সেয়া ২০১৯ চনৰ কথা, ফনী নামৰ যে ঘূৰ্ণিবতাহ আহিছিল সিদিনা ৰাতি ঘৰৰ পৰা ১০০ কি:মি: দূৰত্ব অতিক্ৰম কৰি মোৰ ৫ দিন বয়সৰ সদ্যজাত ল’ৰাটো গুৱাহাটীৰ হেলথ ছিটি হস্পিটালৰ আই চি ইউত ভৰ্তি কৰালো। ডাক্তৰে প্ৰথমতে কলে হিম’গ্লবিনৰ পৰিমাণ কম আছে, ভাল হৈ যাব। তাৰ কন্দা-কটাটো দূৰৰ কথা মাত এটাও নাই। নাকেৰে পাইপ ভৰাই খাদ্য দিছে, অক্সিজেন মাস্ক মাজে মাজে দিছে, হাত ভৰি লৰচৰ কৰা নাই। নিজৰ সদ্যজাত পুত্ৰক এনে অৱস্থাত দেখি মাক-বাপেকৰ কি অৱস্থা সেয়া চাগে বুজিপোৱাজনে অণুমান কৰিব পাৰিছে। ডাক্তৰে কৈছে ভাল হৈ যাব, কিন্তু তিনিদিন গ’ল চাৰিদিন গ’ল এসপ্তাহ হ’ল কোনো উন্নতি হোৱা নাই। ডাক্তৰ এজনৰ পিছত আনজন আহিছে- লগ হৈ কথা পাতিছে – আমি কেৱল দৰ্জাৰ ফুটাৰে দেখা পাই থাকো প্ৰায় নিথৰ সদ্যজাত শিশুটিক। মাকৰ গাখীৰ পাম্প কৰি উলিয়াই চামুচেৰে মুখত দিয়ে, কিন্তু কান্দোনো নাই, লৰচৰো নাই। এদিন ডাক্তৰে মাতি নি ক’লে- তেওঁলোকে নিজৰ সকলো চেষ্টা কৰিছে, তেওঁলোকৰ হাতত বেলেগ কোনো ৰাষ্টা নাই। হিচাপ মতে দুই-তিনিদিনৰ ভিতৰত ঠিক হৈ উঠিব লাগিছিল কিন্তু কেঁচুৱাটোৰ একো প্ৰগ্ৰেছ হোৱা নাই বা একো যোগাত্মক পৰিৱৰ্তন দেখা নাই। মাকৰ গাখীৰো নাখাই-হাত ভৰিও লৰচৰ নকৰে। যিমান যি পৰীক্ষা কৰিব দিছে কৰিছো। ডাক্তৰে মোক মাতি নি কেঁচুৱাটোৰ কথা ক’লে, যিমান যি পৰীক্ষা-নিৰীক্ষা কৰিব লাগে, সেয়া কৰা হ’ল, অসমৰ বাহিৰতো তেজৰ নমুনা পঠিয়াই পৰীক্ষা কৰা হ’ল। কেঁচুৱাটো হয়তো গোটেই জীৱন ‘লেঠাৰ্জিক’ হৈ থাকিব, যিটো হেনো জন্মগত ভাৱে পাইছে। আমি মেডিকেলৰ ভাষা নুবুজিলো, কিন্তু বুজি উঠিলে যে সি আৰু সুষ্ঠ হৈ নুঠিব। ডাক্তৰক সুধিলো- এতিয়া কি কৰিম। ডাক্তৰজনে ক’লে- এতিয়া সকলো ভগৱানৰে ইচ্ছা, আমি চেষ্টা কৰি আছো। কি কৰিম- নাজানো, বেলেগ হস্পিটালত লৈ যাওঁ নে যি হয় ঘৰলৈ লৈ যাওঁ, হস্পিটালৰ বিলো বাঢ়ি আছে। ঘৰতো কথাবোৰ জনাই আছো। পিছদিনাখন মায়ে ভাইটিৰ হাতত বেজ এগৰাকীৰ পৰা ৰক্ষাকৱচ এডাল দি পঠিয়াইছে, অলপ নিয়ম কৰি পিন্ধাই দিব লাগে আৰু ভাইবোৱাৰী জনীয়েও মন্দিৰ এটাৰ পৰা নিৰ্মালি লৈ আনিছে। ইপিনে আই,চি,ইউ ত সোমাব নিদিয়ে। বুদ্ধি কৰি ঘৰ চাফা কৰা মহিলা এজনীৰ দ্বাৰা আই,চি,ইউ ত সোমাই পিছদিনা পুৱা ৰক্ষাকৱচ ডাল গাঠি দিলো তাৰ হাতত, নিৰ্মালিৰ ফোট এটা কপালত দি দিলো আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলো। একো পৰিৱৰ্তন নহ’লে পিছদিনাখন হয়তো আমি কিবা বিকল্প ভাৱিব লাগিব। আমি ৱেইটিং হ’লত ৰৈ আছো- মাকে পাম্প কৰি গাখীৰ উলিয়াই নাৰ্ছক দি আহিব, লগত ভাই-বোৱাৰী জনীও গৈছে। নিশা নটামান বজাত গৈ ১০-১৫ মিনিটত ঘূৰি আহিবলগীয়া মাক যেতিয়া ২-৩ ঘণ্টা পিছত ঘূৰি আহিল তেতিয়া আমি আচৰিত হ’লো। সিদিনাখন ৰাতি কেঁচুৱাটোৱে মাকৰ পৰা নিজে গাখীৰ খালে, অলপ সময় নহয় প্ৰায় দুঘণ্টা ধৰি মাকৰ কোলাত শুই গাখীৰ খালে। ভগৱানাক ধন্যবাদ জনালো, অলপ হ’লেও মুখত স্বস্তিৰ ভাৱ। পিছদিনা ৰাতিপুৱা ৮ মান বজাত ঠিক মই আই চি ইউ ৰ দুৱাৰ গৈ পাইছো- কেঁচুৱাই কান্দি দিলে, মই বাহিৰৰ পৰা শুনিলো। কিযে ভাল লাগিছিল সেয়া হয়তো বুজাজনে বুজি পাব। হাত ভৰিবোৰ লাহে লাহে লৰচৰ কৰিব ধৰিলে আৰু দুপৰীয়ালৈকে ভালদৰে লৰচৰ কৰিলে। সেইদিনাই আবেলি হস্পিটালৰ পৰা ৰিলিজ দিলে। যদিও এই ঘটনাটো কাৰোবাৰ বাবে কাকতলীয়া বা Co-incident মোৰ বাবে সেয়া ঈশ্বৰৰ কৃপাদৃষ্টি। সেয়েহে মই ঈশ্বৰ বিশ্বাস কৰোঁ।
এনেকুৱা ঘটনা আপোনালোকৰ জীৱনতো হয়তো কেতিয়াবা ঘটিছে- ইয়েই জীয়াই থাকিবৰ বাবে এক সাহস দিয়ে। অন্য এটা বাস্তৱ অভিজ্ঞতা লিখিব বিচাৰিছো- মোৰ সৰু ভাইটিৰ বয়স তেতিয়া ২ বছৰ মান, ঠুনুক-ঠানাক কৈ খোজ দিব পৰা হৈছে। মই তেতিয়া দ্বিতীয় নে তৃতীয় শ্ৰেনীত পঢ়ি আছো। বাৰিষাৰ দিনত হঠাৎ সি নোহোৱা হৈ থাকিল, চাৰিওপিনে বিচাৰ খোচাৰ কৰিও বহু সময় ধৰি বিচাৰি নাপালে। বিচাৰ খোচাৰ কৰি থকা প্ৰায় এক ঘণ্টা মানে হ’ল। পৰিয়ালৰে নহয় গাঁৱৰ মানুহবোৰেও বিচাৰ খোচাৰ কৰিব ধৰিল। শেষত সন্দেহবশত বাৰীৰ পিছফালে থকা এটা পানীভৰ্তি খালত নামি যেতিয়া বিচাৰিব ধৰিলে- ককাৰ ভৰিত লাগিল। তাক পানীৰ তলৰ পৰা উঠাই অনা হ’ল। সকলোৱে তাৰ আশা এৰি দিলে, পেটত পানী ভৰি ফুলি আছিল। খুৰাই তাক কান্ধত পেলাই ওচৰতে থকা ডাক্তৰখানালৈ দৌৰিলে, তাৰ মুখেৰে পানী ওলাই আছে, কিন্তু নিথৰপ্ৰায় দেহ। ডাক্তৰে পেটৰ পৰা হেচি হেচি পানী উলিয়ালে। কোৱা শুনো- ডাক্তৰে চেষ্টা কৰি আছিল যদিও ফলাফল ভাল হব বুলি চাগে সিমান আশাবাদী নাছিল। এটা সময়ত তাৰ মুখৰ পৰা এটা মাত ওলাল, ডাক্তৰে কলে- ‘আজি ঈশ্বৰে বচালে’। মই ধৰ্মান্ধ হ’ব নোৱাৰো- মই অন্ধবিশ্বাসীও নহয়, কিন্তু বিশ্বাস কৰো ঈশ্বৰৰ অস্তিত্ব। আপুনি কি নাম দি মাতে সেয়া আপোনাৰ নিজৰ কথা। মন্দিৰত আছে নে মছজিদত ঈশ্বৰ আছে সেয়াও নাজানো, বিশ্বাস কৰো মাথো এটা কথা- এক অদৃশ্য শুভশক্তি বিৰাজমান যাক মই ঈশ্বৰ নাম দিছো।