গাড়ীৰ পৰা চাইকেলত ধৰিছো, এলোপেথিক ঔষধ এৰি হাৰ্বেল ঔষধ খাইছো, ইংৰাজীত নহয় মাতৃভাষাত কথা কৈ গৌৰৱ কৰিছো, ৰাসায়নিক সাৰ বাদ দি জৈৱিক সাৰ প্ৰয়োগ কৰিছো, গাজৰ-বিলাহীত কৈ কচু-ঢেকীয়াত জুটি পাইছো, লেট-নাইট সোনকালে সামৰি প্ৰাত: ভ্ৰমণৰ মজা লৈছো, বেছিদিন নাই আমি কম- চহৰৰ ফ্লেট এৰি গাঁৱত মাটি কিনিছো । পৃথিৱীখন চাগে অলপ সোঁতৰ বিপৰীতে চলিব আৰম্ভ কৰিছে । উন্নত দেশ সমূহত ইতিমধ্যেই এনেকুৱা ট্ৰেণ্ড আৰম্ভ হৈছে, উন্নয়নশীল দেশ সমূহতো চাগে পৰৱৰ্তী ২০-২৫ বছৰত এনেকুৱা দিন আৰম্ভ হ’ব । লকডাউনৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বহুতে চাইকেল চলাব আৰম্ভ কৰিছে আৰু এই সংখ্যা লাহে লাহে বাঢ়িব ধৰিছে, ঠিক তেনেদৰে আজিকালি থলুৱা কচু, কলডিল, কোমোৰাকে আদি কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা পাচলিৰ চাহিদাৰ্বৃদ্ধি পাইছে । মৰ্নিং-ৱাক কৰা মানুহৰ সংখ্যাও লাহে লাহে বাঢ়িব ধৰিছে আৰু মানুহবোৰ স্বাহ্যসচেতন হোৱাটো বহুত প্ৰয়োজনীয় হৈ পৰিছে । সেয়েহে কৈছো চহৰত ফ্লেট কিনক, কিন্তু গাঁৱৰ মাটি বিক্ৰী নকৰিব, নহ’লে এদিন অনুতাপ কৰিব লাগিব; বিদেশী ভাষা শিকক, কিন্তু মাতৃভাষাক বাদ দি নহয়; দামীতকৈ দামী গাড়ীখন কিনক, কিন্তু খোজকাঢ়িবলৈ নেৰিব।
Related Posts
ছহিদ গংগা কলিতা
আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁৱৰ স্বৰ্গীয় তাৰানাথ…
Be the Master of Technology, Not the Slave of it
“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ
এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত
মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…