বহুদিন আগতে ফেচবুকত এটা লিখনি পঢ়িছিলো জীৱবিজ্ঞানৰ ভাষাৰে সুখ কেনেকৈ প্ৰাপ্তি কৰিব পাৰি, লিখনিটো কোনে লিখিছিল আজি মই ভালদৰে মনত পেলাব পৰা নাই। সেই লিখনিটোক আধাৰ হিচাপে লৈ, ইণ্টাৰনেটৰ পৰা অলপ তথ্য সংগ্ৰহ আৰু অধ্যয়ন কৰি লিখিবলৈ চেষ্টা কৰিছো কেনেকৈ আমাৰ শৰীৰত হৰ্মনবোৰে সুখ প্ৰাপ্তিত বা সুখী হোৱাত সহায় কৰে আৰু সেইবোৰ হৰ্মণ কেনেকৈ সক্ৰিয় কৰি ৰাখিব পাৰি তাৰেই এক সংক্ষিপ্ত বাখ্যা আগবঢ়াইছো। মানুহৰ সুখ কেৱল মনোবিজ্ঞানৰ বিষয় নহয়, ই জীৱবিজ্ঞানৰ এক বিষয়। আমাৰ শৰীৰত কিছুমান হৰ্মন থাকে যিয়ে এই সুখ বা দুখ অনুভৱৰ লগত প্ৰত্যক্ষ ভাৱে জৰিত। যিহেতু এই হৰ্মন শৰীৰৰ লগত সম্পৰ্ক থকা, গতিকে ইয়াৰ নিয়ন্ত্ৰন কৰিবলৈ আমাৰ নিজৰ হাতত চাবিপাত থাকে। বিজ্ঞানসন্মত ভাৱে এই হৰমনবোৰ নিজৰ নিয়ন্ত্ৰনত ৰাখিবলৈ কিছুমান ব্যৱস্থাও আছে যি কৰিলে হয়তো আপুনি সুখত থাকিব পাৰিব। মই ব্যক্তিগতভাৱে ইয়াক বিশ্বাস কৰো আৰু ইয়াৰ প্ৰমাণ পাইছো। দামী-গাড়ী, বিশাল অট্টালিকা, সুন্দৰী নাৰী বা সুন্দৰ পুৰুষ, মোটা দৰমহা বা ভৰি থকা পৰিয়াল বা সকলো থাকিও হয়তো আপুনি সদায় সুখী নহয়, কিন্তু আপুনি যদি এই হৰমন কেইটাৰ বিষয়ে বুজি উঠে আৰু নিয়ন্ত্ৰন কৰাৰ কলা আহৰণ কৰি লয়, মই অন্ত:কৰণেৰে বিশ্বাস কৰো আপুনি সুখত থাকিব। জীৱবিজ্ঞানৰ বহুচৰ্চিত এই হৰমন কেইটাৰ নাম হৈছে – ড’পামিন Dopamine), চেৰ’টনিন (Serotonin), অক্সিট’চিন (Oxytocin) আৰু এণ্ড্ৰোফিঞ্চ (Endrophins)। এই লিখনিত হৰমন কেইটাৰ বহুত গভীৰ বৈজ্ঞানিক বাখ্যালৈ নাযাওঁ, কেৱল ইয়াৰ বৈশিষ্ট, প্ৰভাৱ আৰু নিয়ন্ত্ৰন কৰাৰ কলাসমূহৰ ওপৰত এক আলোচনা কৰিম। এই হৰমন চাৰিটাক সুখৰ হৰমন বা Happy Hormone বুলি জনা যায়।
ড’পামিন হৰমনটোক সুখানুভূতিৰ হৰমন বা Feel Good হৰমন বুলিও জনা যায়। এই হৰমনটোৱে মগজু আৰু স্নায়ুকোষৰ মাজত বাৰ্তাবাহী হিচাপে কাম কৰে। মানুহৰ সন্তুষ্টি- অসন্তুষ্টি, হতাশাগ্ৰস্ততা (Depression) বা বিষাদগ্ৰস্ততা এইটো হৰমনৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া শৰীৰত ড’পামিনৰ উৎপাদন কমি যায়, তেতিয়া মানুহৰ হতাশা বাঢ়ি যায়। অকল ড’পামিন হৰমন অৱশ্যে ইয়াৰ বাবে দায়ী নহয়, চেৰ’টনিন নামৰ হৰমনবিধো শৰীৰত কমি গলে মানুহক হতাশগ্ৰস্ততা বা আনন্দহীনতাই দেখা দিয়ে। ড’পামিন হৰমন শৰীৰত প্ৰচুৰ পৰিমাণে উৎপাদন কৰিবলৈ কিছুমান কাম কৰিব পাৰি। আপুনি যদি বন্ধু- বান্ধৱ বা পৰিয়ালৰ মানুহৰ লগত প্ৰাণ খুলি হাঁহিব পাৰে, তেন্তে শৰীৰত এইবিধ হৰমন উৎপাদন হয়। ইয়ে আপোনাক চাপমুক্ত বা মানসিক অশান্তিৰ পৰা মুক্তি দিব। আপোনাক যদি কোনোবাই আপুনি ভাল পোৱা খাদ্য বনাই খুৱাই বা আপুনি নিজৰ পছন্দ মতে খাদ্য বনাই নিজে খাই আৰু আনকো খুৱাই যাক আপুনি ভাল পাই বা মৰম কৰে তেনেবোৰ কৰ্মই শৰীৰত ড’পামিন নিৰ্গত হোৱাত সহায় কৰে। সংগীতৰ শৰীৰৰ ওপৰত বিশেষ প্ৰভাৱ থাকে। আপুনি মাজে মাজে মৃদুস্বৰত গান শুনক অথবা কেৱল বাদ্যসংগীত (Instrumental) শুনক যিয়ে আপোনাক কিছু পৰিমাণে শান্তি দিয়ে। এনেবোৰ সংগীতে মানুহৰ শৰীৰত ড’পামিন হৰমন নিৰ্গমন হোৱাত সহায় কৰে। ৰাতিৰ টোপনি যদি আপোনাৰ ভাল নহয় বা নিয়মীয়া নহয় তেন্তে আপোনাক ই অসুখী কৰিব পাৰে কাৰণ টোপনি ক্ষতি হলে শৰীৰত ড’পামিনৰ পৰিমান কমি যায়। সেয়েহে চেষ্টা কৰক ৰাতিৰ টোপনি যাতে গভীৰ আৰু নিয়মীয়া হয়, যিসকলে বিভিন্ন পেছাগত কাৰণত ৰাতিৰ টোপনি মাৰিব নোৱাৰে তেওঁলোকে চেষ্টা কৰক টোপনিটো যাতে নিয়মীয়া হয় বিশেষকৈ শুৱা সময় আৰু টোপনিৰ পৰা উঠা সময়। যদি সেইটোও মিলাব দিকদাৰ অতিৰিক্ত টোপনি মাৰি হলেও টোপনিটো সম্পূৰ্ণ কৰিব লাগিব, ন’হলে ই লাহে লাহে মন আৰু শৰীৰ দুয়োটাকে বিষাদগ্ৰস্ত কৰি তুলিব। আপুনি আনৰ কামৰ প্ৰশংসা কৰক, কিন্তু ঠাট্টা বা উপলুঙা নকৰিব ই আপোনাৰ লগতে আনজনৰো ক্ষতি কৰিব। কমেডি চিনেমা বা খুহুতীয়া ভিডিঅ’ চাওঁক , কামৰ মাজে মাজে অলপ জিৰণি দিয়ক নিজকে, নিজ উপাৰ্জনেৰে দুই-এপদ বস্তু কিনক আপুনি সুখ অনুভৱ কৰিব (অৱশ্যে অবৈধ উপাৰ্জনেৰে আপুনি কিবা কিনিলে আপুনি সেই সুখটো নাপাব বা ড’পামিন হৰমন নিৰ্গমন নহ’ব। )। শৰীৰত ড’পামিন হৰমনৰ পৰিমাণ কমি গ’লে নিচাজাতীয় বস্তু বা জুৱা আদিৰ প্ৰতি আসক্তি বাঢ়ে।
চেৰ’টনিন হৰমনে আমাৰ মেজাজ (Mood), টোপনি, টেনশ্যন আদি নিয়ন্ত্ৰন কৰে। শৰীৰত এইবিধ হৰমনৰ পৰিমান কমি গ’লে মানুহৰ টেনশ্যন বাঢ়ি যায় বা মেজাজ বেয়া হৈ থাকে বা যৌন আসক্তি কমি যায়। শাৰিৰীক কৰ্ম, ব্যায়াম বা ঘৰৰ বাহিৰত ওলাই কাম-কাজ কৰিলে চেৰ’টনিন হৰমন শৰীৰত বৃদ্ধি পাই। ব্যায়াম- যোগভ্যাস আদি কৰিলে চেৰ’টনিনৰ লগতে এণ্ড্ৰোফিঞ্চ আৰু ড’পামিন হৰমনো নিৰ্গত হয়। ব্যায়াম কিন্তু অকলে ঘৰৰ ভিতৰত কৰাতকৈ মুকলি ঠাইত আৰু একেলগে বহুতৰ লগত কৰিলে সৰহকৈ এই হৰমনবিধ উৎপন্ন হয়। সূৰ্য্যৰ পোহৰত কাম কৰিলে চেৰ’টনিন বৃদ্ধি হয় বুলি কোৱা হয়। যিদৰে মৃদুস্বৰত গান শুনিলে মগজুত ড’পামিন উৎপন্ন হয় আৰু যদি সংগীতটো আপুনি উপভোগ কৰে তেন্তে শৰীৰত চেৰ’টনিন উৎপন্ন হয় ফলত আপোনাৰ মেজাজটো ভাল হৈ যায় আৰু আপুনি সুখ অনুভৱ কৰে। আপুনি যদি কাৰোবাক ইচ্ছাকৃত ভাৱে সহায় আগবঢ়াই ই আৰ্থিকো হ’ব পাৰে বা অন্যধৰণেও হ’ব পাৰে তেন্তে শৰীৰত ড’পামিন, চেৰ’টনিন আৰু অক্সিট’চিন উৎপন্ন হয় আৰু মানুহজনক সুখানুভুতি দিয়ে। সেইবাবে চাগে বেদ-কোৰাণ-বাইবেল আদি ধৰ্মগ্ৰন্থ সমূহতো দানৰ মহত্বৰ কথা উল্লেখ আছে, ই অৱশ্যেই স্ব-ইচ্ছাই দিয়া দান হ’ব লাগিব। কাৰোবাক যদি আপুনি কিবা ধৰণে অলপ সহায় কৰি দিব পাৰে আপুনি ভাৱিব নোৱাৰাকৈ সুখ অনুভৱ কৰিব। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাও মই ন দি ক’ব পাৰো শ্ৰদ্ধাসহকাৰে কৰা দান আৰু আনক কৰা উপকাৰ বা সহায়ৰ পৰা শৰীৰত চেৰ’টনিন হৰমন উৎপন্ন হয় যিয়ে আপোনাক মানসিক অৱসাদৰ পৰা আতৰত ৰাখে।
এণ্ড্ৰোফিঞ্চ হৰমনক প্ৰাকৃতিক বিষনাশক ( Natural Painkiller) বুলিও জনা যায়। শৰীৰৰ অংগ প্ৰত্যংগ চলাচল কৰি যদি বুকুৰ ঢপঢপনি যদি বঢ়াব পৰা যায় তেন্তে এইবিধ হৰমন নিৰ্গমন হয়। সাধাৰাণতে ব্যায়াম, খেলা-ধূলা, প্ৰাণোচ্ছল হাঁহি, খুহুতীয়া ভিডিঅ’, নাটক আদি চাই বুকুৰ ঢপঢপনি বঢ়াব পাৰি। নাৰী-পুৰুষৰ যৌন সংগম বা শাৰিৰীক মিলনৰ সময়তো এইবিধ হৰমন নিৰ্গত হয় আৰু সুখানুভূতি লাভ কৰে যদি দুয়োজনে সহযোগিতা কৰে। এণ্ড্ৰোফিঞ্চ হৰমন শৰীৰত কমি নাযাবলৈ বা নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ আপুনি দৈনিক আধাঘণ্টা মানকৈ ব্যায়াম কৰক, খেলা-ধূলা কৰক, মাটি আৰু ঘাঁহ গচকিব চেষ্টা কৰক, ই আপোনাক চাপমুক্ত আৰু সজীৱ কৰি ৰাখিব।
চতুৰ্থটো হৰমন হ’ল অক্সিট’চিন, ইয়াক প্ৰেমৰ হৰমন (Love Hormone) বুলিও কোৱা হয়। এইবিধ হৰমনে মানুহৰ প্ৰেমভাৱ, বন্ধন বা শুভাকাংখী হোৱাৰ মনোভাৱ জগাই তোলে। এগৰাকী মানহু- পুৰুষেই হওঁক বা নাৰীয়েই হওঁক সকলোৱে বিচাৰে এটা প্ৰেমৰ অনুভূতি য’ৰ পৰা পাই জীয়াই থকাৰ প্ৰেৰণা আৰু শক্তি। সাধাৰণতে শৰীৰৰ লগত হোৱা স্পৰ্শই এই হৰমন নিৰ্গমনত সহায় কৰে। আপুনি কাৰোবাক যদি হেণ্ডশ্বেক কৰে, আলিংগন কৰে, চুমা খাই তেন্তে ই আপোনাক এক বান্ধোনেৰে বান্ধি পেলাই আৰু সুখানুভূতি দিয়ে। মাকে যেতিয়া নিজৰ কেচুৱাটোক বুকুত আকোৱালি লয়- মাক আৰু কেচুৱা দুয়োজনে এক শক্তি আৰু সুখ লাভ কৰে, প্ৰেমিক-প্ৰেমিকাই যেতিয়াই এজনে আনজনক সাৱতি চুমা খাই বা স্বামী-স্ত্ৰীয়ে যেতিয়া এজনে আনজনক নিবিড়ভাৱে সাৱতি ধৰি শাৰিৰীক সম্বন্ধ স্থাপন কৰে তেতিয়া অক্সিট’চিন হৰমন নিৰ্গত হয়। ঠিক তেনেদৰে ঈদৰ দিনা যেতিয়া এজনে আনজনক আন্তৰিকতাৰে আলিংগন কৰে বা বন্ধুৱে বন্ধুৰ কান্ধত হাত থৈ আদ্দা দিয়ে তেতিয়া শৰীৰত অক্সিট’চিন হৰমনৰ পৰিমান বাঢ়ি যায় আৰু আপোনাক এক প্ৰেম-মৰম ভাৱ আনি দিয়ে। ইয়ে আপোনাক বেয়া কাম কৰিবলৈ বাধা দিব আৰু জীয়াই থকাৰ অযুত আশা দিব। ওপৰত আলোচনা কৰা চাৰিটা হৰমন, সুখৰ বৈজ্ঞানিক ভিত্তি হিচাপে প্ৰমাণিত হৈছে। আপুনি ইচ্ছা কৰি নিয়ন্ত্ৰন কৰিব পাৰে এনে হৰমন সেয়েহে আপুনি বিশ্বাস কৰক আপোনাৰ সুখৰ মূল চাবিপাত আপোনাৰ নিজৰ লগতে আছে।