৰ সমাধান হয়, আন এটা নতুন সমস্যাৰ সৃষ্টি হয় । কিন্তু কি জানেনে, সমস্যাবোৰ থাকিবই আৰু বেছিভাগ সমস্যাই স্থায়ী নহয় । হয় সমস্যাৰ সমাধান ওলাব ন’হলে সমস্যাৰ লগত সহবাস কৰিবলৈ আমি শিকি যাম । প্ৰয়োজন মাত্ৰ ধৈৰ্য্য, সাহস আৰু মানসিক শক্তিৰ ।

            মোৰ সমস্যা মোৰ চাকৰিটো ঠিকাভিত্তিক । বন্ধ দিনত ঘৰলৈ দৌৰিব লাগে আৰু সপ্তাহৰ বাকী কেইটাদিন সন্ধিয়ালৈ অফিছত ডিউটি কৰিব লাগে । দৌৰা-দৌৰি এক জীৱন । চাকৰি এৰিবও নোৱাৰোঁ – গাড়ীৰ লোন আছে, ব্যৱসায় কৰিব গৈও বাৰে বাৰে উজুতি খাওঁ । কিন্তু অলপ যদি দ কৈ ভাৱি চাওঁ, এইবোৰ সমস্যা জানো । নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছোহে মাত্ৰ, গাড়ী নিকিনা হ’লে লোনো নাথাকিলে হয় । যিদিনা চাকৰিৰ ম্যাদ উকলিব সেইদিনা নতুন দিন আৰম্ভ হ’ব । লাখ-লাখ মানুহে চাকৰি নকৰে সেইবুলি সিহঁতৰ সমস্যা বেছি নেকি ! হয়তো মই নিয়াৰিকৈ কামবোৰ আগুৱাই নিব পৰা নাই সেয়েহে অলপ অশান্তি লাগি থাকে আৰু তাকে সমস্যা বুলি কৈছোঁ ।

            ৰঘূ ঘৰৰ একমাত্ৰ ল’ৰা সন্তান, ভণীয়েকক বিয়া দিছে । দুবছৰ মান আগতে তাৰ দেউতাক ঢুকাইছে । তাৰ চাকৰি বঙাইগাঁৱত আৰু ঘৰ নলবাৰীত ।  মাক ঘৰত এতিয়া অকলে থাকে । মাকে ঘৰ এৰি বঙাইগাঁও আহিব নিবিচাৰে আৰু সিও চাকৰি এৰিব নোৱাৰে । অসুখীয়া মাকক অকলে এৰিবলৈ তাৰ মন নাযায় । বিয়াখনো পাতিব লাগে, ছোৱালী মিলি অহা নাই ।   নলবাৰী-বঙাইগাঁও কৰি থাকোতে তাৰ ভাগৰ লাগি গৈছে । মুঠৰ ওপৰত এক সমস্যা । ঠিক তেনেদৰে ৰূপম অসম অসামৰিক সেৱাৰ বিষয়া, পোষ্টিং উজনিৰ কোনোবা এখন জিলাত । ঘৈনীয়েক আকৌ কলেজ এখনৰ সহকাৰী অধ্যাপিকা – তেওৰ পোষ্টিং মঙলদৈৰ পিনে । গাঁৱৰ ঘৰত বৃদ্ধ মাক আৰু দেউতাক, গুৱাহাটীতো এটা ফ্লেট লৈছে । চাৰি ঠাইত ঘৰ সিহঁতৰ এতিয়া । চাকৰি এৰিবও কোনেও সাহস নকৰে, ট্ৰেন্সফাৰো ল’ব পৰা নাই । কিবাযেন খাই-বৈ সময়বোৰ পাৰ কৰিছে । কিবা মিলাব নোৱাৰা সমস্যা ।

            নবীন খুৰাই খেতি কৰে আৰু মন্দিৰ এটাৰ পূজাৰী । খুৰীয়ে গৰু-ছাগলী কেইটা চোৱাচিতা কৰে । গাঁৱৰ নাম প্ৰসংগত খুৰা-খুৰী নাথাকিলে খালি খালি লাগে । সাধাৰণ ভাৱে চলি থাকে । সহজ-সৰল আৰু সাধাৰণ জীৱন । আকালো নাই-ভঁৰালো নাই । এহাল ল’ৰা-ছোৱালীক পঢ়াই শুনাই কলেজ পোৱালে । হাহি ফূৰ্তিত থকা সিহঁতৰ এখন সুখৰ সংসাৰ । এদিন ছোৱালী জনী ঘৰৰ অমতত মুছ্লিম সম্প্ৰদায়ৰ ল’ৰা এজনৰ লগত পলাই গৈ বিয়া পাতিলে । বিয়া পতাটো ভাল হৈছে নে বেয়া হৈছে সেয়া মই নাজানো,  কিন্তু সিহঁতৰ সৰু ঘৰখনত আউল লাগিল । গাঁৱৰ মানুহে এলাগী কৰিলে । পূজাৰী কৰি উপাৰ্জন কৰাৰ ৰাস্তা বন্ধ হ’ল । ৰাস্তাত ওলালে-সোমালে সকলোৱে ছোৱালীজনীৰ কথাই সোধে প্ৰথমতে । সিহঁত ঘৰতে সোমাই থকা হ’ল । হাহি থকা খুৰীজনী ম্লান পৰি গ’ল । কি কৰে- কেনেকৈ আগবাঢ়ে এতিয়া, এয়াই সমস্যা সিহঁতৰ ।

            গুৱাহাটীত মাটি অলপ কিনিছিল খগেন খুৰাই । অকল খগেন খুৰাই নহয়, গাঁৱৰ কেবাটাও পৰিয়ালে একেজন মানুহৰে পৰা কিনিছিল মাটি ।  মাটিৰ মালিকৰ বহুত মাটি গুৱাহাটীৰ লংকেশ্বৰৰ কাষত । মাটিৰ দাম দুটা কিস্তিত দিয়া হ’ল- দলিলত চহী কৰি পইচা লৈছে মালিক পক্ষই । এতিয়া মাটিখিনি চমজাই দিব লাগে, কিন্তু তাৰিখৰ পিছত তাৰিখ মাটি আৰু চমজাই নিদিলে । গাঁৱৰ পৰা গুৱাহাটী আহি আহি বছৰৰ পিছত বছৰ বাগৰি গ’ল- প্ৰতিবাৰেই আহিলে কয় অহাবাৰ বাৰিষাৰ পিছত দিম নহ’লে পূজাৰ পিছত দিম বা বিহুৰ পিছত নহলে অন্য কিবা এটা তাৰিখ  । দলিলত চহী কৰি পইচা দিছে যদিও কোৰ্ট-কাছাৰীলৈ যাবলৈ ভয় । এতিয়া পইচাও ঘূৰাই পোৱা নাই আৰু মাটিও চমজাই দিয়া নাই । পাচ বছৰমানেই হ’ল, কেইটামান পৰিয়ালে মাটি চমজি পালে ।  খগেন খুৰাৰ চিন্তা বাঢ়ি গৈছে- কি যে সমস্যা ।

            সীমাই MBA কৰি মোবাইল ফোন কোম্পেনী এটাত চাকৰি কৰে । চেলশ্যৰ চাকৰি- ঘূৰি ফুৰিব লাগে । কেৰিয়াৰ-চাকৰি বুলি দৌৰি থাকোতে বয়স কেনেকৈ আহি ৩৫ পাৰ হ’ল গমকে নাপালে । প্ৰেমৰ সম্পৰ্কও বহুত দিন আগতেই ইতি পৰিছে । এতিয়া বিয়া পাতিম বুলি ইচ্ছা কৰিছে যদিও পছন্দৰ ল’ৰা পোৱা নাই । অপছন্দৰ ল’ৰা বিয়া পাতিব নে বিয়া নাপাতাকে থাকিব ধৰিব পৰা নাই । ঘৰৰ পৰাটো বিয়াৰ চাপ আছেই । মাজতে কৰোণাই দুটা বছৰ স্থৱিৰ কৰি পেলালে । কামৰ হেচাত নিজৰ কথা ভাৱিবলৈ সময় আহৰিয়েই । চাৰিওপিনে যেন কিবা এক সমাধান নোহোৱা সমস্যা ।

                        ললিতে কলেজখনত অস্থায়ী ৰূপত শিক্ষকতা কৰি থকা ১০ বছৰেই হ’ব । বিশ্বাস আছিল, এদিন নহয় এদিন চৰকাৰে কলেজখন প্ৰাদেশীকৰণ কৰিবই আৰু সিহঁতৰ চাকৰিবোৰো হ’ব । তেনেকুৱা ইতিহাস বহুত আছে আৰু সেই আশাতে ললিতে কলেজত বিনাবেতনে শিক্ষাদান কৰি গৈছে । এইবাৰ হেনো সিহঁতৰ কলেজ খন প্ৰাদেশীকৰণ হ’ব । এদিন কলেজ খন প্ৰাদেশীকৰণ হৈ উঠিল, কিন্তু গোটেইবোৰ শিক্ষকৰ চাকৰি প্ৰাদেশীকৰণ নহ’ল । নতুন নীতি অনুসৰি তেওলোকৰ যোগ্যতা হেনো কিছু নাছিল । ললিতৰ লগতে ললিতৰ পৰিয়াল আশাহত হ’ল ।

            মৌমনৰ দেউতাক ডাঙৰ ঠিকাদাৰ, মাকো প্ৰশাসনিক বিষয়া । ধনে-ধানে ভৰপূৰ ঘৰ । গাড়ী-ঘোঁৰা, লিগিৰি-লিকচৌৱে ভৰি থকা ঘৰ । মৌমনক ক্লাছ চিক্সতে অভিজাত আৱসিক বিদ্যালয়ত নাম লগাই দিছে । বন্ধত ঘৰলৈ আহিলে ড্ৰাইভাৰৰ ল’ৰা-ছোৱালী কেইটাৰ লগতে খেলা-ধূলা কৰে । কিন্তু লাহে লাহে কেনেকৈ জানো সি ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিল মাক-বাপেকে গমকে নাপালে । কৰ্মৰ খাতিৰত মাক-বাপেক দুয়ো ব্যস্ত । এদিন তাক হোষ্টেলৰ পৰা উভতাই আনিলে, কিন্তু ড্ৰাগছৰ নিচাৰ পৰা এৰাব পৰা নাই । ড্ৰাগছ কিনিবলৈ পইচা নিদিলে হুলস্থুল লগাই দিয়ে মৌমনে । মাক-বাপেকৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিছে মৌমন ।

                        অলপ অলপ কৈ টকা জমাই ৰজনীয়ে নৈপৰীয়া খেতিমাটি অলপ কিনিছিল যোৱাবছৰ । পলসুৱা মাটি, বছৰৰ চাউলকেইটা সেই খেতিমাটি খিনিৰ পৰাই আহিব আৰম্ভ কৰিছিল । এইবাৰ বানত মাটিখিনিত বালি পৰিল, খেতি কৰিব পৰা আশা আৰু দেখা নাই ৰজনীয়ে। আগে পিছেও বানপানী উঠে যদিও বালি পৰা নাছিল । কিযে হ’ব ! এটাৰ পিছত এটা সমস্যা ।

            ৰুবিয়ে ভাল পাই প্ৰনৱক । দুয়োজনে একেলগে পঢ়া স্কুলৰ পৰা । বিয়াৰ বয়স ওচৰ চাপিছে কিন্তু প্ৰনৱৰ হে কোনো এটা সংস্থাপন হোৱা নাই । চাকৰি বিচাৰি কিছুবছৰ পাৰ কৰি কিছুদিন আগতে দোকান এখন খুলিছে যদিও স্বাৱলম্বী হ’ব পৰা নাই । প্ৰথমতে দুয়োখন ঘৰৰ আপত্তি নাছিল যদিও এতিয়া ব্যৱধান বাঢ়িব ধৰিছে । ৰুবিৰ ঘৰত বিয়াৰ চাপ, নতুন নতুন ল’ৰাৰ খবৰ আহিয়েই থাকে । ৰুবিয়ে এতিয়া এৰিবও নোৱাৰে – ধৰিবও নোৱাৰে ।  কিযে সমস্যা !

                       ৰেজাউলে গুৱাহাটীৰ কোম্পেনী এটাত চাকৰি কৰিছিল, ৬-৭ হাজাৰ মান টকা দৰমহা পাই । বাপেকে গাঁৱত পাচলি বেপাৰ কৰে । মাক-ভণীয়েক সহ চাৰিজনীয়া সৰু পৰিয়াল সুখতে চলি আছিল । এদিন গুৱাহাটীত ৰেজাউলৰ বাইক এক্সিডেণ্ট হ’ল, সকলো জমাধনটো গ’লেই খেতিমাটি দুবিঘাও কম দৰতে বিক্ৰী কৰিব লগীয়া হ’ল চিকিৎসাৰ নামত । ৰেজাউল এতিয়া সুষ্ঠ হৈ উঠিছে যদিও সম্পূৰ্ন কৰ্মঠ হৈ উঠিবলৈ সময় লাগিব । ঘৰখনত এক অপ্ৰত্যাশিত সমস্যাৰ সৃষ্টি হ’ল । কষ্ট কৰি আছে দিন-ৰাতি ৰেজাউলৰ দেউতাকে, কিন্তু সেইমতে ফলাফল নাই ।

            ৰাজু আৰু জুৰিৰ প্ৰেম বিবাহেই হৈছিল । ৰাজুৰ ঘৰ গুৱাহাটীৰ পৰা প্ৰায় ১০০ কি:মি: মান দূৰৰ এখন গাঁৱত । গাঁৱত ৰাজুৰ বৃদ্ধ মাক-দেউতাক থাকে আৰু চাকৰিসূত্ৰে ৰাজু গুৱাহাটীৰ ভাৰাঘৰত থাকে । ৰাজুৱে বিচাৰে জুৰি গাঁৱত থাকক মাক-দেউতাকৰ লগত আৰু ৰাজু শনিবাৰ-দেওবাৰে ঘৰ গৈ থাকিব আৰু মাজে মাজে আহি জুৰি গুৱাহাটীত থাকিব । জুৰিয়ে ৰাজুক এৰি গাঁৱত মাক-দেউতাকৰ লগত থাকিব নিবিচাৰে । নিবিচাৰে মানে বিহু-পূজাত গাঁৱত যোৱাত আপত্তি নাই, কিন্তু সদায় তাত নহয় । ৰাজুৰ কথা- গাঁৱৰ ঘৰটোৱে স্থায়ী আৰু গুৱাহাটীতো অস্থায়ী, কিন্তু জুৰি কোনোপধ্যে মান্তি নহয় । জুৰি গুৱাহাটীত থাকিলে ৰাজুও সপ্তাহত ঘৰ যোৱা অলপ দিকদাৰ । অফিছৰ টেনশ্যনবোৰটো আছেই । ৰাজুৱে সমস্যাটোৰ সমাধান বিচাৰি পোৱা নাই ।

            ইমৰান ফুৰি ভাল পোৱা ল’ৰা । পাহাৰীয়া সৰু চহৰ এখনৰ অ’ফিছ কোৱাৰ্টাৰত থাকে সি । হাতত কেমেৰাটো লৈ প্ৰায় প্ৰটিতো শনি-দেওবাৰে সি ওলাই যায় ফুৰিবলৈ । পিঠিত এখন বেগ, তাতে তাৰ সাধাৰণ প্ৰয়োজনীয় কাপোৰ খিনি । কেমেৰা আৰু ঘূৰা-ফুৰাৰ মাজতে সি জীৱন বিচাৰি পাই । য’তে-ৰাতি ত’তে কাটি মনোভাৱ লৈ ঘূৰি ফুৰে সি, গতিকে নূন্যতম খৰছতে সি ঠাইবোৰ ঘূৰি ফুৰে । তাৰ ফটোবোৰ সৃষ্টিশীল । দুবছৰমান আগতে সি বিয়া পাতিলে, এদিন তাক লগ পাওঁতে কলে আজিকালি আৰু তাৰ ফুৰিব যোৱা নহয় । সি হেনো বিয়া পতাৰ পিছত মিলাবই পৰা নাই । ঘৈণীয়েকে ৰাজহূৱা পৰিবহন বা খোজকাঢ়ি ফুৰিব অসুবিধা পায় আৰু ইমুৰানৰ বাবে গাড়ী ভাৰা কৰি এনেকৈ সদায় ঘূৰিব যোৱা সম্ভৱ নহয় । সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সি অফিছত ডিউটি কৰে আৰু ঘৈণীয়েক ঘৰত থাকে । শনি-দেওবাৰে ঘৈণীয়েকক এৰি থৈ ফুৰিবই বা যায় কেনেকৈ ! এৰি দিছে আৰু সি নিজৰ সপোনবোৰ কঢ়িয়াই ফুৰিবলৈ ।

                        হাইস্কুলৰ শিক্ষকৰ চাকৰিৰ পৰা অৱসৰৰ পিছত বিজয় ছাৰে টকা কেইলাখ মান পাইছিল । কিমানযে সপোন, ঘৰটো নতুনকৈ সাজিব আৰু তাৰ পিছতেই ছোৱালীজনীৰ বিয়াখন ধূম-ধামকৈ পাতিব । এদিন ষ্টেট বেংকত পইচা উঠাব গৈ দেখে একাউণ্ট খালী । ছাৰে মূৰে কপালে হাত দিলে । পইচা ঘূৰাই পোৱাৰ আশাত দৌৰি আছে তেওঁ- ষ্টেটবেংক, পুলিচ, ৰিজাৰ্ভ বেংক সকলোতে । কোনে জানো অজ্ঞাতে বেংকৰ একাউণ্টৰ পৰা টকা খিনি লৈ গ’ল, বেংকেও সিমান গুৰুত্ব দিব নোখোজে । কোনোবাই হেনো অনলাইন ট্ৰান্সফাৰ কৰি পইচা লৈ গৈছে । ক’ত গৈছে, কোনে কৰিছে সেই উত্তৰ বেংকৰ হাতত নাই হেনো । মুঠতে সহজ সৰল জীৱন এটা সমস্যাৰে ভৰি পৰিছে । ছাৰ আশাবাদী নিজৰ পইচা খিনি ঘূৰাই পাব, কিন্তু যোৱা এবছৰে দৌৰি দৌৰি ভাগৰি পৰিছে তেও ।

সমস্যা থাকিবলৈ দুখীয়া হ’ব নালাগে, বয়স বা জাতিৰো কোনো কথা নাই । কিন্তু সমস্যা আৰু সমাধান একেটা মুদ্ৰাৰে দুটা পিঠি ।

            কৰৱী আৰু গৌৰৱৰ বিয়া হোৱা ৫ বছৰেই হ’ল । যোৱা  তিনি বছৰমানৰ পৰা পৰিয়াল পৰিকল্পনা কৰি আছে, কিন্তু সফল হৈ উঠা নাই । ইজনৰ পিছত সিজন ডাক্টৰক দেখাইছে, ঔষধ-চিকিৎসা সকলো চেষ্টা কৰি আছে । নিজে বিশেষ নাভৱিলেও ঘৰৰ মানুহৰ মুখত বু-বা কথা ওলাই থাকে সিহঁতক লৈ । মানসিক ভাৱে অলপ ভাগি পৰিছে কৰৱী । সুখেৰে চলি আছিল সিহঁতৰ সংসাৰ খন, কিন্তু কৰবাত যেন অলপ খেলিমেলি লাগিল । আনহাতে ময়ুৰী আৰু ৰাজেশৰ প্ৰথম আৰু দ্বিতীয় সন্তানৰ মাজত বয়সৰ পাৰ্থক্য মাত্ৰ দেৰ বছৰ । সিহঁতৰ পৰিকল্পনা নাছিল কিন্তু অলপ অসাৱধানতাৰ বাবে সিহতে দ্বিতীয় সন্তান গৰ্ভধাৰণ কৰিলে । ময়ূৰীৰো চাকৰি, ৰাজেশো ঘৰত নাথাকে ব্যৱসায়ীৰ বাবে । সকলো মিলি কিবা যেন অলপ শেষ নোহোৱা ভাগৰ ।

            বলোৰাম খুৰাক আমি সৰুৰ পৰাই দেখিছোঁ । আমাৰ কাষৰ গাঁৱখনতে ঘৰ । দিন হাজিৰা কৰি চলে সৰু পৰিয়ালটো । বিশ্বাসী মানুহ, কেতিয়াবা কাৰোবাৰ ৰাতি ঘৰ ৰখিবলগীয়া হলেও বলোৰাম খুৰাৰ হাতত ঘৰৰ চাবি-কাঠি দি থৈ যায় । সকলোৰে চিনাকী বলোৰাম খুৰাৰ ঘৰত হঠাৎ এদিন কিবা হেনো কোৰ্টৰ ন’টিছ আহিল । খুৰাৰ ঘৈণীয়েক হেনো সন্দেহযুক্ত বিদেশী মানে ‘ডি’ ভোটাৰ । জাননীখন পাই এতিয়া উকিল-কোৰ্ট দৌৰি আছে । ধাৰ-ঋণ বাঢ়ি গৈছে । বলোৰাম খুৰাৰ ঘৈণীয়েক ভাৰতীয় নে বিদেশী নাজানো, কিন্তু তেওঁৰ বাবে এইটো এটা বৃহৎ সমস্যা । তেওঁৰ মতে খুৰী সম্পূৰ্ণ ভাৰতীয় নগৰিক । খুৰাই এতিয়া কি কৰিব কি নকৰিব ভাৱি হাবাথুৰি খাইছে ।

           

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…